গুৱাহাটী
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী তথা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নলিনী বৰুৱাৰ দেহাৱসান৷ ৯৬ বছৰ বয়সত মঙলবাৰে নিশা প্ৰায় ৮.২৬ বজাত তেজপুৰৰ বাৰহলিয়াস্থিত নিজ বাসভৱনত মৃত্যু হয় আলোকচিত্ৰ শিল্পীগৰাকীৰ। মৃত্যুৰ পূৰ্বে দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল বিশিষ্ট শিল্পীগৰাকী।
আলোকচিত্ৰৰ জৰিয়তে নলিনী বৰুৱাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য, লোকজীৱন, জনজাতীয় সংস্কৃতি আৰু সামাজিক ৰূপান্তৰৰ এক অনন্য দলিল বিশ্ব মঞ্চলৈ আগবঢ়াইছিল। তেওঁৰ লেন্সত আৱদ্ধ প্ৰতিটো দৃশ্য কেৱল এক চিত্ৰয়ে নহয়, বৰং সময়ৰ ইতিহাস হিচাপে পৰিগণিত হৈছে৷ সাধাৰণ মানুহৰ জীৱনধাৰা, উৎসৱ-পাৰ্বন আৰু প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক তেওঁৰ আলোকচিত্ৰৰ মুখ্য বিষয় আছিল।
নলিনী বৰুৱাৰ আলোকচিত্ৰ বহু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত স্থান লাভ কৰাৰ লগতে দেশ-বিদেশৰ প্ৰতিষ্ঠিত আলোচনী আৰু গ্ৰন্থত প্ৰকাশ হৈছিল। অসমীয়াৰ সাংস্কৃতিক পৰিচয় বিশ্ব দৰবাৰত উজ্বলাই তোলাত তেওঁৰ অৱদান বিশেষভাৱে স্মৰণীয়।
সহজ-সৰল জীৱনধাৰা, কঠোৰ শ্ৰম আৰু শিল্পৰ প্ৰতি থকা অগাধ নিষ্ঠাই নলিনী বৰুৱাক সফলতাৰ অনন্য শিখৰলৈ লৈ গৈছিল। বহু নবীন আলোকচিত্ৰ শিল্পীৰ বাবে তেওঁ আছিল আদৰ্শ, প্ৰেৰণা আৰু পথ প্ৰদৰ্শক। অসমৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নলিনী বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভা বঁটাকে ধৰি আন বহু সন্মান লাভ কৰিছিল।
বৰুৱাৰ বিয়োগত ৰাজ্যৰ শিল্পী, সাহিত্যিক, সাংস্কৃতিক কৰ্মীসকলৰ লগতে সাধাৰণ ৰাইজেও গভীৰ শোক প্ৰকাশ কৰে। বিভিন্ন সংগঠনে শোকসভা অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কৰ্ম চিৰস্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে।
বৰুৱাৰ পুত্ৰ মাধুৰ্য বৰুৱাই কয়, "বুধবাৰে সকলোৰে উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷ বিগত সময়ছোৱাত তেজপুৰৰ নেম হাস্পতালত চিকিৎসাধীন হৈ দেউতাই ইহসংসাৰৰ পৰা বিদায় মাগিলে।"
নলিনী বৰুৱাৰ দেহাৱসান ঘটিলেও তেওঁ তোলা আলোকচিত্ৰসমূহে অসম তথা বিশ্ব শিল্প-সংস্কৃতিৰ আকাশত চিৰদিন ভোটাতৰা হৈ জিলিকি থাকিব।