ভাৰত, বাংলাদেশ সমগ্ৰ বিশ্বৰ বাবে এতিয়া মহিলা সৱলীকৰণৰ আদৰ্শ হৈ পৰিছেঃ ড০ আবদুন নূৰ

Story by  Daulat Rahman | Posted by   Imtiaz Ahmed • 1 Years ago
বাংলাদেশত বস্ত্ৰ উদ্যোগত কাম কৰিছে মহিলাই
বাংলাদেশত বস্ত্ৰ উদ্যোগত কাম কৰিছে মহিলাই
 
দৌলত ৰহমান / গুৱাহাটী

ভাৰত আৰু বাংলাদেশ সমগ্ৰ বিশ্বৰ বাবে এতিয়া মহিলা সৱলীকৰণৰ আদৰ্শ হৈ পৰিছে; কিয়নো দুয়োখন দেশৰ মহিলাই সম্প্ৰতি ৰাষ্ট্ৰীয় আৰু সামাজিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিব পাৰিছে। এই কথা উল্লেখ কৰিছে বাংলাদেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ আৰু বিশ্ব বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া ড০ আবদুন নূৰে।

গুৱাহাটীত আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত ড০ নূৰে কয় যে মহিলা শিক্ষা আৰু সৱলীকৰণৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি থকাৰ সময়তে যোৱা কিছু বছৰত বাংলাদেশতো এই ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আৰু অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।
 
তেওঁ কয়, "মুছলমান সংখ্যাগৰিষ্ঠ দেশ হোৱাৰ পিছতো বাংলাদেশে ন্যায়পালিকাৰ যোগ্যতাসম্পন্ন মহিলাক ন্যায়াধীশ, সশস্ত্ৰ বাহিনী আৰু আৰক্ষী সেৱাত জেনেৰেল, প্ৰশাসনিক ব্যৱস্থাত সচিব, কূটনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰদূত আৰু উদ্যোগী হিচাপে নিযুক্তি দি ইছলামৰ সংৰক্ষণশীল ধাৰণাটো সলনি কৰাৰ চেষ্টা কৰিছে।"
 

ড০ আবদুন নূৰ; (সোঁফালে) বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
 
মহিলাৰ ৰাজনৈতিক সৱলীকৰণৰ ক্ষেত্ৰত ড০ নূৰে কয় যে ভাৰতকে ধৰি বিশ্বৰ কেইখনমান দেশৰ ভিতৰত বাংলাদেশ অন্যতম, য’ত এগৰাকী মহিলা প্ৰধানমন্ত্ৰী, এগৰাকী মহিলা সংসদৰ অধ্যক্ষ, কেইবাগৰাকীও মহিলা কেবিনেট মন্ত্ৰী আৰু মহিলা সাংসদ আছে।

উল্লেখ্য যে, ৮৩ বছৰীয়া আবদুন নূৰে জীৱনৰ বেছিভাগ সময় দেশ-বিদেশত ঘুৰি ফুৰিছে। ১৯৭৩ চনত তেওঁ স্বাধীন বাংলাদেশৰ প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগত শিক্ষা আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী হিচাপে কাম কৰি আছিল। ইয়াৰ উপৰিও ১৯৭০ চনৰ পৰা ড০ নূৰে ৱাশ্বিংটনত বিশ্ব বেংকৰ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। তেওঁ বৰ্তমান আমেৰিকাৰ স্থায়ী বাসিন্দা।

১৯৬০ চনত ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে ড° নূৰে লিখা-মেলাৰ সৈতে জড়িত হৈ পৰে। তেওঁৰ গল্প, উপন্যাস আৰু বিবিধ ৰচনাসমূহ দেশৰ বিভিন্ন সংবাদ পত্ৰত নিয়মিতভাৱে প্ৰকাশ পাই আহিছে।
 

মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ উচ্চ পৰ্যায়ৰ সমিতিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
 
ড° নূৰৰ লেখাসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বংগৰ সমাজ আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। তেওঁৰ প্ৰথমখন উপন্যাস ‘পাগাছাছ’ত দক্ষিণ আমেৰিকাৰ দুৰ্গম দেশ গায়ানাত বসবাস কৰা বাংলাদেশী আৰু ভাৰতীয় মূলৰ প্ৰজন্মৰ আত্মা-অন্বেষণৰ সন্ধান কৰা হৈছে। 

