দৃষ্টিশক্তি দূৰ্বল হোৱাৰ পিছতো ১০খন গ্ৰন্থ লিখিছে সাহিত্য অকাডেমী বঁটা বিজয়ী গুলাম নবী আতাশে

Story by  atv | Posted by  [email protected] • 1 Months ago
সাহিত্য অকাডেমী বঁটা গ্ৰহণৰ সময়ত সাহিত্যিক গুলাম নবী আতাশ
সাহিত্য অকাডেমী বঁটা গ্ৰহণৰ সময়ত সাহিত্যিক গুলাম নবী আতাশ
 
এহছান ফাজিলি / শ্ৰীনগৰ

দৃষ্টিশক্তি দূৰ্বল হোৱাৰ পিছতো তেওঁ লিখি উলিয়াইছে ১০খনকৈ গ্ৰন্থ। শেহতীয়াকৈ তেওঁ ২০২৪ চনৰ সাহিত্য অকাডেমীৰ বাৰ্ষিক অনুবাদ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। অদম্য ইচ্ছাশক্তি আৰু মনোবলৰ সহায়ত জম্মু-কাশ্মীৰৰ সাহিত্য জগতত সুকীয়া স্থান দখল কৰা লেখকগৰাকী হৈছে গোলাম নবী পণ্ডিত। তেওঁ গুলাম নবী আতাশ উপনামেৰে সাহিত্য জগতত পৰিচিত।

শ্ৰীনগৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দক্ষিণে অৱস্থিত অনন্তনাগ জিলাৰ ননীল গাঁৱৰ নিজৰ ঘৰৰ পৰা 'আৱাজ-দ্য ভয়চ'ৰ সৈতে হোৱা এক কথা-বতৰাত আতাশে কয়, “মোৰ অগণন ৰচনাৰ ভিতৰত এই উপন্যাসখনে জনসাধাৰণৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ই দক্ষিণ ভাৰতৰ নিপীড়িত জনসাধাৰণৰ জীৱন আৰু আকাংক্ষাক আলোকিত কৰি তুলিছে”।

উল্লেখ্য যে, গুলাম নবী আতাশে তামিল সাহিত্যিক জয়কান্তনৰ বহুচৰ্চিত উপন্যাস "Oru Manidhan Oru Veedu Oru Ulagam” অনুবাদৰ বাবে ২০২৪ চনৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰে। কাশ্মীৰী ভাষাত গ্ৰন্থখনৰ শিৰোনাম হৈছে ““Akh Insaan, Akh Gharre, akh Duniya” (এজন মানুহ, এখন ঘৰ, এখন পৃথিৱী)।

তেওঁ কয় যে ২০০২ চনত জ্ঞানপীঠ আৰু ২০০৯ চনত পদ্মভূষণ লাভ কৰা জয়কান্তন (Jayakanthan)ৰ বহুকেইখন গ্ৰন্থ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। অৱশ্যে, পাঁচ দশকৰো অধিক সময় সাহিত্য মহলত সক্ৰিয় হৈ থকা ৭৬ বছৰীয়া কাশ্মীৰী সাহিত্যিক আৰু কবি আতাশৰ বাবে এয়া প্ৰথম সাহিত্য অকাডেমীৰ বঁটা নহয়।
 

গুলাম নবী আতাশ
 
বিগত দুটা দশকত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে যদিও ই তেওঁৰ সাহিত্যিক কাৰ্যকলাপক বাধা দিব পৰা নাই। দৃষ্টিশক্তি দুৰ্বল হৈ পৰাৰ পিছতো আতাশৰ হাতত এতিয়াও কমেও ১০খন গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ বাবে সাজু হৈ আছে। ইয়াৰ ভিতৰত উৰ্দু ভাষাৰ দুখন আৰু কাশ্মীৰী ভাষাৰ আঠখন গ্ৰন্থ। তেওঁ 'আৱাজ-দ্য ভইচ'ক জনায় যে তেওঁৰ এই গ্ৰন্থসমূহ অতি সোনকালে প্ৰকাশ পাব।

