পুৰুষৰ আধিপত্যক প্ৰত্যাহ্বান জনাই মুছলমান মহিলাক কাজীৰ প্ৰশিক্ষণ দিছে নিশাত হুছেইনে

Story by  atv | Posted by  [email protected] • 1 Years ago
কাজী নিশাত হুছেইন
কাজী নিশাত হুছেইন
 
ইয়াছমিন খান/নতুন দিল্লী
 
জয়পুৰৰ নিশাত হুছেইন (Nishat Hussain) হৈছে পৰম্পৰাগত মুছলমান সমাজত পৰিৱৰ্তন আৰু সৱলীকৰণৰ এক উজ্জ্বল নিদৰ্শন। বিভিন্ন বাধা আৰু কু-সংস্কাৰ অতিক্ৰম কৰি তেওঁ ৰাজস্থানৰ প্ৰথম মহিলা কাজী (ইছলামিক আইনবিদ) হৈ ইতিহাস ৰচনা কৰে।
 
 
নিশাতৰ এই যাত্ৰাত বহুতো প্ৰত্যাহ্বান আৰু সফলতাৰ সংমিশ্ৰণ ঘটিছে। 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত নিশাতে উল্লেখ কৰে যে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ সময়ত তেওঁ পুৰুষৰ পৰা আনকি সহযোগী কাজী কিছুমানৰ পৰাও সন্দেহ আৰু সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁলোকে নিশাতৰ অৰ্হতা আৰু সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
 
এতিয়া তেওঁৰ প্ৰভাৱ সীমাৰ বাহিৰলৈও গৈছে। শেহতীয়াকৈ শিমলাত নিকাহ অনুষ্ঠানৰ আয়োজন কৰিবলৈ নিশাতক আমন্ত্ৰণ জনোৱা হৈছিল। এগৰাকী প্ৰভাৱশালী মুছলমান ব্যক্তি হিচাপে তেওঁৰ সুনাম বহু দূৰলৈকে বিয়পি পৰিছে। সাক্ষাৎকাৰটোৰ কিছু উল্লেখযোগ্য দিশ ইয়াত উল্লেখ কৰা হ’ল:
 
প্ৰশ্নঃ মহিলা কাজী হোৱাটো ভাৰতৰ দৰে দেশত তুলনামূলকভাৱে নতুন ধাৰণা। পৰম্পৰাগত বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে থিয় দিয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ যাত্ৰা নিশ্চয় প্ৰত্যাহ্বানমূলক আছিল। আপুনি আপোনাৰ অভিজ্ঞতা আৰু আপুনি সন্মুখীন হোৱা বাধাসমূহৰ বিষয়ে অধিক বৰ্ণনা কৰিব পাৰিবনে?
 
 
উত্তৰঃ মোৰ লক্ষ্য পথ ডাঙৰ উদ্দেশ্যৰে ভৰা আছিল যদিও অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সমালোচকসকলে কেৱল মই মহিলা হোৱাৰ বাবে মোৰ সামৰ্থ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। তেওঁলোকে যুক্তি দিছিল যে এগৰাকী মহিলাই কাজীৰ ভূমিকা লোৱাটো উপযুক্ত নহয়। মই এই পদৰ জটিলতা আৰু দায়িত্ব চম্ভালিব পাৰিম নে নোৱাৰিম, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। কামটোৰ বাবে মই উপযুক্ত নহয় বুলি তেওঁলোকে মোক বৰ্খাস্ত কৰিছিল।
 
এই প্ৰত্যাহ্বানসমূহৰ মাজতো মই কোৰানত থকা গভীৰ নীতি-শিক্ষাসমূহৰ পৰা শক্তি আহৰণ কৰিলোঁ। মই নিজকে সোঁৱৰাই দিলোঁ যে কোৰানে কেতিয়াও কামত পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য নকৰে। এই উপলব্ধিয়ে মোক আগবাঢ়ি যোৱাৰ সাহস দিলে।
 
কাজী নিশাত হুছেইন
 
প্ৰশ্নঃ উচ্চাকাংক্ষী মহিলা কাজীসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতো আপুনি জড়িত। এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰিবনে?
 
