এটি নামঘৰ আৰু এহাল মুছলমান দম্পতী

Story by  atv | Posted by  Munni Begum • 1 Years ago
নামঘৰৰ ভিতৰত গুৰুজনাক ওচৰত স-ভক্তিৰে আঁঠু লৈ সেৱা জনাইছে নাৰ্ছিমা বেগম বৰা আৰু তেওঁৰ স্বামী ৰহমত উল্লাই
নামঘৰৰ ভিতৰত গুৰুজনাক ওচৰত স-ভক্তিৰে আঁঠু লৈ সেৱা জনাইছে নাৰ্ছিমা বেগম বৰা আৰু তেওঁৰ স্বামী ৰহমত উল্লাই
মুন্নী বেগম / গুৱাহাটী
 
ধৰ্মৰ উৰ্দ্ধত গৈ মানৱতাৰ জয়গান গালে গুৱাহাটীৰ এহাল মুছলমান দম্পতী আৰু এটি নামঘৰে। গুৱাহাটীৰ পূব প্ৰান্তৰ বীৰকুছিৰ বিহগী নগৰ অঞ্চলৰ নামঘৰত যোৱা দেওবাৰে মুছলাম দম্পতী ৰহমত উল্লা ওৰফে ৰাণা আৰু নাৰ্ছিমা বেগম বৰাই সম্পূৰ্ণ বৈষ্ণৱ ৰীতি-নীতিৰে শৰাই আগবঢ়ায় আৰু গুৰু আসনৰ সন্মুখত স-ভক্তিৰে আঁঠু লৈ সেৱা জনায়। 
 
মনকৰিবলগীয়া যে, এই দম্পতীহালে নিজৰ সুখ সমৃদ্ধি বিচাৰি নামঘৰত শৰাই আগবঢ়োৱা নাছিল। তেওলোকে আঁচলতে এগৰাকী হিন্দু ধৰ্মালম্বী বন্ধুৰ পিতৃৰ আশু আৰোগ্য কামনা কৰি গুৰুজনাৰ সন্মুখত আঁঠু লৈ শৰাই  আগবঢ়ায়। হিন্দু-মুছলমান কেন্দ্ৰিক সংঘাত আৰু ধৰ্মীয় অসহিষ্ণুতাই দেশৰ পৰিৱেশ অস্থিৰ কৰি তোলাৰ সময়তে বীৰকুছিৰ এই মুছলমান দম্পতীহালৰ মহানুভৱতা সমাজৰ বাবে নিশ্চয়কৈ আদৰ্শস্বৰূপ।  ঠিক সেইদৰে, বিহগী নগৰ নামঘৰ কমিটীৰ উদাৰতাও আদৰণীয় আৰু প্ৰশংসাৰ যোগ্য।  
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সক্ষাৎকাৰত নাৰ্চিমা বেগম বৰাই কয়, "মই সৰুৰে পৰা এনেকুৱা এখন সমাজত ডাঙৰ দীঘল হৈছো, য'ত কেতিয়াও কোনো ধৰনৰ ভেদা ভেদ দেখা নাছিলো। জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে বসবাস কৰি আহিছে। মই নিজৰ ধৰ্মৰ লগতে আনৰ ধৰ্মকো সমানে শ্ৰদ্ধা কৰো। কিছুদিনৰ পূৰ্বে মোৰ এগৰাকী বন্ধুৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছিল। তেওঁৰ আৰোগ্য কামনাৰে মই আৰু মোৰ স্বামীয়ে নামঘৰত নৈবদ্য অৰ্থাৎ শৰাই আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিলো। অৱশ্যে, দুর্ভাগ্যজনকভাৱে তেওঁ মৃত্যুবৰণ কৰিলে।  কিন্তু মানস কৰা নৈবদ্য যিহেতু বাতিল কৰা নাযায়। সেয়েহে মই স্থানীয় বিহগী নগৰ নামঘৰ কমিটীৰ সৈতে যোগাযোগ কৰিলো। ধর্মীয় উদাৰতাৰ অনন্য নিদর্শনেৰে নামঘৰৰ বিষয়ববীয়াসকলেও বিষয়টোত আগ্ৰহেৰে সন্মতি জ্ঞাপন কৰিলে। সেই অনুসৰি দেওবাৰে সন্ধিয়া মই আৰু মোৰ স্বামীয়ে নৈবদ্যসহ নামঘৰৰ মজিয়াত উপস্থিত হ'লো আৰু  নৈবদ্য আগবঢ়াই গুৰুজনাৰ ওচৰত সেৱা জনালো।"  
শিৱসাগৰৰ মঠিয়াছিগাৰ জীয়ৰী আৰু পিছলৈ ৰহমত উল্লাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ গুৱাহাটীৰ বোৱাৰী হোৱা নাৰ্চিমা এতিয়া গুৱাহাটীৰ বীৰকুছি অঞ্চলৰ স্থায়ী বাসিন্দা। তেওঁ নিৰ্ভাজ অসমীয়া মেখেলা-চাদৰৰ লগতে কান্ধত ফুলাম গামোচা লৈ স্বামী ৰহমত উল্লাৰ সৈতে গুৰু আসনৰ সন্মুখত পৰম ভক্তিৰে প্ৰণিপাত কৰি ভকত-বৈষ্ণৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰাৰ দৃশ্য সঁচাকৈয়ে হৃদয়স্পৰ্শী।
নাৰ্ছিমাই কয়, "নামঘৰত এয়া মই প্রথমবাৰৰ বাবে প্ৰৱেশ কৰা নাছিলো। ছোৱালী কালৰে পৰা মই নামঘৰত প্ৰৱেশ কৰিছিলো। যিহেতু মই শিৱসাগৰৰ ছোৱালী। সেয়েহে মই শিৱসাগৰ চহৰত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। মই শিৱসাগৰৰ কে পি চাৰিআলি নামঘৰৰ মজিয়াত অনুষ্ঠিত প্রতিযোগিতাত শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ বিষয়ক স্ব-ৰচিত ৰচনা পাঠ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছিলো। মঠিয়াছিগা আঞ্চলিক ৰাস মহোৎসৱত ৰাধাৰ ভূমিকাত অভিনয় কৰিছিলো।"
 
