নতুন দিল্লী
প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ পৰা 'চেৰী' ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ চুপাৰ মাৰ্কেটত বিক্ৰীৰ বাবে ৰপ্তানি কৰা হৈছে। যিয়ে কেন্দ্ৰীয় শাসিত অঞ্চলৰ জম্মু এণ্ড কাশ্মীৰৰ পৰা কৃষি ৰপ্তানিৰ যুগৰ সূচনা কৰিছে।
ভাৰতৰ দূতাবাসে কৰা এক টুইট অনুসৰি, নতুন দিল্লীৰ পৰা অহা প্ৰথমটো ৰপ্তানি ৰিয়াদৰ লুলু চুপাৰ মাৰ্কেটত মুকলি কৰা হৈছে। ৰিয়াদৰ লুলু চুপাৰমাৰ্কেটৰ অনুষ্ঠানৰ কিছুমান ছবি ৰিয়াদত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে।
এই কাৰ্যসূচীয়ে কাশ্মীৰৰ উদ্যান শস্য খণ্ডক উন্নয়ন দিশত আগুৱাই নিছে। যিয়ে ভাৰতৰ অন্যান্য অঞ্চলত উৎপাদিত নোহোৱা বিভিন্ন ধৰণৰ ফল-মূলৰ বিদেশত ৰপ্তানিৰ বাবে যোগান ধৰিছে।
ভাৰ্চুৱেল উদ্ধোধন অনুষ্ঠানত সভাপতিত্ব কৰিছে কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অভিষেক দেৱ, লুলু গ্ৰুপৰ চেলেম এম এ আৰু জম্মু-কাশ্মীৰ এপেডাৰ জ্যেষ্ঠ বিষয়াসকলে।
সতেজ চেৰীৰ এই উদ্বোধনী ৰপ্তানি সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰবলৈ কৰা হৈছে। যাৰ ফলত কাশ্মীৰী উদ্যান শস্যৰ সামগ্ৰীৰ বাবে এক গাঁথনিগত বিশ্বব্যাপী ৰপ্তানিৰ শৃংখলাৰ আৰম্ভণি হৈছে।
এই উন্নয়নক কৌশলগত পদক্ষেপ বুলি অভিহিত কৰি অভিষেক দেৱে কয় যে, উপসাগৰীয় অঞ্চললৈ এই বাণিজ্যিক ৰপ্তানি কেৱল বাণিজ্যিক লেনদেনে নহয়, ই জম্মু-কাশ্মীৰৰ সমগ্ৰ উদ্যান শস্যৰ মূল্য শৃংখলৰ বাবে এক প্ৰতীকী উন্নয়ন। আমাৰ কৃষকসকলক বিশ্বব্যাপী গুণগত মান আৰু লজিষ্টিক মানদণ্ড পূৰণ কৰিবলৈ সক্ষম কৰা আন্তঃগাঁথনি আৰু সামৰ্থ্য গঢ়ি তোলাৰ বাবে এপেডা সদায়ই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
কাশ্মীৰৰ বাগিচাৰ পৰা নিখুঁতভাৱে চপোৱা ৰসাল চেৰীৰ এই ৰপ্তানি কৰিছিল স্থানীয় কৃষি উদ্যোগী আৰু ৰপ্তানিকাৰক ইঝানে। ইঝানে কয় যে, ইয়াৰ সজীৱ ৰং, চহকী সোৱাদ আৰু প্ৰাকৃতিক পুষ্টিকৰ মূল্যৰ বাবে কাশ্মীৰী চেৰীয়ে বিশ্বৰ বজাৰত নিখুঁতভাৱে স্থান লাভ কৰিছে। ফলটোৰ গুণগত মান আৰু গ্ৰাহকৰ আকৰ্ষণ দুয়োটা দিশতে প্ৰতিযোগিতামূলক প্ৰান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
এই ৰপ্তানিয়ে জম্মু-কাশ্মীৰৰ পৰা আপেল, আখৰোট, কেশৰকে ধৰি অন্যান্য উচ্চমানৰ ফলৰ খেতিয়কসকলৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। কৃষক উৎপাদক সংস্থা (এফ পি অ’) আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উদ্যান শস্য বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে এই চেৰীসমূহৰ উৎস আহৰণ কৰা হৈছিল।
এপেডাৰ জেনেৰেল মেনেজাৰ বিনিতা সুধাংশুৱে কয়, "কাশ্মীৰি চেৰীৰ উচ্চমানৰ গুণগত মান আৰু সোৱাদৰ বাবে ৰপ্তানিৰ সম্ভাৱনা অতুলনীয়। এই পদক্ষেপটি উচ্চ মূল্যৰ বজাৰসমূহৰ সৈতে বৈশিষ্ট্যমূলক আঞ্চলিক উৎপাদনক লৈ ভাৰতৰ কৃষি ৰপ্তানি গতি বৃদ্ধিৰ আমাৰ বিস্তৃত দৃষ্টিভংগী সৈতে মিল আছে।"
কাশ্মীৰৰ বাগিচাৰ পৰা নিখুঁতভাৱে চপোৱা ৰসাল চেৰী
উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি) দেশসমূহত উল্লেখযোগ্য উপস্থিতি থকা মধ্যপ্ৰাচ্যৰ অন্যতম বৃহৎ খুচুৰা শৃংখল লুলু গ্ৰুপে বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বিষয়াসকলে নিশ্চিত কৰিছে যে, এই চেৰীসমূহ চৌদি আৰব আৰু ইউ এ ইৰ লুলুৰ প্ৰিমিয়াম খুচুৰা বিপণীসমূহত উপলব্ধ হ’ব। যাৰ ফলত অঞ্চলটোত সতেজ আৰু বিদেশী ফলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰা হয়।
এই চেৰীৰ ৰপ্তানি সফল প্ৰেৰণে জম্মু-কাশ্মীৰৰ পৰা আপেল, আখৰোট, কেশৰকে ধৰি অন্যান্য উচ্চমানৰ ফলৰ বাবে এক স্থায়ী ৰপ্তানিৰ আৰ্হি হিচাপে পৰিগণিত হ’ব বুলি অংশীদাৰসকলে আশা কৰা কামটোৰ আৰম্ভণি ঘটায়। ইয়াৰ উপৰিও সমগ্ৰ ভাৰতৰ উত্তৰতম কেন্দ্ৰীয় শাসিত অঞ্চলত কৃষি ৰপ্তানি পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ উদ্যান শস্য বিষয়াই কয় যে, আমি কেৱল ফলমূল ৰপ্তানি কৰা নাই, আমি কাশ্মীৰৰ ব্ৰেণ্ডৰ ৰপ্তানি কৰিছো। আমাৰ কৃষকসকলক সবলীকৰণ, কৰ্মসংস্থাপন সৃষ্টি আৰু আমাৰ ভূমিৰ শ্ৰেষ্ঠখিনি বিশ্ববাসীক প্ৰদৰ্শন কৰাৰ দিশত এয়া এক পদক্ষেপ।
৩ জুনত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ পৰা চেৰী ৰে'লযোগে মুম্বাইলৈ লৈ যোৱা হৈছিল, যিয়ে নষ্ট হ’ব পৰা সামগ্ৰীসমূহ ৰে’লযোগে দ্ৰুত আৰু নিৰাপদে লৈ যোৱাৰ এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।