বজাৰত স্বাস্থ্য সন্মত আচাৰ যোগান ধৰাৰ প্ৰচেষ্টা শ্বেহনাজ আহমেদৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
"গৃহিনী চুপাৰষ্টাৰ" খিতাপ লাভ কৰা শ্বেহনাজ আহমেদ
মুন্নী বেগম / গুৱাহাটী
 
আচাৰ সকলোৰে প্রিয়। আচাৰে খাদ্যত সোৱাদ বৃদ্ধি কৰে। কিন্তু  বজাৰত উপলব্ধ অধিকাংশ আচাৰে স্বাস্থ্যসন্মত নহয়। সেয়েহে গুৱাহাটীৰ হাতিগাঁৱৰ নিবাসী শ্বেহনাজ আহমেদে স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুত কৰি বজাৰত যোগান ধৰি আহিছে।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বেহনাজ আহমদে কয়, "সঁচা কথা কবলৈ হ'লে মই ৰান্ধি খুবেই ভাল পাওঁ। মই অসমীয়া ব্যঞ্জন টেঙা, খাৰ, পিটিকি, আদি লগতে অসমীয়া মুছলিম খাদ্য, বেকেৰীৰ সামগ্ৰী ঘৰতে প্ৰস্তুত কৰো। ইয়াৰোপৰি মই বিভিন্ন প্ৰকাৰৰ আচাৰ প্ৰস্তুত কৰো। মই ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত বিভিন্ন ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহন কৰিলো। এই ক্ষেত্ৰত মোক মোৰ স্বামীয়ে যথেষ্ট সহায় উৎসাহ তথা সমৰ্থন কৰিছিল। মই ৰেঙণি টিভিৰ "গৃহিনী চুপাৰষ্টাৰ" শীৰ্ষক ৰন্ধন প্ৰতিযোগিতাত দ্বিতীয় বিজয়ীৰ খিতাপ লাভ কৰিছোঁ।"  
আমাৰ শৰীৰ সুস্থ্যকৈ ৰাখিবলৈ বিভিন্ন পৌস্তিক উপাদানৰ খুবেই আৱশ্যক হয়। বিশেষকৈ টেঙাজাতীয় ফল সমুহে আমাৰ দেহৰ যথেস্থ উপকাৰ সাধন কৰে। কিন্তু আম, আমলখি,কৰ্দৈ,ঔটেঙা,অমৰা,জলফাই ইত্যাদি টেঙাফলসমুহ সকলো সময়তে উপলব্ধ নহয়। সেয়ে বেচিদিনলৈ গুণাগুণ নষ্ট নহোৱাকৈ মচলাসহ তেল আৰু নিমখত সংৰক্ষন কৰা প্ৰনালীৰে আচাৰৰ উৎপত্তি হয়। পুৰনি আচাৰ আমাৰ স্বাস্থ্যৰ বাবে অধিক গুণকাৰী বুলি এক ধাৰনা আছে। সেয়েহে ঘৰে ঘৰে মহিলা সকলে বৰ হেপাঁহেৰে বিভিন্ন ধৰনৰ আচাৰ প্ৰস্তুত কৰা দেখা যায়। আচাৰৰ পদ্ধতিত সংৰক্ষিত ফল সমুহৰ তেল জলা মচলা আদিৰ সংমিশ্ৰন আৰু ৰ'দৰ প্ৰভাৱত এইবোৰৰ গুণ অধিক মাত্ৰাত বৃদ্ধি হয়। নিমখত থোৱা তেতেলি, গোলনেমু আদি আচাৰ যিমান বছৰলৈ সংৰক্ষণ কৰি ৰখা হয় ইয়াৰ সিমানে গুণ বাঢ়ে।
শ্বেহনাজ আহমদে কয়, "আমাৰ সকলোৰে দৈনিক খাদ্যৰ তালিকাত আচাৰৰ প্ৰচলন দেখা যায়। কিন্তু বজাৰত উপলব্ধ আচাৰত যথেষ্ট খিনি নিমখ আৰু মছলা থাকে। সেয়েহে মই নিমখ কম মছলা ব্যৱহাৰ  কৰি স্বাস্থ্য সন্মত আচাৰ প্ৰস্তুত কৰি আহিছো। মই আম, জলকীয়া, কলদিল, আমলখি, জলফাই, ঔটেঙা, কাছকাল, বিলাহী, নহৰু পাত, ভোট জলকীয়া, ওলকচু, গাজৰ, নেমু, বাঁহ গাজ, আদা-জলকীয়া, মাংস, বগৰী, মেথি আদিৰ আচাৰ প্ৰস্তুত কৰো। জিৰা, সৰিয়হ, চ'ফ, ৰান্ধনী মছলা, ধনীয়া, জলকীয়া আৰু তেল ব্যৱহাৰ কৰি অতি স্বাস্থ্য সন্মতভাৱে আচাৰ প্ৰস্তুত কৰো।"
 
