এগৰাকী গৃহিণী আৰু মৰমিয়াল মাতৃৰ পৰা উত্তৰ-পূবৰ এগৰাকী সফল উদ্যোগীলৈ আফছানা বেগমৰ যাত্ৰা

Story by  Daulat Rahman | Posted by  Munni Begum • 6 Months ago
 আফছানা বেগম আৰু তেওঁৰ ৰেষ্টুৰেণ্ট পাইৰেটছ অৱ গ্ৰীল
আফছানা বেগম আৰু তেওঁৰ ৰেষ্টুৰেণ্ট পাইৰেটছ অৱ গ্ৰীল
 
দৌলত ৰহমান / গুৱাহাটী
 
কেইবছৰমান আগতে যেতিয়া তেওঁৰ স্বামীৰ স্বাস্থ্য ভাল নাছিল, তেতিয়া এগৰাকী গৃহিণী আৰু দুটা সন্তানৰ মৰমিয়াল মাতৃ আফছানা বেগমৰ বাবে পৃথিৱীখন সলনি হৈ গ’ল। স্বামীয়ে শূন্যৰ পৰাই গঢ়ি তোলা ব্যৱসায়ৰ বাঘজৰী তেওঁ নিজেই হাতত তুলি ল’বলগীয়া হৈছিল। ব্যৱসায় আছিল তেওঁৰ বাবে এটা অচিনাকী জগত, য’ত তেওঁ ভৰি দিবলৈ আৰু শিকিবলৈ বাধ্য হৈছিল।
 
আজি এইগৰাকী আফছানা বেগম উত্তৰ-পূব ভাৰতৰ অন্যতম আগশাৰীৰ মহিলা উদ্যোগী, যিয়ে বহুল প্ৰচাৰিত অসমীয়া কাকত (অসমীয়া খবৰ), অত্যাধুনিক শ্বপিং মল, বহুজাতিক চেইন ৰেষ্টুৰেণ্ট পাইৰেটছ অৱ গ্ৰীল (Pirates of Grill) আৰু আন কেইটামান ৰিয়েল এষ্টেট ডেভেলাপমেণ্ট প্ৰজেক্ট চলাই আছে।
 
আফছানা বেগম তেওঁৰ স্বামী আৰু দুই সন্তানৰ সৈতে
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আফছানা বেগমে কয় যে তেওঁৰ স্বামী শৈলেন কোঁৱৰ দত্ত যথেষ্ট সফল ব্যৱসায়ী আছিল আৰু তেওঁ সকলো শূন্যৰ পৰাই গঢ়ি তুলিছিল। কিন্তু কেইবছৰমান আগতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু সেই সময়ত আফছানা আছিল সম্পূৰ্ণৰূপে গৃহিণী আৰু দুজন পুত্ৰৰ মৰমিয়াল মাতৃ।
 
"মই হঠাতে ব্যৱসায়ৰ দায়িত্ব ল’বলগীয়া হৈছিল আৰু মোৰ বাবে ই যথেষ্ট নতুন জগত আছিল। প্ৰথম অৱস্থাত কিছু পৰিমাণে সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। ব্যৱসায়ৰ মূল কথাবোৰ বুজিবলৈ আৰু শিকিবলৈ মোৰ সময় লাগিছিল যদিও লাহে লাহে কথাবোৰ সঠিকভাৱে আগবাঢ়ে আৰু ব্যৱসায়ৰ ওপৰত মোৰ দখল ভাল হ’বলৈ ধৰে।"-আফছানা বেগমে কয়।
 
আফছানা বেগমৰ মতে নিজৰ ব্যৱসায় আৰম্ভ কৰাটো কেতিয়াও সহজ কথা নহয় আৰু আগবাঢ়ি যাবলৈ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলৈ মানসিকভাৱে সাজু থকাটো প্ৰয়োজন। 
 
 আফছানা বেগমৰ ৰেষ্টুৰেণ্ট পাইৰেটছ অৱ গ্ৰীল 
 
"আমি ক’ভিডৰ পূৰ্বৰ সময়ছোৱাত আমাৰ নিজৰ ব্ৰেণ্ডেড ৰেষ্টুৰেণ্ট অ’ গুৱাহাটী (O’ Guwahati) চলাই আছিলো। একেখন চালিৰ তলত ইণ্ডিয়ান, চাইনীজ আৰু টণ্ডুৰী খাদ্যৰ উত্তম সোৱাদৰ বাবে গুৱাহাটীবাসীৰ দাবীৰ উত্তৰ আছিল অ’ গুৱাহাটী। কিন্তু মহামাৰী চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়ত আমি ৰেষ্টুৰেণ্টখন বন্ধ কৰিবলগীয়া হ’ল। আপুনি শূন্যৰ পৰা আৰম্ভ কৰা কিবা এটা ব্যৱসায় বন্ধ কৰাটো কেতিয়াও সহজ কথা নহয়, কিন্তু সেই সময়ত ই আছিল এক প্ৰয়োজনীয়তা। কিন্তু তাৰ পিছত আকৌ ২০২১ চনত আমি গুৱাহাটীৰ অন্যতম ডাঙৰ ফ্ৰেঞ্চাইজি ৰেষ্টুৰেণ্ট (পাইৰেটছ অৱ গ্ৰীল) খুলিবলৈ সুযোগ পালোঁ আৰু যথেষ্ট কষ্টৰ অন্তত আজি মই গৌৰৱেৰে ক’ব পাৰো যে ই গুৱাহাটীৰ অন্যতম শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট।" আফছানা বেগমে কয়।
 
