গুৱাহাটী
অসমত লোকপিয়ল ২০২৭ৰ স্ব-গণনা পৰ্যায় সফলতাৰে সম্পূৰ্ণ হৈছে। এগৰাকী জ্যেষ্ঠ বিষয়াই সোমবাৰে জনোৱা অনুসৰি, ১৬ আগষ্টত অন্ত পৰা নিৰ্ধাৰিত সময়ছোৱাত ৰাজ্যখনৰ মুঠ ১১,৬৪,৫৮৬টা পৰিয়ালে স্ব-গণনা সম্পূৰ্ণ কৰে।
ইয়াত অনুষ্ঠিত এখন সংবাদমেলত লোকপিয়ল অভিযানৰ সঞ্চালক বিশ্বজিৎ পেগুৱে কয় যে বৰাক উপত্যকাৰ তিনিখন জিলা — কাছাৰ, শ্ৰীবূমি আৰু হাইলাকান্দি — স্ব-গণনাৰ ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থান লাভ কৰিছে।
তেওঁ কয় যে ঘৰ তালিকাভুক্তকৰণ আৰু গৃহ গণনা পৰ্যায় সোমবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত গণনাকাৰীয়ে ১৫ ছেপ্টেম্বৰলৈকে ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ গৈ এই কাম সম্পন্ন কৰিব।
পেগুৱে দৃঢ়তাৰে কয় যে লোকপিয়লত ‘কোনো বাদ নপৰিব, কোনো দ্বৈত গণনা নহ’ব (No Omission, No Duplication)' নীতি কঠোৰভাৱে মানি চলা হ’ব। লগতে সংগ্ৰহ কৰা তথ্যৰ সম্পূৰ্ণ গোপনীয়তা নিশ্চিত কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ জনসাধাৰণক নিজৰ নিজৰ ঘৰলৈ অহা গণনাকাৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক সহযোগিতা কৰিবলৈ আহ্বান জনায়, যাতে অসমত লোকপিয়ল ২০২৭ সফলভাৱে সম্পন্ন কৰিব পৰা যায়।