আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱা সম্ভাৱনা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
ৰাজ্যত পৰৱৰ্তী তিনি-চাৰি দিনৰ বাবে ধাৰাসাৰ বৰষুণ হোৱা সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। বিভাগটোৰ মতে, ১৫-১৮ মাৰ্চৰ ভিতৰত ৰাজ্যখনত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
 
উল্লেখ্য যে, কেইদিনমান পূৰ্বে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে (চিএমডি) এক তথ্য জাৰি কৰি কয় যে অসমত ৭৬ শতাংশ  বৰষুণ হ্ৰাস পাইছে। জানুৱাৰী-ফেব্ৰুৱাৰীত হোৱা বৰষুণ স্বাভাৱিকতকৈ প্ৰায় ৭৬ শতাংশ কম আছিল। 
 
তদুপৰি, অসমৰ কেইবা ঠাইতো বৰষুণৰ হাৰ ১০০ শতাংশ হ্ৰাস পাইছে। কেৱল অসমতে নহয়, অৰুণাচল প্ৰদেশত ৫৩ শতাংশ, মণিপুৰত ৯৯ শতাংশ, মেঘালয়ত ৯৯ শতাংশ, মিজোৰামত ১০০ শতাংশ, নাগালেণ্ডত বৰষুণৰ হাৰ ১০০ শতাংশ আৰু ত্ৰিপুৰাত বৰষুণৰ হাৰ ১০০ শতাংশ হ্ৰাস পাইছে।