গুৱাহাটীৰ পৰা স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰা আফছানা বেগমে কয় যে এগৰাকী মহিলাৰ বাবে উদ্যোগী হোৱাটো কঠিন বুলি ক'ব নোৱাৰি, কিন্তু ই নিশ্চিতভাৱে সহজ নহয়।
 
"মোৰ দেউতা প্ৰয়াত আব্দুল খালেক গুৱাহাটীৰ মাছখোৱা অঞ্চলৰ এজন অতি পৰিশ্ৰমী ব্যৱসায়ী আছিল বাবে মই শৈশৱৰ পৰা ব্যৱসায়ৰ এক অনুকূল পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিলো। তথাপিও কিন্তু সকলোৰে আস্থা লাভ কৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম বুলি প্ৰমাণ কৰাটো অতি কঠিন কাম। শূন্যৰ পৰাই ব্যৱসায় গঢ়ি তোলা কেতিয়াও সহজ নহয় আৰু ইয়াৰ মাজেৰে পাৰ হ’বলৈ বহুত অধ্যৱসায়ৰ প্ৰয়োজন হয়।"-আফছানা বেগমে কয়।
 
 আফছানা বেগম তেওঁৰ দুই সন্তাৰ সৈতে
 
আফছানা বেগমে এতিয়া নিজৰ ব্যৱসায়ক সম্প্ৰসাৰিত কৰিবলৈ আৰম্ভ কৰিছে আৰু নিজাকৈ ফেশ্বন ব্ৰেণ্ড তৈয়াৰ কৰাত ধন বিনিয়োগ কৰিছে। গুণগত মানৰ সৈতে আপোচ নকৰাকৈ তেওঁ অসমৰ মহিলাসকলক সুলভ মূল্যৰ সাজ-পোছাক যোগান ধৰাৰ লক্ষ্য লৈছে।
 
এগৰাকী সফল ব্যৱসায়ী হোৱাৰ পিছতো আফছানা বেগম এগৰাকী মৰমিয়াল মাতৃ আৰু সু-গৃহিণী। তেওঁৰ ডাঙৰ পুত্ৰ এৰিক জেভিয়াৰ এজন চিকিৎসক আৰু সৰু পুত্ৰ জিডান জেভিয়াৰে নতুন দিল্লীত বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰি আছে। স্বামী আৰু দুই পুত্ৰৰ সৈতে আফছানা বৰ্তমান দিল্লীত থাকে। কিন্তু নিজৰ ঔদ্যোগিক দক্ষতাৰ বলত তেওঁ অসমত সুকলমে ব্যৱসায় চলাই আছে।
 
সফল ব্যৱসায়ী হোৱাৰ ৰহস্যৰ বিষয়ে সোধাত মহিলা উদ্যোগীগৰাকীয়ে কয় যে নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থাকিব লাগে আৰু বিশ্বাস কৰিব লাগিব যে তেওঁ নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব।
 
"এটা শক্তিশালী পেছাদাৰী নেটৱৰ্ক গঢ়ি তোলক, পৰামৰ্শ, পথ প্ৰদৰ্শন আৰু নৈতিকতাৰ শিক্ষা প্ৰদান কৰিব পৰা আন মহিলা উদ্যোগীৰ এক সমূদায় বিচাৰি উলিয়াওক। কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্যৱসায়ত নিমগ্ন হোৱাটো সহজ যদিও শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। আপোনাৰ বিত্তীয় পৰিস্থিতিৰ সকলো দিশ ভালকৈ বুজাটো অতি গুৰুত্বপূৰ্ণ। বাজেট, নগদ ধনৰ উপলব্ধতা, আৰু বিত্তীয় পৰিকল্পনাৰ বিষয়ে ভালদৰে জনা উচিত। আৰ্থিকভাৱে শিক্ষিত হোৱাটো আপোনাৰ ব্যৱসায়ৰ মূল চাবিকাঠি। আপুনি সফল হোৱাৰ লগে লগে অন্যান্য উচ্চাকাংক্ষী উদ্যোগী বিশেষকৈ মহিলাসকলক সহায় কৰাৰ কথা চিন্তা কৰিব লাগে।"-আফছানা বেগমে কয়।