উত্তৰঃ কাজীৰ ভূমিকা কেৱল নিকাহ অনুষ্ঠান পৰিচালনা কৰাতে সীমাৱদ্ধ নহয়। আগতে কাজীসকলৰ ইমান প্ৰভাৱ আছিল যে তেওঁলোকৰ বিচাৰ ৰজাইও বিচাৰিছিল। ইয়াৰ পৰাই বুজা যায় কাজী হোৱাটো এক গুৰুত্বপূৰ্ণ দায়িত্ব। এই ভূমিকাৰ গভীৰতা আৰু ব্যাপক জ্ঞানৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি মই ছোৱালীক কাজী হ’বলৈ প্ৰশিক্ষণ দিয়াৰ কাম হাতত লৈছো।
 
বিবাহ পৰিচালনা কৰাৰ বাহিৰেও মোৰ বিশ্বাস যে উচ্চাকাংক্ষী কাজীসকলৰ সমাজৰ বিভিন্ন দিশৰ জ্ঞান থাকিব  লাগে। ইয়াৰ ভিতৰত সমাজৰ নীতি-নিয়মসমূহ বুজি পোৱা, স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ প্ৰতি সচেতন হোৱা, আৰু মানুহৰ জীৱনত প্ৰভাৱ পেলোৱা অন্যান্য ক্ষেত্ৰসমূহৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰাটো জড়িত হৈ আছে। ইমান উল্লেখযোগ্য স্থান দখল কৰা এগৰাকী মহিলাই আমাৰ সমাজৰ পৰিৱৰ্তিত গতিশীলতা আৰু লিংগ সমতাৰ দিশত লাভ কৰা অগ্ৰগতিক প্ৰতিফলিত কৰে।
 
ৰাজস্থানত তিনি তালাক আইন ৰূপায়ণ আশা কৰা ধৰণে নহ’ল। এই সমস্যাটোৰ সমাধানৰ বাবে মই সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰিছো।"ভাৰতী মুছলিম মহিলা আন্দোলন" নামৰ আমাৰ সংগঠনটো তিনি তালাকক মোকাবিলা কৰিবলৈ গঠন কৰা হৈছিল। ইয়াৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ আমাৰ প্ৰচেষ্টা ১২খন ৰাজ্যলৈকে বিস্তৃত। মুছলিম ব্যক্তিগত আইন ব’ৰ্ডৰ দৰে নহয়, আমি প্ৰত্যক্ষভাৱে সম্প্ৰদায়ৰ সৈতে জড়িত হৈ পৰিছিলো।
 
মুম্বাইত মহিলাসকলে একত্ৰিত হৈ তিনি তালাকৰ ফলত তেওঁলোকৰ সন্তাননে সন্মুখীন হোৱা দুখ-কষ্টৰ কাহিনী ভাগ-বতৰা কৰিছিল। আমি আমাৰ আবেদন উচ্চতম ন্যায়ালয়লৈ লৈ গৈ সফলতাৰে তিনি তালাক নিষিদ্ধ হোৱাটো নিশ্চিত কৰিলোঁ। এই বিজয়ে ঐক্যৰ শক্তি প্ৰদৰ্শন কৰিছিল। কিন্তু আমি আইন প্ৰণয়নৰ জৰিয়তে দীৰ্ঘস্থায়ী পৰিৱৰ্তনৰ লক্ষ্য লৈছিলো, তিনি তালাকৰ পিছৰ পৰিণতিৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ এক বিস্তৃত আইন প্ৰণয়নৰ পোষকতা কৰিছিলো।
 
আমাৰ এই পদক্ষেপৰ ফলত উচ্চতম ন্যায়ালয়ে এখন আইন প্ৰণয়নৰ নিৰ্দেশ দিলে। ই এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ল, মহিলাৰ জীৱনক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ সামূহিক কাৰ্য্যৰ শক্তিক উজ্জ্বল কৰি তুলিলে।
 
মহিলা কাজীয়ে সম্পন্ন কৰা এখন বিবাহ
 
প্ৰশ্নঃ বহুবিবাহ আৰু হালালাৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত আপুনি গ্ৰহণ কৰা কামৰ বিষয়ে বিতংভাৱে শ্বেয়াৰ কৰিব পাৰিবনে?
 
