মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী; কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদা উপ মুখ্যমন্ত্ৰী হ’ব

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
মোহন চৰণ মাঝি, কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদা
মোহন চৰণ মাঝি, কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদা
ভুৱনেশ্বৰ

চাৰিবাৰৰ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি মঙলবাৰে ঘোষণা কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

৫২ বছৰীয়া নেতাগৰাকী উপকূলীয় ৰাজ্যখনৰ এজন বিশিষ্ট জনজাতীয় মুখ। কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদা উপ মুখ্যমন্ত্ৰী হ’ব।

মাইক্ৰ’ব্লগিং চাইট এক্সত এটা পোষ্টত ৰাজনাথ সিঙে কয়, "শ্ৰদ্ধাৰ মোহন চৰণ মাঝিক সৰ্বসন্মতিক্ৰমে ওড়িশা বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰি আনন্দিত হৈছো। তেওঁ এজন যুৱ আৰু গতিশীল দলীয় কৰ্মকৰ্তা যিয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে প্ৰগতি আৰু সমৃদ্ধিৰ পথত ৰাজ্যখনক আগুৱাই নিব।"

"লগতে নতুন ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে দুজন উপ-মুখ্যমন্ত্ৰী নিযুক্ত দিয়া হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। শ্ৰী কে ভি সিং দেও আৰু শ্ৰীমতী প্ৰৱতী পৰিদাই উপ-মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ সেৱা আগবঢ়াব। তেওঁলোকক অভিনন্দন!" সিঙে নিজৰ পোষ্টত আৰু কয়।
মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মোহন মাঝিয়ে কয়, "বিগত ২৪ বছৰৰ চৰকাৰ সলনি হৈছে। জনসাধাৰণে নিজৰ সপোন পূৰণৰ বাবে আৰু বিজেপিত যি বিশ্বাস দেখুৱাইছে, সেই বিশ্বাস আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। ওড়িশাক দেশৰ এক নম্বৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছো।"

ইয়াৰ পূৰ্বে ওড়িশাৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপি বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হয়। সভাত ৰাজনাথ সিং আৰু তেওঁৰ কেবিনেট সতীৰ্থ ভূপেন্দৰ যাদৱ উপস্থিত থাকে।

কেওনঝাৰ বিধানসভাৰ আসনৰ পৰা ৮৭ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত মোহন চৰণ মাঝিয়ে নিৰ্বাচনত জয়লাভ কৰে। তেওঁ বিজু জনতা দলৰ মিনা মাঝি আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰতিভা মাঞ্জাৰী নাইকক পৰাস্ত কৰে।

বিজেপিৰ সূত্ৰ অনুসৰি অহা ১২ জুনত সন্ধিয়া ৫ বজাত মাঝি আৰু অন্যান্য নেতাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দুপৰীয়া ২.৩০ বজাত ভুৱনেশ্বৰত উপস্থিত হৈ বিমানবন্দৰৰ পৰা ৰাজভৱনলৈ আগবাঢ়িব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

বিজেপি শাসিত ৰাজ্যসমূহৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।