স্থানীয় মহিলা সকলৰ সৈতে নামঘৰৰ ভিতৰত দিহানাম পৰিবেশন কৰিছে নাৰ্ছিমা বেগম বৰাই
 
বিহগী নগৰ নামঘৰৰ মজিয়াত ভকত বৈষ্ণৱৰ সৈতে বহি হৰিনামৰ ৰসত বুৰ গৈ সমন্বয়ৰ এক অনন্য নজিৰ সৃষ্টি কৰি বৰগীত, ঘোষা, দিহানাম আদি পৰিবেশন কৰা বীৰকুচিৰ স্থানীয় মহিলাসকলৰ সৈতেও সহযোগিতা আগবঢ়াইছিল ৰহমত উল্লা আৰু নাৰ্ছিমা বেগম বৰাই। দিহানাম, নাগাৰা-তালৰ ধ্বনিৰে মুখৰ হৈ পৰা পৰিৱেশৰ সৈতে একাকাৰ হৈ মানৱদৰদী দম্পতীহালে অসমখনক একতা-সম্প্ৰীতিৰ মিলনভূমি বুলি আকৌ এবাৰ প্ৰমাণ কৰিছে।   
এই সন্দৰ্ভত ৰহমত উল্লাই কয়, "কোনো ধৰ্মইয়ে মানুহক অস্পৃশ্য জ্ঞান কৰিবলৈ শিক্ষা নিদিয়ে। সকলো ধৰ্মৰ মূলতে লুকাই থাকে মানৱতাৰ গভীৰতা। আমি পৰস্পৰে পৰস্পৰৰ বাবে  আগুৱাই আহিলেহে মানৱ সমাজখন সঁচা অৰ্থত জিলিকি উঠিব।" 
ইফালে, বিহুগী নগৰ নামঘৰৰ অন্যতম প্রতিষ্ঠাতা তথা প্রবীণ সমাজকৰ্মী কমলেশ্বৰ বৰ্মনে নাৰ্চিমা আৰু ৰহমত উল্লাক আশীর্বাদ দি কয় যে  সমাজ সংস্কাৰৰ বাবে আমাৰ যথেষ্ট কৰণীয় কাম আছে।  
 
স্থানীয় হিন্দু ধৰ্মালম্বী মহিলাসকলৰ সৈতে পৰম্পৰাগত অসমীয়া সাজপাৰ পৰিধান কৰা নাৰ্ছিমা বেগম বৰা
 
উল্লেখ্য যে, অসমীয়া সমাজত তেনে ধর্মীয় উদাৰতাৰ অনেক উদাহৰণ আছে। আজিও বহু গ্রামাঞ্চলত ধৰ্মীয় পৰিধি ভেদ কৰি হিন্দু-মুছলমানে একত্ৰিত হৈ নামঘৰত বহি হৰিনামৰ ৰসত নিমজ্জিত হোৱাৰ দেখা যায়। বিহগী নগৰ নামঘৰ কৰ্তৃপক্ষইও উদাৰতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।