ড০ নূৰৰ দ্বিতীয়খন উপন্যাস শূন্যবৃত্তত ৱাশ্বিংটনক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইউৰোপত স্বাধীনোত্তৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ জীৱন সংগ্ৰাম, সুখ-দুখ, বিফলতা আৰু উদাসীনতাক চিত্ৰিত কৰা হৈছে। তেওঁৰ তৃতীয়খন উপন্যাস ‘উত্তৰন’-এ লেখকক আধুনিক ঢাকালৈ ঘূৰাই আনে। এগৰাকী বিবেকে দংশন কৰা নৃত্যশিল্পীৰ উন্নত জীৱন যাপনৰ ইচ্ছা আৰু পৰিচয় প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ কাহিনীৰ আধাৰত উপন্যাসখন লিখা হৈছে। 

২০০৭ চনত ড° নূৰে তেওঁৰ বিচলিত সময় নামৰ উপন্যাসখনত মোগল ৰজা ঔৰংজেবৰ তৃতীয় পুত্ৰ আজম শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বাংলাদেশৰ ঢাকালৈ যোৱা এগৰাকী সন্ধানহীন আহোম ৰাজকুমাৰীৰ বিষয়ে লিখিছিল। ড০ নূৰৰ মতে বাংলাদেশত ছোৱালী শিক্ষাৰ দ্ৰুত বিস্তাৰ দেশখনত মহিলা সবলীকৰণৰ আঁৰৰ অন্যতম প্ৰধান কাৰণ। ১৯৮০ চনৰ পৰা বাংলাদেশত ছোৱালীৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ হাৰ ১৯৯৮ চনত ৩৯ শতাংশৰ পৰা ২০১৭ চনত ৬৭ শতাংশলৈ বৃদ্ধি পাইছে।
 

বাংলাদেশত মহিলাৰ শিক্ষা। প্ৰতিনিধিত্বমূলক ছবি
 
কেইবাটাও উল্লেখনীয় পদক্ষেপ ফলত দেশখনত এনে অগ্ৰগতি সম্ভৱ হৈ উঠিছে। বিশেষকৈ মহিলা মাধ্যমিক বিদ্যালয় সহায়ক প্ৰকল্প (এফ এছ এছ এ পি)ৰ কথা উল্লেখ কৰিপ পাৰি, যিয়ে ১৯৯০ চনৰ আৰম্ভণিতে প্ৰথমে পাইলট প্ৰজেক্ট হিচাপে আৰু তাৰ পিছত দেশজোৰা প্ৰকল্প হিচাপে লিংগ সমতা লাভ কৰাত সহায়ক হৈ আহিছে। 

এফএছএছএপিয়ে ষ্টাইপেণ্ড আৰু টিউচন মাচুল ৰেহাই দিয়াটো মাধ্যমিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তি আৰু তেওঁলোকৰ শিক্ষা অব্যাহত ৰখাৰ সমন্বিত প্ৰচেষ্টাৰ অংশ আছিল। এই সফলতাৰ ওপৰত নিৰ্ভৰ কৰি বিশ্ব বেংকে আটাইতকৈ দৰিদ্ৰ শিশুসকলৰ বাবে দ্বিতীয় প্ৰজন্মৰ ষ্টাইপেণ্ড কাৰ্যসূচী আৰম্ভ কৰিছিল, যিয়ে ২৩ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছিল আৰু ইয়াৰে ৫৫ শতাংশ আছিল ছোৱালী।

“যেতিয়া মই আশীৰ দশকৰ আৰম্ভণিতে বিশ্ব বেংকৰ সৈতে কাম কৰি আছিলো, তেতিয়া বেংকে বিদ্যালয়ত শৌচাগাৰ নিৰ্মাণ, ইউনিফৰ্ম, ছোৱালীৰ বাবে বৃত্তি আৰু বেংক একাউণ্ট সৃষ্টিৰ দৰে পদক্ষেপ আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ যাবলৈ অনুপ্ৰাণিত কৰা। ছোৱালী শিক্ষাৰ্থীৰ মাজত ড্ৰপআউটৰ হাৰ হ্ৰাস কৰাত আমাৰ পদক্ষেপসমূহ ফলপ্ৰসূ প্ৰমাণিত হৈছিল।’-ড০ নূৰে কয়।