মামণি শৰ্মা
"কোনে মোক তুলি-তালি কৰিলে ডাঙৰ/মৌসনা মিঠা মাতে পাহৰি ভাগৰ/কৰিছিল স্নেহ মোক দুগালত চুমা খাই/তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷".....আই-মা-বৌটি..যি নামেৰেই অলঙ্কৃত নকৰোঁ কিয় যন্ত্ৰণাৰ উপশম নাশি জন্ম দি সন্তানক ধৰাৰ মুখ দেখুওৱা মাতৃগৰাকীয়েই হৈ পৰে সাইলাখ দেৱী স্বৰূপ। দয়া-ধৈৰ্য্য-ত্যাগৰ প্ৰতিভূ হৈ সঁচা অৰ্থত দেৱী ৰূপত গঢ় লৈ স্ব ৰূপত উজ্বলি উঠে প্ৰতিগৰাকী মাতৃ তথা নাৰী। যেন "দুখৰ ভৰ সহি সহি / দুভৰিত সুখ পাতি লোৱা / ৰৌদ্ৰ স্নানত গা জুৰ পেলোৱা / পুৰাতন ভাস্কৰ্য / তুমি যে "মা"।"
মে' মাহৰ দ্বিতীয়টো দেওবাৰত সমগ্ৰ বিশ্বত উদযাপিত হয় "মাতৃ দিৱস"। পৃথিৱীৰ প্ৰায় প্ৰতিগৰাকী মানুহৰেই প্ৰিয় তথা প্ৰথম উচ্চাৰিত শব্দ এই "মা"। শিশুৰ কলকলনিত "মা" শব্দৰেই অধিক মুখৰ হৈ পৰে চৌদিশ-চৌপাশ। "মা" ৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এটি দিন যেন "মাতৃ দিৱস"। যি দিৱসত উদযাপিত অনুষ্ঠানৰ জৰিয়তে "মা"ৰ প্ৰতি থকা মৰম-ভাল পোৱা-শক্তি-ত্যাগ-ধৈৰ্য্যৰ ভিন্ন ৰূপ প্ৰতিভাত হৈ উঠে।
প্ৰতিনিধিত্বমূলক ফটো
প্ৰিয় পাঠক, মাতৃৰ মমতা মাথোঁ এটা দিন উদযাপনৰ জৰিয়তে জানো জুখিব পাৰি। কথাতেই আছে "নৈৰ সমান বব কোন, আইৰ সমান হব কোন"। "মাতৃ"ৰ প্ৰতি ভাল পোৱা কিম্বা মাতৃ প্ৰেমে প্ৰতিগৰাকী সন্তানক সদায়েই ৰাখে আবৰি ওচৰতকৈও ওচৰ কৰি। কোনো কলুষতাই ঠাই নোপোৱা মাতৃপ্ৰেমত আছে মাথোঁ পৱিত্ৰতাতকৈও পৱিত্ৰতম ভাৱসমৃদ্ধি। "মা" এটি মাথোঁ শব্দ নহয়....ই হৈছে শক্তি-সাহসৰ অনন্ত ৰূপ যেন এটি সেউজীয়া উশাহ। "Every mother in the world has gigantic hearts"-হয় মাতৃ হৃদয়ৰ বিশালতা তুলনাবিহীন। দৰাচলতে যি বিশালতাক উদযাপিত কোনো এটি দিনেৰে জুখি চাব নোৱাৰি। প্ৰতিগৰাকী মাতৃৰ বাবে জীৱনৰ পৰম প্ৰাপ্তিয়েই হ'ল সন্তান। পৃথিৱীবাসীলৈ যেন সমগ্ৰ মাতৃৰ অনন্য উপহাৰ এই সন্তান।
"মা" এক শক্তি....মহাশক্তি। শক্তিৰ অধিষ্ঠাতৃ দেৱীয়েই আকৌ দূর্গা। দেৱী দূর্গাৰ শক্তি কঢ়িয়াই কঢ়িয়াই প্ৰতিগৰাকী মাতৃয়েই হৈ পৰে, সেয়ে অধিক শক্তিশালী। সৃষ্টিৰ আধাৰ নাৰী তথা মাতৃ...অনুপম সৃষ্টিৰ মূল আধাৰ এই মাতৃ এটি বিশেষ দিনত বন্দিত হোৱাটো অতিকৈ আশাব্যঞ্জক কথা। সৃষ্টি-স্থিতি-বিনাশীনি হৈ পৰা মাতৃ হৈ পৰে দেৱী স্বৰূপিনী। আদিশক্তি-মহাশক্তি ৰূপে হিন্দু ধৰ্মত পূজা কৰা হয় মাতৃক। ধৰ্মীয় প্ৰভাৱৰ সুবাদতেই হওঁক কিম্বা ভাৰতীয় সংস্কৃতিৰ অপৰিসীম প্ৰভাৱতেই হওঁক সমগ্ৰ ভাৰতবৰ্ষততেই মাতৃক সমাজৰ গৌৰৱ তথা প্ৰেৰণাময়ী শক্তি ৰূপে গণ্য কৰা হয়।
এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আয়োজিত মাতৃ দিৱসৰ এক মুহূৰ্ত (ফাইল ফটো)
ইতিহাস সন্ধানী মনে দিয়া বতৰা অনুসৰি ১৮৫৮ চনৰ কোনো এটি দিনত এন মাৰিয়া ৰিভছ জাৰৱিছ নামৰ মহিলা এগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধত মাতৃসকলৰ ভগ্ন স্বাস্থ্যৰ উন্নতিৰ অৰ্থে সজাগতা বৃদ্ধি প্ৰয়াসক তেওঁ "মাতৃৰ কৰ্ম দিৱস" ৰূপে মানি চলিছিল। ১৮৭০ চনত জুলীয়া ৱাৰ্ড হো নামৰ এগৰাকী কবি তথা সমাজ সেৱিকাই "মাতৃ দিৱস" ঘোষণাৰে শান্তি আৰু নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যে মাতৃসকলক লৈ সমদল উলিয়াইছিল যদিও তেওঁ কৃতকাৰ্য হব নোৱাৰিলে।
১৯০৫ চনৰ ৯ মেত মৃত্যু হয় এন মাৰিয়া ৰিভছ জাৰৱিছৰ মৃত্যুৰ পিছত কন্যা আন্না মাৰিয়া জাৰৱিছে মাতৃৰ আধৰুৱা সপোন পূৰ্ণ কৰাৰ কথা চিন্তা কৰে। ১৯০৭ চনৰ ১২ মে দেওবাৰে আন্নাই ঘৰতে অনুষ্টুপীয়াকৈ এখন সভা আয়োজন কৰে। ১৯০৭ চনৰ ১২ মে দেওবাৰটো আছিল মে মাহৰ দ্বিতীয়টো দেওবাৰ।
আন্না মাৰিয়া জাৰৱিছৰ উৎসাহতে বন্ধু-বান্ধৱী আৰু গীৰ্জা কৰ্তৃপক্ষৰ সহযোগত ১৯০৮ চনৰ ১০ মে ত ৪০৭টি শিশু আৰু সেই শিশুসকলৰ মাতৃ সহিতে পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰেফটন নগৰৰ এন্দ্ৰুজ মেথ'ডিষ্ট এপিচক'পল গীৰ্জাত ৰাজহুৱাকৈ "মাতৃ দিৱস" উদযাপিত হয় আৰু এই মাতৃ দিৱস কাৰ্যসূচীয়েই ক্ৰমশঃ আন ঠাইলৈ প্ৰসাৰ লাভ কৰে। মাতৃৰ প্ৰতি আন্না মাৰিয়া জাৰৱিছৰ এই অনন্য উপহাৰৰ সোৱাদেই যেন বিস্তাৰিত ৰূপ পালে সমগ্ৰ বিশ্বত। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিৱসে ১৯১২ চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰে আৰু ১৯১৪ চনত ৰাষ্ট্ৰপতি উড্ৰ উইলছনে "মাতৃ দিৱস"ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় দিৱস ৰূপে ঘোষণা কৰে।
প্ৰতিনিধিত্বমূলক ফটো
সন্তানৰ বাবে কি নকৰে বাৰু মাতৃয়ে। সঙ্গীতৰ অ আ ক খ নজনা মাতৃয়ে কি যাদুৰে নিচুকনি গীতৰ মায়াজালত বন্দী কৰি ৰাখে সন্তানক। তীব্ৰ প্ৰসৱ যন্ত্ৰণাকো জীৱনৰ চৰম সুখ গণ্য কৰা মাতৃয়ে মাথোঁ প্ৰতি সময়-অসময় সন্তানলৈ সুখৰ ফাকুগুৰি ছটিয়াই থাকে। অহৰহ ব্যস্ত থাকে সন্তানৰ সুখত সুখী হবলৈ।
সন্তানে ভালদৰে ভাত নাখালে অসুখী হৈ পৰা মাতৃক যেতিয়া সন্তানে অবজ্ঞা কৰে......বুকুৰ উমেৰে শীতৰ ৰাতি নিচুকাই শুৱাই থোৱা সন্তানেই যেতিয়া ঠেটুৱৈ লগা জাৰত মাতৃক ঠেলি দিয়ে পদপথৰ বুকুলৈ তেতিয়াই হাহাকাৰ কৰি উঠে অন্তৰাত্মা। ঘৰুৱা হিংসাৰ বলি হৈ পৰে মাতৃ। এৰিবলগীয়া হৈ পৰে ঘৰ ফলস্বৰূপে আবাসী হৈ পৰে পদপথ কিম্বা বৃদ্ধাশ্ৰমৰ। হয়তো সেইবাবেই নাচিকেতাৰ কণ্ঠত প্ৰাণ পাই উঠিছে এই জীয়া ছবি অধিক হৃদয়স্পৰ্শী ৰূপত-"স্যেলে আমাৰ মস্ত মানুষ/মস্ত অফিচাৰ/মস্ত ফ্লেট-যায় না দেখা/ইপাৰ-ঔপাৰ/নানা ৰকম জিনিস/আৰ আচবাব দামী দামী/সবসে কম দামী সিলাম/একমাত্ৰ আমি/স্যেলেৰ আমাৰ/আমাৰ প্ৰতি/অগাধ সম্ভ্ৰম/আমাৰ ঠিকনা তাই/বৃদ্ধাশ্ৰম...।"