ৰন্ধন প্ৰতিযোগিতাত শ্বেহনাজ আহমেদে প্ৰস্তুত কৰা অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ সৈতে
 
বহুতে ভাবে মচলা খালে অন্যায় কৰিব পাৰে। আচলতে আমি আচাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা মচলা ক্ৰমে হালধী, জিৰা, জালুক, মেথি, জনীগুটি, চ'ফ, লং, ইলাচী, ডালচিনি আদি দেহৰ ৰোগভেদে প্ৰতিবিধেই আমাৰ দেহৰক্ষাকাৰী ঔষধী হয়। কিয়নো মেথি, লং, ইলাচী, দালচিনি আদি কফ আৰু বাতজনীত ৰোগত উপকাৰী, জনীগুটি বা অজইন, জিৰা,কলাজিৰা, আদি পিত্তজনীত ৰোগত উপকাৰী। গতিকে মচলাই দেহৰ বাত, পিত্ত, কফৰ সমতা ৰক্ষা কৰাত যথেস্থ সহায় কৰে বুলি শ্বেহনাজে কয়।  
শ্বেহনাজ আহমেদে আচাৰ প্ৰস্তুত কৰি মনুহৰ হৃদয়ত স্থান দখল কৰাৰ লগতে আচাৰৰ ব্যৱসায় আৰম্ভ কৰি নিজৰ উপাৰ্জনৰ বাট মুকলি কৰি লৈছে। পৰিস্কাৰ আৰু ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্য তথা আচাৰৰ বাবে শ্বেহনাজে গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। গ্ৰাহকসকলে ফেচবুক তথা হোৱাটচএপৰ জৰিয়তে শ্বেহনাজক অৰ্ডাৰ দিয়ে। শ্বেহনাজে নিজে গ্ৰাহকৰ ঘৰলৈ গৈ খাদ্য যোগান ধৰি অহাৰ লগতে বহু গ্ৰাহকে অৰ্ডাৰবোৰ শ্বেহনাজৰ ঘৰলৈ আহিও লৈ যায়। শ্বেহনাজে বৰ্তমান সৰু সৰু পাৰ্টি, জন্মদিন আদিৰ বাবে খাদ্য প্ৰস্তুত কৰি আহিছে।  
শ্বেহনাজে কয়, "প্ৰথমে মই ঘৰৰ লোকসকলৰ বাবে বিভিন্ন প্ৰকাৰৰ অসমীয়া ব্যঞ্জন প্ৰস্তুত কৰিছিলো। যিবোৰৰ বাবে মই সকলোৰে পৰা যথেষ্ট প্ৰসংশা লাভ কৰিছিলো। পিছত মই মোৰ খাদ্যবোৰ চ'ছিয়েল মিডিয়াৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যোৱাৰ কথা ভাবিলে আৰু সফলতা লাভ কৰিলো। বৰ্তমান মই ৰন্ধা খাদ্যই গ্ৰহকৰ মাজত যথেষ্ট চাহিদা লাভ কৰিছে।"   
 
শ্বেহনাজ আহমেদে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ খাদ্য
 
শ্বেহনাজ আহমদে কেৱল আচাৰে নহয় বিভিন্ন প্ৰকাৰৰ সুস্বাদু অসমীয়া ব্যঞ্জন, পিঠা-লাড়ু, কেক আদিৰ ওপৰিও মোগল খাদ্য ক্ৰমে, বিৰিয়ানী, পুলাও, চিকেন ৰোষ্ট, কোফ্টা, কাবাব  আদি প্ৰস্তুত কৰি কেইবাটাও সন্মান লাভ কৰিছে। 
 
শ্বেহনাজ আহমেদে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ আচাৰ আৰু বেকাৰী সামগ্ৰী
 
শ্বেহনাজে তেওঁৰ ব্যৱসায়ৰ সন্দৰ্ভত মন্তব্য কৰি কয়, "ক'ভিডৰ পূৰ্বে মই প্ৰস্তুত কৰা আচাৰ বিক্ৰীৰ বাবে ওচৰৰে দোকানবোৰত যোগান ধৰিছিলোঁ। কিন্তু ক'ভিডৰ সময়ত মোৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। এতিয়া মই পুনৰ বিক্ৰী আৰম্ভ কৰিছো। মই নতুনকৈ আচাৰ বিক্ৰীৰ বাবে পৰিকল্পনা কৰিছো। এতিয়াও মোৰ ঘৰৰ পৰাই বিভিন্ন জনে আচাৰ ক্ৰয় কৰি আহিছে। ইয়াৰোপৰি বিভিন্ন জনে খাদ্য তথা আচাৰৰ বাবে মোক অৰ্ডাৰ কৰে। তদুপৰি মই সৰু সৰু অনুষ্ঠান যেনে জন্মদিন, গেট টু গেডাৰ আদিৰ বাবে মই খাদ্য যোগান ধৰোঁ।"