ধৰ্ষণকাৰী, হত্যাকাৰীৰ মুক্তিক প্ৰত্যাহ্বান; বিলকিছ বানোৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
গৰ্ভৱতী অৱস্থাত ধৰ্ষণৰ বলি হোৱা দূৰ্ভগীয়া বিলকিছ বানো
গৰ্ভৱতী অৱস্থাত ধৰ্ষণৰ বলি হোৱা দূৰ্ভগীয়া বিলকিছ বানো
 
নতুন দিল্লী

গৰ্ভৱতী অৱস্থাত ধৰ্ষণৰ বলি হোৱা বিলকিছ বানোৰ আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ে নতুন বিচাৰপীঠ গঠন কৰি ১১জন ধৰ্ষণকাৰী আৰু হত্যাকাৰীক শাস্তি শেষ হোৱাৰ পূৰ্বে মুকলি কৰি দিয়াৰ সিদ্ধান্ত পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠত আছে ন্যায়াধীশ পি এছ নৰসিং আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা। বুধবাৰে মুখ্য ন্যায়াধীশগৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে নতুন বিচাৰপীঠ এখন গঠন কৰা হৈছে। আজি বিয়লিৰ পৰা গোচৰৰ শুনানি  আৰম্ভ হ’ব।

বিলকিছৰ হৈ এই গোচৰৰ শুনানিত অংশ লৈছিল অধিবক্তা শোভা গুপ্তাই। তেওঁ কয়, ‘আমি সুখী যে উচ্চতম ন্যায়ালয়ে ১১ জন অপৰাধীৰ মুক্তিৰ সিদ্ধান্তৰ পুনৰীক্ষণৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে।’ উল্লেখ্য যে, ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ১১জন দোষীক মুক্তিৰ সিদ্ধান্তৰ পৰ্যালোচনাৰ দাবীক নাকচ কৰিছিল। ইয়াৰ পিছতে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, চিপিএম নেত্ৰী সুহাছিনী আলী, সাংবাদিক ৰেৱতী লৌল, লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু সেই অপৰাধীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছিল।

প্ৰসংগক্ৰমে ১৫ আগষ্টৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে বিলকিছ কেলেংকাৰীত দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে ধৰ্ষণ গোচৰৰ দোষীসকলে উচ্চতম ন্যায়ালয়ত মুক্তিৰ বাবে আবেদন জনাইছিল। আদালতে গুজৰাট চৰকাৰক সেই আবেদনৰ ভিত্তিত সিদ্ধান্ত ল’বলৈ কয়। বিজেপি শাসিত গুজৰাট চৰকাৰে ১১ জন দোষীক মুক্তিৰ বাবে কাতৰ অনুৰোধ জনাইছে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে ১১ জন লোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত ঘোষণা কৰে। অভিযোগ অনুসৰি, স্থানীয় বিজেপি নেতৃত্বই অপৰাধীক মুক্তিৰ পাছত আদৰণি জনায়।

ইয়াৰ পিছত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হয়। ১১ জন ধৰ্ষণকাৰী আৰু হত্যাকাৰীক কাৰ্যকাল শেষ হোৱাৰ আগতেই কিয় মুকলি কৰি দিয়া হ’ল সেই লৈ বিতৰ্ক চলি আছে। বিতৰ্কৰ মাজতে গুজৰাট চৰকাৰে কয় যে ১১ জন ধৰ্ষণকাৰী আৰু হত্যাকাৰীয়ে জেলত ‘ভাল আচৰণ’ কৰিছিল, যাৰ বাবে তেওঁলোকৰ শাস্তি হ্ৰাস কৰা হৈছে।