নতুন দিল্লী
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ তথা তামিলনাডুৰ প্ৰাক্তন ৰাজ্যপাল ফাতিমা বিৱিৰ কেৰেলাৰ কোল্লামৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।
পাঠানমথিটা জিলাত জন্মগ্ৰহণ কৰা বিৱিয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ছেইণ্ট জোচেফ কনভেণ্ট স্কুলত। কেৰালা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত বি এছ চি ডিগ্ৰী লাভ কৰি এৰ্নাকুলামৰ চৰকাৰী আইন মহাবিদ্যালয়ত আইন অধ্যয়ন কৰিবলৈ যায়।
তেখেতে কেৰালাৰ প্ৰথমগৰাকী মহিলা হিচাপে আইনৰ ডিগ্ৰী লাভ কৰি ১৯৫০ চনত অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ পিছত ১৯৮৩ চনত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে আয়কৰ আপীল ন্যায়াধিকৰণৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু ন্যায়িক সদস্য হিচাপে কাম কৰে।
১৯৮৯ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি বিৱিয়ে ইতিহাস ৰচনা কৰে। কিয়নো তেওঁ দেশৰ যিকোনো উচ্চ ন্যায়পালিকাত নিযুক্তি পোৱা প্ৰথমগৰাকী মুছলমান মহিলা আছিল।
১৯৯২ চনত উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা তেখেতে ১৯৯৭ চনত তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়।
২০০১ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰা তেখেতে কেৰেলা পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য আছিল। ভাৰতৰ ৰাষ্ট্ৰপতিকে ধৰি বহু উচ্চ পৰ্যায়ৰ পদৰ বাবে তেওঁৰ নাম বিবেচনা কৰা হৈছিল।
আইনী আৰু ৰাজনৈতিক জীৱনৰ উপৰিও ফাতিমা বিৱি এগৰাকী সমাজ কৰ্মী আছিল। বিভিন্ন মহিলা সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ মহিলা সবলীকৰণৰ দিশত কাম কৰিছিল। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিৱিয়ে সন্মানীয় ডক্টৰ অৱ লেটাৰ্ছ ডিগ্ৰী আৰু মহিলা শিৰোমণি বঁটাকে ধৰি অসংখ্য বঁটা আৰু সন্মান লাভ কৰে।
তেওঁ ভাৰত জ্যোতি বঁটাও লাভ কৰিছিল। তেওঁৰ জীৱন যাত্ৰাৰ আধাৰত নিৰ্মিত নীতিপাথাইলে ধীৰা বনিতা (ন্যায়ৰ পথত এগৰাকী সাহসী মহিলা) শীৰ্ষক এখন তথ্যচিত্ৰ ২০২৩ চনত মুক্তি লাভ কৰিছিল।