৯ এপ্ৰিলৰ দিনটো ৰাজহুৱা বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
অসম বিধানসভা নির্বাচন অনুষ্ঠিত হ'বলগীয়া ৯ এপ্ৰিলৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 
 
এন আই এক্ট, ১৮৮১ৰ ২৫ ধাৰা অনুসৰি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৯ এপ্ৰিলৰ ভোটদানৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰে। 
 
এই ৰাজহুৱা বন্ধৰ দিন উপলক্ষে সেইদিনা সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তৰাজ প্রতিষ্ঠান, স্থানীয় পৌৰসভা এলেকা, শৈক্ষিক প্রতিষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগকে ধৰি ব্যৱসায়িক, বাণিজ্যিক প্রতিষ্ঠান বন্ধ থাকিব।