ড০ নুৰিমা ইয়াছমিনৰ সংস্কৃতৰ ওপৰত পাণ্ডিত্যই বহু মুছলমান ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিছে

Story by  Munni Begum | Posted by  [email protected] • 1 Years ago
ড০ নুৰিমা ইয়াছমিন শাস্ত্ৰী
ড০ নুৰিমা ইয়াছমিন শাস্ত্ৰী
 
মুন্নী বেগম/ গুৱাহাটী
 
সংস্কৃত হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ দেৱভাষা। সংস্কৃতৰ প্ৰাক-শাস্ত্ৰীয় ৰূপটো বৈদিক সংস্কৃত নামেৰে জনাজাত। ই হৈছে হিন্দুধৰ্মৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থ ঋকবেদত ব্যৱহাৰ হোৱা এক প্ৰাচীন ভাষা। হিন্দু ধৰ্মৰ সকলো পবিত্ৰ ধৰ্মগ্ৰন্থ আৰু মন্ত্ৰ সংস্কৃত ভাষাত ৰচিত। 
 
 
ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পুৰাতন সভ্যতা-সংস্কৃতিৰ সাক্ষৰ বহন কৰা এই ধ্ৰুপদী ভাষা সংস্কৃতক জীৱন-যাপনৰ এক পন্থা হিচাপে বাচি লৈছে এগৰাকী মুছলমান মহিলাই। সমাজৰ প্ৰচলিত ধাৰা ভংগ কৰি তেওঁ উৰ্দু আৰু পাৰ্চী ভাষাৰ পৰিৱৰ্তে দেৱভাষা সংস্কৃতক বাচি লোৱা ড০ নুৰিমা ইয়াছমিন শাস্ত্ৰী নামৰ মুছলমান মহিলাগৰাকীয়ে কয় যে সংস্কৃত ভাষা শিকিলে মানুহে আন যিকোনো ভাষাৰ ওপৰত নিখুঁত আধিপত্য লাভ কৰিব পাৰে। 
 
নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
 
সমাজৰ একাংশ দুষ্ট চক্ৰই সমাজত ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ সময়তে তেওঁ ধৰ্মীয় ভেদাভেদ একাষৰীয়া কৰি নিজে বিচৰা ধৰণে সংস্কৃত ভাষাত উচ্চ শিক্ষা গ্ৰহণ কৰে আৰু সমাজত এতিয়া জ্ঞানৰ পোহৰ বিলাই আছে৷ সম্প্ৰতি নুৰিমা ইয়াছমিন শাস্ত্ৰী নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত সংস্কৃত বিষয়ৰ সহযোগী অধ্যাপিকা হিচাপে ছাত্ৰ ছাত্ৰীক সংস্কৃত বিষয়ৰ পাঠদান কৰাই আছে। 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ইয়াছমিন শাস্ত্ৰীয়ে কয়, "সংস্কৃত বিষয়টো হৈছে এক তত্ত্ব গধুৰ বিষয়। এই বিষয়টো কেৱল এটা ধৰ্মৰ নহয়। সংস্কৃত হৈছে এক দেৱভাষা আৰু সকলো ভাষাৰ মূল হৈছে সংস্কৃত ভাষা। সংস্কৃত পঢ়িলে আমাৰ ভাষা শুদ্ধ হয়। আমি সকলোৱে সংস্কৃত ভাষা অধ্যয়ন কৰাৰ খুবেই প্ৰয়োজন আছে।"
 
হিন্দু ধৰ্মালম্বী লোকসকলৰ চাৰি বেদ
 
উল্লেখ্য যে, ৰঙিয়াৰ নিবাসী তথা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক প্ৰয়াত আলী বৰ্দি খান আৰু চামিনা খাতুনৰ কনিষ্ঠা কন্যা নুৰিমা ইয়াছমিনে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজত নাম ভৰ্তি কৰিছিল৷ কটন কলেজৰ পৰা সংস্কৃত বিষয়ত মেজৰ লৈ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা অত্যন্ত মেধা সম্পন্ন ইয়াছমিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু এম ফিল ডিগ্ৰী লাভ কৰে। 
 
ইয়াৰ পিছত তেওঁ ২০০৮ চনত সংস্কৃত বিষয়ত শাস্ত্ৰী আৰু ২০১৫ চনত পি এইচ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ ২০০৮ চনৰ পৰা নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত হৈ আছে। 
 
ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰান আৰু হিন্দু ধৰ্মালম্বী লোকসকলৰ ধৰ্মগ্ৰন্থ ঋক বেদ
 
ড° নুৰিমা ইয়াছমিন শাস্ত্ৰীয়ে কয়, "সংস্কৃত বিষয়টোৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ আছিল। মই অষ্টম শ্ৰেণীৰ পৰাই এই বিষয়টো অধ্যন কৰিছো। এই বিষয়টো লোৱাৰ বাবে মোক কোনোৱে বাধা দিয়া নাছিল। মই নিজে যেতিয়া স্কুলত সংস্কৃত বিষয়টো লৈছিলো তেতিয়া মোৰ শ্ৰেণীত মইয়ে একমাত্ৰ মুছলাম ছত্ৰী আছিলো। কিন্তু মোক কেতিয়াও তেওঁলোকে মোক তুচ্ছ জ্ঞান কৰা নাছিল। আমি সকলোৱে ভাই-ভগ্নীৰ দৰে আছিলো। মই সংস্কৃত বিষয়ত মেজৰ লৈ সুখ্যাতিৰে উত্তিৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিছিলো আৰু পিছত এম এ আৰু এম ফিল ডিগ্ৰী লাভ কৰাৰ উপৰি ২০০৮ চনত সংস্কৃত বিষয়ৰ শাস্ত্ৰী আৰু ২০১৫ চনত পি এইচ ডিগ্ৰী লাভ কৰিছিলো। এই ক্ষেত্ৰত মোক মোৰ পৰিয়ালে খুবে সমৰ্থন কৰিছিল। মই ভাবো যে, সকলোৱে সংস্কৃত পঢ়িব লাগে। কাৰন সংস্কৃত জানিবলগীয়া বহু কথা আছে। বৰ্তমান কাম কৰি থকা বিশ্ববিদ্যালয়খনত সংস্কৃত সাহিত্য, সংস্কৃত বেদ অধ্যয়ন বিভাগ আৰু সৰ্বদৰ্শন বিভাগ আছে। যত বহুত ইছলাম ধৰ্মালম্বী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।" 
 
ড° নুৰিমা ইয়াছমিন শাস্ত্ৰী মঙলদৈ চহৰৰ দুই নং ৱাৰ্ড নিবাসী তথা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ চামছুল হকৰ সৈতে বিবাহপাঁশত আৱদ্ধ হৈছে৷ তেওঁ এতিয়া দুটা সন্তানৰ মাতৃ৷ ইপিনে বিশ্ববিদ্যালয়ত ড° নুৰিমা ইয়াছমিনক দেখি ইছলাম ধৰ্মালম্বী লোকৰ বহু ছাত্ৰ ছাত্ৰী এই বিষয়টোৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে নিজৰ বিশ্ববিদ্যালয়খনত কেবাগৰাকীও ইছলাম ধৰ্মালম্বী ছাত্ৰীয়ে সংস্কৃত বিষয়ত স্নাতকোত্তৰ বিষয়ত অধ্যয়ন কৰি আছে৷
 
ড° নুৰিমা ইয়াছমিন শাস্ত্ৰীয়ে কয়, "বৰ্তমান আমাৰ চাৰিওফালে ধৰ্মৰ নামত বিভিন্ন মতামত শুনিবলৈ পোৱা যায়। কিন্তু কোৰান আৰু বেদৰ কতোৱে উল্লেখ কৰা নাই যে অন্য ধৰ্মক হিংসা কৰা। মই কোৰান পঢ়ো আৰু বেদও অধ্যয়ন কৰিছো। কিন্তু মই যিমানখিনি পঢ়িছো তাত মই কেতিয়াও একো পাৰ্থ্যক বিচাৰি পোৱা নাই। হিন্দু ধৰ্মালম্বী লোকসকলে ভগৱান বুলি বিশ্বাস কৰে আৰু আমি আল্লা বুলি এগৰাকী সৰ্বশক্তিমানকে বিশ্বাস কৰো। হিন্দু ধৰ্মালম্বী লোকসকলে বিভিন্ন ৰূপত ভগৱানক আৰধনা কৰে। সকলো ধৰ্মৰে ধৰ্ম প্ৰচাৰক আছে। তেওঁলোকেও কৈ গৈছে যে, যিদৰে নিজৰ ধৰ্মক সন্মান কৰা হয়, ঠিক তেনেদৰে আনৰ ধৰ্মকো সন্মান কৰিব লাগে।"