এমাজনৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা ট্রাকচালক জয়চি লিংডো

Story by  atv | Posted by  Munni Begum • 1 Years ago
জয়চি লিংডো
জয়চি লিংডো
নতুন দিল্লী
 
এমাজনৰ ট্রাকিং পার্টনাৰৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা ট্রাকচালক হিচাপে পৰিগণিত হৈছে মেঘালয়ৰ ৩৫ বছৰীয়া জয়চি লিংডো। ট্রাক চলোৱাৰ ক্ষেত্ৰত থকা ৰক্ষণশীল মনোভাব অতিক্রম কৰি এই সফলতা অর্জন কৰিছে জয়চিয়ে। 
 
জীৱন নিৰ্বাহৰ বাবে গাড়ীচালনাক পূর্ণকালীন দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ পিচত জয়চিয়ে সমাজৰ আন বহু মহিলা চালকক অনুপ্রাণিত কৰিবলৈ সক্ষম হৈছে।  ৬ বছৰতকৈও অধিক সময় ড্রাইভিং অভিজ্ঞতাৰে পুষ্ট পেছাদাৰী জয়চিয়ে গাড়ী চলোৱাৰ প্ৰতি থকা আৱেগক পেছালৈ ৰূপান্তৰ কৰাৰ সাহস কৰিছে, যি সঁচাই অনুপ্রেৰণীয়। 
আৰম্ভণিতে গুৱাহাটীৰ এটা ষ্টীল প্রতিষ্ঠানকে ধৰি স্থানীয় বিপণীত ষ্ট'ৰ মেনেজাৰৰ দায়িত্ব সম্পাদন কৰাৰ লগতে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল জয়চি। ইয়াৰ পিচতে বন্ধু-বান্ধৱীৰ সহায়ত গাড়ী চলাবলৈ শিকি প্রথমে স্কুল বাছ চলাবলৈ আৰম্ভ কৰিছিল জয়চিয়ে। 
উল্লেখ্য যে যোৱা তিনি মাহ ধৰি এমাজনৰ ট্রাকিং পার্টনাৰৰ ট্ৰাক চালক হিচাপে দায়িত্ব সম্পাদন কৰি আছে মেঘালয়ৰ জয়চিয়ে। লক্ষণীয় যে এমাজনে ভাৰতৰ ৫০০ৰো অধিক ট্রাকিং অংশীদাৰৰ সৈতে সহযোগিতা স্থাপন কৰি আহিছে, যিসকলে সমগ্ৰ দেশত গ্ৰাহকৰ অৰ্ডাৰকৃত সামগ্ৰীৰ পেকেজসমূহ নির্ধাৰিত সময়ত, নির্ভৰযোগ্য আৰু নিৰাপদভাৱে যোগান ধৰি আহিছে।