গাজাত নৱজাত শিশুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সময়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে চিকিৎসকসকলে

Story by  atv | Posted by  Munni Begum • 8 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
জেৰুজালেম
 
এফালে গাজাৰ আল শ্বিফা চিকিৎসালয়ৰ আশে-পাশে আইডিএফে হামাছৰ বিৰুদ্ধে যুঁজি আছে আৰু আনফালে চিকিৎসালয়খনৰ নৱজাত শিশুক জীয়াই ৰাখিবলৈ ফয়েলেৰে মেৰিয়াই গৰম পানীৰ পাত্ৰত ৰখা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আল শ্বিফা হাস্পতালৰ পৰিচালকে চিকিৎসালয়খনৰ পৰিস্থিতিক “বিপৰ্যয়জনক” বুলি অভিহিত কৰি ইন্ধনৰ যোগান শেষ হ’লে এই সুবিধাটোৱে কাম কৰিব নোৱাৰিব বুলি উদ্বেগ প্ৰকাশ কৰিছে। 
 
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসালয়ৰ চৌহদত আবদ্ধ হৈ থকা লোকসকলে যুঁদ্ধৰ বাবে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰে। চিকিৎসা কেন্দ্ৰটোৰ সঞ্চালক মহম্মদ আবু ছালমিয়াই চিএনএনক জনোৱা মতে, শিশু আৰু নৱজাতকৰ বাবে এতিয়া পানী, খাদ্য আৰু গাখীৰ নাই।
 
চিকিৎসালয়খনৰ পৰিস্থিতি ভয়ংকৰ। ছবিবোৰত কেইবাটাও নৱজাত শিশুক ইনকিউবেটৰৰ পৰা উলিয়াই একেলগে এখন বিচনাত ৰখা দেখা গৈছে। চিকিৎসকগৰাকীয়ে আৰবী টিভিক জনোৱা মতে, আইডিএফৰ বোমা বিস্ফোৰণৰ ফলত বিগত দুদিনত ইনটেনচিভ কেয়াৰ ইউনিট আৰু নাৰ্চাৰীত কেইবাটাও শিশুৰ মৃত্যু হৈছে। 
 
ইজৰাইলৰ সামৰিক মুখপাত্ৰই চিএনএনক জনোৱা মতে, চিকিৎসালয়ৰ চৌহদৰ আশে-পাশে হামাছৰ বিৰুদ্ধে তেওঁলোকৰ বাহিনীয়ে তীব্ৰ যুদ্ধত লিপ্ত হৈছে যদিও উত্তৰ গাজাৰ চিকিৎসা কেন্দ্ৰত গুলীচালনা কৰাটো অস্বীকাৰ কৰে আৰু চিকিৎসালয়খন ঘেৰাও কৰা বুলি নাকচ কৰে।
 
ইজৰাইলৰ সেনাই অভিযোগ উত্থাপন কৰিছে যে আল-শ্বিফা চিকিৎসালয়ে হামাছৰ কমাণ্ড চেণ্টাৰ হিচাপে কাম কৰে, যিটো হামাছ আৰু চিকিৎসালয়ৰ বিষয়া দুয়োজনেই অস্বীকাৰ কৰিছে। ইজৰাইল সেনাই হামাছে সাধাৰণ নাগৰিকক চিকিৎসালয়ত আবদ্ধ কৰি ৰখাৰ অভিযোগো উত্থাপন কৰিছে।
 
আল শ্বিফা চিকিৎসালয়ৰ ভিতৰৰ এজন স্বতন্ত্ৰ সাংবাদিকে কয় যে চিকিৎসকে মমবাতিৰ পোহৰত কাম কৰি আছে, খাদ্যৰ ৰেচন দিয়া হৈছে আৰু ভিতৰৰ মানুহে পাইপৰ পানী খাবলৈ আৰম্ভ কৰিছে। আল-শ্বিফা চিকিৎসালয়ৰ সঞ্চালক আবু ছালমিয়াই চিএনএনক জনোৱা মতে, প্ৰায় ১৫০০ ৰোগী আৰু চিকিৎসা কৰ্মচাৰীৰ লগতে আল-শ্বিফা চিকিৎসালয়ত ৭ হাজাৰ স্থানচ্যুত লোকে আশ্ৰয় বিচাৰি চেষ্টা চলাইছে। 
 
চিকিৎসালয়খনৰ ভিতৰত বিদ্যুতৰ অভাৱত কোনো এটা অপাৰেচন কক্ষই কাম কৰিব পৰা নাই। এতিয়া আহতসকল আমাৰ ওচৰলৈ আহে আৰু আমি তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ বাহিৰে একো দিব নোৱাৰো বুলিও চিকিৎসকসকলে কয়।