মাতৃ দিৱসত মাকক মিঠাই খুৱাইছে তেওঁৰ মৰমৰ কন্যাই (প্ৰতিনিধিত্বমূলক ফটো)
লুণ্ঠিত-বঞ্ছিত মাতৃৰ জীয়া ছবিয়ে সময়ে সময়ে সমাজ অস্থিৰ কৰি তোলাৰ বিপৰীতে মাতৃৰ বাবে অস্থিৰ হৈ পৰা সন্তানৰ জীয়া ছবিয়েও সময়ে সময়ে জগাই তোলে গভীৰ আশাবাদ। পৱিত্ৰ "মাতৃ দিৱস"ৰ এই ক্ষণত নেতিবাচক মানসিকতাৰ সন্তানৰ মনতো প্ৰৱল আশাবাদ জগাই তুলিব বুলিয়েই বিশ্বাস ওপজে। মাতৃ প্ৰেমৰ প্ৰতি আন্না মাৰিয়া জাৰৱিছৰ অনন্য উপহাৰ মাতৃ দিৱসেই হয়তো গতি সলাই দিব নেতিবাচক মানসিকতাৰ। ৰুদ্ৰসিংহৰ দেশৰ সন্তানে নিশ্চয় অনুধাৱন কৰিব মাতৃ প্ৰেমৰ অমল সৌন্দৰ্য্য।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে কৈছিল "মই দেখা সকলোতকৈ ধুনীয়া মহিলা আছিল মোৰ মা। মই যি হওঁ সেয়া মোৰ মাৰ বাবেহে। মোৰ জীৱনৰ সকলো শাৰীৰিক-নৈতিক-বৌদ্ধিক শিক্ষাৰ মূলতে মোৰ মা।" সচাকৈয়ে মাতৃৰ সৌন্দৰ্য্য তুলনাতীত। অন্য কোনো সৌন্দৰ্য্যৰ লগত তুলনা নহয় মাতৃ প্ৰেমৰ সৌন্দৰ্য্য। অনন্ত কাল জুৰি যি জিলিকি থাকে সগৌৰৱে বিজয় নিচান উৰুৱাই। অথচ সেই সৌন্দৰ্য্যৰ সঠিক মূল্যায়নত যেন অপাৰগ এচাম সন্তান।
অকৃত্ৰিম প্ৰেমৰ আলয় এই "মা"ৰ বাবেই ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী সন্তানেই উপলব্ধি কৰক এই সত্য। মৌনতাৰে বিষাদগাথা ৰচি ৰচি সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈয়ে অহৰহ প্ৰয়াস কৰা প্ৰতিগৰাকী মাতৃৰ মুখত প্ৰতিগৰাকী সন্তানে সিঁচি দিয়ক স্বতঃস্ফূৰ্ত হাঁহিৰ নিজৰা। সঁচা অৰ্থত সমাজৰ প্ৰতিগৰাকী মাতৃ সুখী হ'লেহে সুখী হব সমাজ- "When mother is happy, family is happy.When family is happy, nation is happy."
পৰিৱৰ্তনশীল সংস্কৃতিৰ হাতে হাত ধৰি আহি নিগাজিকৈ বহি লৈছে "মাতৃ দিৱস"। ভাল লগা এটি দিন...মাতৃৰ নামত উৎসৰ্গিকৃত এটি দিন। যি দিনে পথভ্ৰস্ত সন্তানকো উপলব্ধি কৰাত সহায় কৰিব পাৰে উপহাৰ প্ৰাপ্তিৰ চিৰন্তন মৰ্মাৰ্থ। কোনো কালে ঋণ পৰিশোধ কৰি মুকলি হ'ব নোৱাৰা সন্তানে উদ্বেগজনক এই সময়ত উপলব্ধি কৰক মাতৃ প্ৰেমৰ চিৰন্তন সৌন্দৰ্য্য। মাতৃ প্ৰেমৰ চিৰন্তন সৌন্দৰ্য্যৰ গভীৰতা অনুধাৱন কৰিয়েই সুধাকণ্ঠই অকুণ্ঠ চিত্তে আঁওৰাইছিল মাতৃ প্ৰেমৰ সেই সেউজীয়া সৌন্দৰ্য্য-"আই তোক কিহেৰে পূজিমে/আই তোৰ চৰণে দুখানি/আই অ' কিহেৰে পূজিমে/আই অ' জীৱন দি পূজিমে তোক …..."