এতিয়ালৈকে তেওঁৰ কবিতা সংকলন, গৱেষণা, সমালোচনা, লোককথা, শিশু সাহিত্য, অনুবাদ, মনোগ্ৰাফকে ধৰি ৮০খন গ্ৰন্থ প্ৰকাশ পাইছে।  বৰ্ষীয়ান সাহিত্যকগৰাকীয়ে ২০০৮ চনত কাশ্মীৰী ভাষাৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু ২০১১ চনত শিশু সাহিত্যৰ বাবে বাল সাহিত্য পুৰস্কাৰ (সাহিত্য অকাডেমী) বঁটা লাভ কৰে। তেওঁ ১৯৮১ চনত আন্তঃৰাষ্ট্ৰীয় ছোভিয়েট লেণ্ড নেহৰু বঁটাও লাভ কৰিছিল।

১৯৭৯ চনত ৩০ বছৰ বয়সত তেওঁ নিজৰ কাশ্মীৰী কবিতা সংকলন “Zool Amaaran Hund (Illumination of my wishes)”ৰ বাবে জম্মু-কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজৰ পৰা প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ একাডেমীটোৰ পৰা কাশ্মীৰী সমালোচনা আৰু গৱেষণামূলক কাম “সৰ্মায়ে তেহ ছাম” (Sarmaaye teh Saam)ৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা লাভ কৰে। এই পৰ্যন্ত তেওঁ সাহিত্য আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা কমেও ১৯টা বঁটা আৰু সাহিত্য সংগঠন আৰু শিক্ষানুষ্ঠানৰ পৰা বহু সম্বৰ্ধনাও লাভ কৰিছে।

ইয়াৰ ভিতৰত কাশ্মীৰী লোককথাৰ কমেও ১৪ খন আৰু শিশু সাহিত্যৰ ১৩ খন ৰচনা আছে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত অন্যতম হ'ল বিদেশী পৰ্যটকৰ কাশ্মীৰ ভ্ৰমণৰ কাহিনীৰ অনুবাদ গ্ৰন্থ “Kashmir ghair mulky sayaahoon kay safar naamon mein” আৰু ইংৰাজী ভাষাত “কাশ্মীৰৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য” (Intangible Cultural Heritage of Kashmir) শীৰ্ষক আন এখন গ্ৰন্থ। এগৰাকী প্ৰবক্তা হিচাপে তেওঁ দক্ষিণ কাশ্মীৰৰ পহলগামৰ ওপৰ অংশৰ পৰা ঝেলুম নদীলৈ বৈ যোৱা লিড্ডাৰ নৈৰ পাৰত নিজৰ সাহিত্যিক সৃষ্টিৰাজিক প্ৰতিপালন কৰিছিল।

উল্লেখ্য যে, ১৮ বছৰ পূৰ্বে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা হিচাপে গুলাম নবী আতাশে অৱসৰ গ্ৰহণ কৰিছিল। আতাছে তিনি দশকৰো অধিক সময় বিভিন্ন পৰ্যায়ত বিভিন্ন বিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু এই সময়ছোৱাত তেওঁ এছ এছ এৰ খণ্ড সমন্বয়ক (Zonal Coordinator of SSA,), সাংস্কৃতিক শিক্ষা শাখাৰ জিলা সমন্বয়ক, প্ৰাদেশিক পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষক আৰু সমল ব্যক্তি হিচাপেও কাম কৰিছিল।

তেওঁ বহুতো পি এইচ ডি পণ্ডিত আৰু গৱেষকক তেওঁলোকৰ কাম সম্পন্ন কৰাত সহায় কৰিছিল। কাশ্মীৰী ভাষাৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি নিৰ্ধাৰণৰ বাবে জম্মু-কাশ্মীৰ ব’ৰ্ড অৱ স্কুল এডুকেশ্যনে গঠন কৰা বিশেষজ্ঞ সমিতিৰ সদস্য আছিল আতাশ। তেওঁ পাঠ্যপুথিৰ পৰিকল্পনা, সংকলন আৰু খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উৰ্দুৰ পাঠ্যপুথিৰ পুনৰীক্ষণ সমিতিৰ সদস্য হিচাপেও তেওঁ কাম কৰিছে।