এছ চি ই আৰ টি কেলেংকাৰিত 'জড়িত' সংবাদিক, আৰ টি আই কৰ্মী গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 10 Months ago
এছ চি ই আৰ টি কেলেংকাৰিত 'জড়িত' সংবাদিক, আৰ টি আই কৰ্মী
এছ চি ই আৰ টি কেলেংকাৰিত 'জড়িত' সংবাদিক, আৰ টি আই কৰ্মী
 
গুৱাহাটী 
 
ডি এল এডৰ দুৰৱৰ্তী প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ নামত ১০৫ কোটি টকা লুণ্ঠন কৰা এছ চি ই আৰ টিৰ তদানীন্তন সঞ্চালক, নিলম্বিত আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ পৰা ব্লেকমেইলিঙেৰে ধন সৰকোৱা চক্ৰৰ চাৰিজনক মংগলবাৰে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে।
 
গ্ৰেপ্তাৰ কৰা কথিত অভিযুক্তকেইজন হ'ল 'নিউজ-১৮ৰ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকা, প'ৰ্টেলৰ সাংবাদিক পূজামণি দাস ওৰফে হানি কাশ্যপ, অনুপ শ‍ইকীয়া আৰু আৰ টি আই কৰ্মী ৰাবিজিৎ গগৈ। ইয়াৰে পূজামণি দাস আৰু ৰবিজিৎ গগৈক যোৱা দুটা দিন মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ তদন্তকাৰী দলে জেৰা কৰিছিল।
 
ৰবিজিৎ গগৈয়ে ডি এল এডৰ কেলেংকাৰী সন্দৰ্ভত শেৱালি দেৱী শৰ্মাৰ কাৰ্যালয়ত আৰু টি আই আবেদন দাখিল কৰি আবেদনখন প্রত্যাহাৰ কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ শেৱালি দেৱী শৰ্মাৰ পৰা ৮৩ লাখ টকা আদায় কৰিছিল। অনুপ শ‍ইকীয়া আকৌ ৰাইজৰ দল'ৰ প্রাক্তন সদস্য। যোৱা বিধানসভা নির্বাচনত তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতাও কৰিছিল। সম্প্রতি অনুপ শ‍ইকীয়া একত্রিত যুব পৰিষদ নামৰ সংগঠন এটাৰ সৈতে জড়িত। অনুপ শ‍ইকীয়ায়ো আৰ টি আই-ৰ জৰিয়তে শেৱালি দেৱী শৰ্মাৰ পৰা প্ৰায় ৫০ লাখ টকা আদায় কৰিছিল। 
 
প'ৰ্টেলৰ সাংবাদিক পূজামণি দাসে লৈছিল ৮.৭০ লাখ আৰু সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই লৈছিল ৪ লাখ টকা। এছ চি ই আৰ চিৰ অ' ডি এল কোষৰ বেংক একাউন্টৰ পৰা এই চাৰি কথিত অভিযুক্তই নিজৰ একাউণ্টত টকা লৈছিল। ইয়াৰ ভিতৰত পুজামণি দাসে তেওঁৰ মাতৃৰ একাউন্টত টকাখিনি জমা লৈছিল। 
 
অনুপ শ‍ইকীয়াই এই চিই আৰু চি অ' ডি এল কোষৰ একাউণ্টৰ পৰা নিজৰ বেংক একাউন্টত ৩৫ লাখ টকা, ৰবিজিৎ গগৈয়ে বেংক একাউন্টত ১৫ লাখ টিকা আৰু সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই বেংক একাউন্টত ৪ লাখ টকা জমা লৈছিল। বেংক একাউন্টত ১৫ লাখ টকা জমা লোৱাৰ উপৰি ৰবিজিৎ গগৈয়ে আই এছ বি টি এছ চি ই আৰ টিৰ বিষয়া তথা শেৱালি দেৱী শৰ্মাৰ দুৰ্নীতিৰ সংগী এল এন সোণোৱালৰ পৰা নগদ ৬৮ লাখ টকা আদায় কৰিছিল। 
 
উল্লেখযোগ্য যে ইয়াৰে অনুপ শ‍ইকীয়া আৰু পূজামণি দাসক দুর্নীতি বিৰোধী যুৱশক্তি নামৰ সংগঠনটোৱে যোৱা বছৰ দুর্নীতি বিৰোধী বঁটা প্ৰদান কৰিছে। ২০২১ চনত এই চক্ৰটোৱে শেৱালি দেৱী শৰ্মাৰ পৰা আদায় কৰিছিল এই ধন। গ্ৰেপ্তাৰ কৰা এই চাৰি কথিত অভিযুক্তক বুধবাৰে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে আদালতত হাজিৰ কৰাব। 
 
ইয়াৰ বাহিৰে মুখ্যমন্ত্রীৰ ভিজিলেন্স শেৱালি দেৱী শৰ্মাৰ পৰা অসৎ পন্থাৰে টকা আদায় কৰা আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ বাবে সাজু হৈছে। ইয়াৰ ভিতৰত প'ৰ্টেলৰ মালিক তথা সাংবাদিক, ৰাজনৈতিক দলৰ সৈতে জড়িত যুৱকর্মীও আছে। তদন্ত আগবঢ়াৰ লগে লাগে শেৱালি দেৱী শৰ্মাৰ পৰা টকা খোৱা এই মুখসহ পোহৰলৈ আহিব। 
 
মুখ্যমন্ত্রীৰ ভিজিলেন্সৰ তদন্তকাৰী দলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শেৱালি দেৱী শৰ্মাক জোৰা কৰাৰ সমান্তৰালকৈ তেওঁৰ পৰা টকা আদায় কৰা চত্ৰসমূহৰ বেংক একাউণ্টৰ তথ্য আদিও পৰীক্ষা-নিৰীক্ষা কৰি আছে। মুঠৰ ওপৰত শেৱালি দেৱী শর্মাৰ পৰা টকা খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কথিত অভিযুক্তৰ তালিকাখন দুই-এদিনতে বৃদ্ধি পাব। 


শেহতীয়া খবৰ