বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ ৯৫ সংখ্যক স্থানত আছে গুৱাহাটী

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
বিশ্বৰ অন্যতম প্রদূষিত দেশ হিচাপে স্বীকৃত হৈছে ভাৰত। ছুইজাৰলেণ্ডৰ ‘আইকিউ এয়াৰ’-এ প্ৰকাশ কৰা যোৱা বছৰৰ তথ্যভিত্তিক 'ৱৰ্ল্ড এয়াৰ কোৱালিটী ৰিপৰ্টত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰত এতিয়া বিশ্বৰ অষ্টমসংখ্যক বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশ। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ তালিকাত ভাৰত আছিল ২১ সংখ্যক স্থানত। কেৱল এয়ে নহয়, বিশ্বৰ ১৩১ খন ৰাষ্ট্ৰৰ ৭,৩০০ খন চহৰত কৰা প্ৰদূষণৰ জৰীপত প্রকাশ পাইছে যে তালিকাৰ প্ৰথম ৫০ খন প্ৰদূষিত চহৰৰ মাজত আছে অসমৰ গুৱাহাটীসহ ভাৰতৰ ৩৯ খন চহৰ। 
 
পাকিস্তানৰ লাহোৰ, চীনৰ জিনজিয়াং হোটান চহৰৰ পিচতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে ক্ৰমে তৃতীয় আৰু চতুর্থ স্থান দখল কৰিছে ভাৰতৰ ভিৱাণ্ডি আৰু দিল্লী মহানগৰে। দিল্লীৰ কাষৰীয়া গুৰুগ্ৰাম, নয়ডা, গাজিয়াবাদ আৰু ফৰিদাবাদৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে। এইসমূহ মহানগৰৰ পি এম ২.৫ হ্ৰাস পাইছে আৰু দিল্লীত পূৰ্বৰ তুলনাত প্ৰদূষণ ৮ শতাংশ কমিছে। তৎসত্ত্বেও এই চহৰসমূহৰ প্ৰদূষণৰ তীব্ৰতা এতিয়াও যথেষ্ট বেছি। 
 
পাটনাই দশম স্থান, গাজিয়াবাদে একাদশ স্থান, ধাৰুহেৰাই দ্বাদশ স্থান, চাপ্ৰাই চতুর্দশ স্থান, মুজাফৰনগৰে পঞ্চদশ স্থান, গ্রেটাৰ নয়ডাই সপ্তদশ স্থান, বাহাদুৰগড়ে অষ্টাদশ স্থান, ফৰিদাবাদে ঊনবিংশ স্থান আৰু মুজাফৰপুৰে বিংশ স্থান লাভ কৰিছে। তালিকাৰ ৯৫ সংখ্যক স্থানত আছে গুৱাহাটী মহানগৰীৰ নাম। 
 
উল্লেখনীয় যে ছুইজাৰলেণ্ডৰ 'আইকিউ এয়াৰ' সংস্থাটোৱে বিশ্বৰ চহৰসমূহৰ প্ৰদূষণৰ মাত্ৰা নিৰ্ণয় কৰিছে বায়ুমণ্ডলত উপস্থিত থকা পদার্থকণা পি এম ২.৫ৰ উপস্থিতিৰ মাত্ৰাৰ ভিত্তিত। ১৩১ খন দেশৰ চৰকাৰী আৰু বেচৰকাৰীভাৱে পৰিচালিত তৃণমূল স্তৰৰ ৩০ হেজাৰোধিক মনিটৰৰ জৰিয়তে পি এম ২.৫ৰ উপস্থিতিৰ তথ্য গ্ৰহণ কৰি জৰীপৰ তালিকাখন প্ৰস্তুত কৰা হৈছে। 
 
পূৰ্বৰ বছৰবোৰৰ তুলনাত ভাৰতত পিএম ২.৫ (পদার্থকণা) মাত্রা ৫৩.৩ মাইক্র গ্রাম/ঘনমিটাৰ নামি আহিছে যদিও এই মাত্রা এতিয়াও বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰাপদ সীমাৰ মাত্ৰাৰ দহগুণ বেছি। ছুইছ প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতত হোৱা বায়ু প্ৰদূষণৰ অৰ্থনৈতিক মূল্য হৈছে ১৫০ বিলিয়ন মার্কিন ডলাৰ। তালিকাত দেশৰ ভিতৰত অসমৰ বুলাই চাহ বাগিচাৰ লগতে উত্তৰ গুৱাহাটীয়ে ১২০ সংখ্যক স্থান আৰু ডিগবৈয়ে ৭.২৯৪ সংখ্যক স্থান লাভ কৰিছে। 
 
ভাৰতৰ চহৰসমূহৰ মাজত কৰা তুলনাৰ তালিকাত গুৱাহাটীয়ে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে ৬৪ সংখ্যক স্থান, উত্তৰ গুৱাহাটীয়ে ৭৪ সংখ্যক স্থান আৰু ডিগবৈয়ে ২০১ সংখ্যক স্থান লাভ কৰিছে। চুইছ প্ৰতিবেদনখনৰ মতে, প্ৰদূষণৰ কাৰণ হৈছে কয়লাভিত্তিক উদ্যোগ, কাৰখানা, ইটাভাতা, কলঘৰ, বিদ্যুৎ উৎপাদন প্রকল্প আৰু বায়'মাছ। তদুপৰি পি এম ২.৫ প্ৰদূষণৰ ২০-৩৫ শতাংশৰ কাৰণ হৈছে পৰিবহণ ক্ষেত্ৰৰ পৰা হোৱা প্ৰদূষণ। 
 
ভিন্ন শ্রেণী বিভাগৰ তালিকাত প্ৰদূষিত স্থান হিচাপে দিল্লী আৰু নতুন দিল্লী উভয়ে স্থান লাভ কৰিছে। দিল্লীৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী চহৰ হিচাপে কুখ্যাতি আৰ্জিছে মধ্য আফ্ৰিকাৰ চাদৰ এনজামেনাতে। আন্তৰাষ্ট্ৰীয় তালিকাত সর্বাধিক প্ৰদূষিত দেশ হিচাপে চাদে প্রথম স্থান লাভ কৰাৰ পিচত, ইয়াৰ পিচত একাদিক্রমে স্থান লাভ কৰা দেশকেইখন হৈছে ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বার্কিনা ফাছো আৰু কুৱেইট। ইয়াৰ পিচতে অষ্টম স্থানত আছে ভাৰত। ভাৰতৰ পিচত ক্রমে নৱম আৰু দশম স্থানত আছে ইজিপ্ত আৰু তাজিকিস্তান।