গুৱাহাটী
আগন্তুক পাঁচ দিনত আৰু অধিক শীতৰ প্ৰকোপত পৰিব ৰাজ্য। উত্তৰ-পূৰ্বাঞ্চলত সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বাঢ়িছে শীতৰ প্ৰকোপ। লগতে বতাহৰ দিশ পূব আৰু উত্তৰ-পূবৰ পৰা হোৱাৰ ফলতো বাঢ়িছে শীতৰ প্ৰকোপ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে সদৰী কৰা অনুসৰি, আগন্তুক পাঁচদিনলৈ অব্যাহত থাকিব শীতৰ প্ৰকোপ।
এই শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ কিছু কিছু ঠাইত হ'ব পাতলীয়া বৰষুণ। লগতে অৰুণাচলত তুষাৰপাত হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ উপৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামত আগন্তুক পাঁচদিনলৈ ঘন কুৱঁলীৰ সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
এই সন্দৰ্ভত গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বতৰ বিজ্ঞানীয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চল যি নিম্ন টপ'স্ফিয়েৰিক লেভেল মুখ্যতঃ উঠা-নমা হৈ আছে। ইয়াৰ কাৰণে আমি যি পূৰ্বাভাস পাইছোঁ সেই মতে ৫ আৰু ৬ জানুৱাৰীত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি পাতলীয়াৰ পৰা মধ্যমীয়া তুষাৰপাত অৰুণাচল প্ৰদেশৰ উচ্চ অংশত হোৱাৰ সম্ভাৱনা আছে। আনহাতে, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুষ্ক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি সমগ্ৰ অঞ্চলটোত সৰ্বনিম্ন তাপমাত্ৰাৰ উল্লেখনীয় পৰিৱৰ্তনৰ সম্ভাৱনা খুব কম।"
উল্লেখ্য যে, দেশৰ বতৰ বিজ্ঞানীসকলে প্ৰায় চাৰিমাহ পূৰ্বেই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো এইবেলি শীতকালত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছিল। সেই সতৰ্কতা অনুসৰিয়ে, দেশৰ আন কেইবাখনো ৰাজ্য বিশেষকৈ উত্তৰ ভাৰত আৰু হিমালয় পৰ্বতমালাৰ পাদদেশৰ লগতে অসমসহ উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ বহু ঠাইত আঘোণ মাহৰ শেষভাগতে শীতৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল।
অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ভিতৰত নামনি অসমতকৈ উজনি অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাইছিল। আনহাতে, গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সন্ধিয়া সদৰী কৰা অনুসৰি, বিগত বৰদিনৰ সময়ৰে পৰাই দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কৱলত পৰিছে।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সন্ধিয়া সদৰী কৰা অনুসৰি, আগন্তুক তিনিদিন ধৰি বতৰ প্ৰায় অপৰিৱৰ্তনীয় হৈ থাকিব। এই সময়ছোৱাত গুৱাহাটীকে ধৰি অসমৰ কেইবাখনো জিলাৰ আকাশ ডাঠ কুঁৱলীৰ আৱৰণে ঢাকি ৰাখিব। ইয়াৰ মাজতে দুই-এঠাইত অতি পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে। আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক মাঘ বিহুৰ উৰুকাৰ সময়লৈকে বিগতকেইদিনৰ দৰে আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰখাৰ লগতে শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে। অৱশ্যে তাৰ মাজতো মাজে-সময়ে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিলেও শীতৰ প্ৰকোপ অব্যাহত থাকিব। বতৰ কিছু ফৰকাল হ'লেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত নিশাৰ ভাগত ডাঠ কুঁৱলীৰ আচ্ছাদনৰ প্ৰকোপ বৃদ্ধি পাব বুলিও সতর্কতা জাৰি কৰিছে। স্বাভাৱিকতে সকলোতে দৃশ্যমানতা হ্ৰাস পাব।