উত্তৰঃ বহুবিবাহ অৰ্থাৎ পুৰুষৰ একাধিক পত্নী থকা ধাৰণাটোক লৈ প্ৰায়ে ভুল বুজাবুজি দেখা যায়। কিছুমান পুৰুষে ইয়াৰ ঐতিহাসিক প্ৰসংগ উপলব্ধি নকৰাকৈয়ে ইয়াক সমৰ্থন কৰে। পুনৰ বিবাহৰ আগতে অনুমতি বিচৰাৰ গুৰুত্ব পাহৰি যায়। দুখৰ বিষয় যে ইয়াৰ ফলত প্ৰথম পত্নী আৰু তেওঁৰ ফালৰ সন্তানসমূহ অৱহেলিত হ’ব পাৰে। আমি এনেকুৱা হোৱা দেখিছো।
 
হালালাৰ কথা ক’লে আমনি লাগে। আমি এনেকুৱা কাহিনী পাইছিলোঁ য’ত এগৰাকী মহিলাৰ লগত ভয়ংকৰ ব্যৱহাৰ কৰা হৈছিল। জুৱা খেলৰ বাবে তেওঁক এৰাতিৰ বাবে বিক্ৰী কৰা হৈছিল। এই কাহিনীবোৰে দেখুৱাইছে যে ই কিমান ভয়াবহ বস্তু হ’ব পাৰে। আমি মহিলাগৰাকীক সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাত সহায় কৰিলোঁ আৰু লগতে সমাজত সংঘটিত হৈ থকা এইধৰণৰ ব্যাধি বন্ধ কৰাৰ দিশত কাম কৰিলোঁ।
 
প্ৰশ্নঃ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে আপুনি কৰা কামৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিব পাৰিবনে?
 
উত্তৰঃ আশীৰ দশকত যেতিয়া মই প্ৰথমবাৰৰ বাবে হিংসাৰ সন্মুখীন হৈছিলো, তেতিয়া ই মোক সলনি কৰি পেলাইছিল। মহিলাসকলে সন্মুখীন হোৱা দুখ-কষ্টবোৰ দেখাৰ পিছত মই বুজিছিলো যে হিংসাই কেৱল এজন মানুহকে আঘাত নকৰে, ইয়াৰ প্ৰভাৱ গোটেই পৰিয়াল—পুত্ৰ, কন্যা, স্বামী আৰু ভাই-ভনী সকলোৱে ভূগিব লাগে। সেয়ে, মই সকলো সম্প্ৰদায়ৰ মাজত সমন্বয় বৃদ্ধি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিলো। মোৰ বিশ্বাস আমাৰ সমাজত ঘৃণাৰ কোনো স্থান থাকিব নালাগে। 
 
প্ৰশ্নঃ মুছলমান উত্তৰাধিকাৰ আইন অনুসৰি মুছলমান ছোৱালীয়ে প্ৰায়ে সম্পত্তিৰ উচিত অংশ নাপায়, এই বিষয়ত আপোনাৰ মতামত কি?
 
উত্তৰঃ কোৰানে ১৫০০ বছৰ আগতে উত্তৰাধিকাৰৰ নিয়ম নিৰ্ধাৰণ কৰিছিল যদিও এতিয়াও বহু মহিলাই নিজৰ উচিত অংশ নাপায়। দুখৰ কথা যে মাক-দেউতাকৰ মৃত্যুৰ পিছত ভাতৃয়ে কেতিয়াবাহে ভনীয়েকৰ ভাগ ৰাখে। গতিকে, মহিলাসকলে নিজৰ অধিকাৰৰ বাবে থিয় দিয়াটো গুৰুত্বপূৰ্ণ আৰু উত্তৰাধিকাৰী হিচাপে নিজৰ প্ৰাপ্যখিনি পাবলৈ মাত মাতিব লাগিব।
 
প্ৰশ্নঃ আপোনাৰ কাম-কাজে নিঃসন্দেহে প্ৰশংসাৰ লগতে সমালোচনাও লাভ কৰিছে। আপুনি কেনেকৈ এইবোৰৰ সন্মুখীন হৈছিল আৰু আপোনাৰ সন্মুখলৈ অহা সমালোচনাক কিদৰে পৰিচালনা কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰিব পাৰিবনে?
 
উত্তৰঃ বহুত সমালোচনা পাইছিলোঁ, আৰু তাৰ বাবে মই কৃতজ্ঞ। মই সন্মুখীন হোৱা সমালোচনাই আচলতে মোক আৰু ভাল কাম কৰিবলৈ প্ৰেৰণা দিছিল। মানুহে মোৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু হাৰ মনাৰ সলনি মই ইয়াক প্ৰত্যাহ্বান হিচাপেহে লৈছিলো। মোক বাধা দিবলৈ চেষ্টা কৰা সকলো চক্ৰৰ  বিৰুদ্ধে মই দৃঢ়তাৰে থিয় দিলোঁ।
 
কেতিয়াবা, মোৰ কামৰ বাবে মোক গুৰুত্বপূৰ্ণ বঁটাও আগবঢ়োৱা হৈছে। কিন্তু মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা।