সমাজৰ বাধা নেউচি জীৱনক নতুন মাত্ৰা প্ৰদান কৰিছে তেহমীনা, শ্বৰীকাই

Story by  Aasha Khosa | Posted by  Munni Begum • 1 Years ago
চৈয়দা তেহমীনা ৰিজৱী আৰু শ্বৰীকা মালিক
চৈয়দা তেহমীনা ৰিজৱী আৰু শ্বৰীকা মালিক
 
আছা খোছা / নতুন দিল্লী
 
চৈয়দা তেহমীনা ৰিজৱী আৰু শ্বৰীকা মালিক এনে দুগৰাকী মহিলা যিয়ে ভাৰতৰ দুখন পৃথক চহৰত আৰু ভিন্ন সংস্কৃতিৰ মাজত একেলগে ডাঙৰ-দীঘল হৈছিল। এগৰাকী কাশ্মীৰত আৰু আনগৰাকী উত্তৰ প্ৰদেশৰ হোৱা সত্বত্তেও তেওঁলোকৰ অভিজ্ঞতাৰ মাজত সামঞ্জস্য দেখা পোৱা যায়।  
 
চৈয়দা তেহমীনা ৰিজৱীয়ে নিজকে লৈ গৌৰৱ অনুভৱ কৰে, কিয়নো তেওঁ কাশ্মীৰৰ পৰা বাহিৰলৈ গৈ অধ্যয়ন কৰা পৰিয়ালৰ প্ৰথমগৰাকী মহিলা। ৰিজৱীয়ে কয়, "আমাৰ পৰিয়ালত কোনো মহিলাই স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আৰু অধ্যয়ন কৰাৰ কথা ভবা নাছিল। তেওঁলোকে এটা গতানুগতিক নিয়ম অনুসৰণ কৰিছিল যে, যুৱতীসকলে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকক বিবাহ কৰোৱাই দিয়া হৈছিল। কিন্তু মোৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম ঘটিছিল।"   
 
দক্ষিণ-দিল্লীস্থিত তেহমীনাই কয় যে ইউপিৰ গ্ৰেটাৰ নয়ডাৰ বেনেট বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰীত নামভৰ্তি কৰা পিছত যেতিয়া তেওঁ বিশ্ববিদ্যালয়ৰ পৰা বুদগাম জিলাৰ মাগামত থকা তেওঁৰ ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ আত্মীয়সকল, চুবুৰীয়া আৰু আনকি তেওঁৰ পৰিয়ালেও তেওঁ এগৰাকী সফল ব্যক্তি হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰা নাছিল। কিন্তু তেহমীনাই নিজক লৈ গৌৰৱ অনুভৱ কৰিছিল। 
 
চৈয়দা তেহমীনা ৰিজৱী
 
তেহমীনাই কয় যে আত্মীয়, পৰিয়াল তথা চুবুৰীয়াৰ বাবে তেওঁ এগৰাকী বিদেশী আছিল। তেওঁলোকে কৈছিল যে আমাৰ ছোৱালী আমাৰ অধীনত নাই। তেহমীনাই কয় যে তেওঁ পৰম্পৰাগত আৰু সমৃদ্ধিশালী কাশ্মীৰী মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হৈছে। তেওঁ সৰুৰে পৰাই উদ্যমী আছিল  আৰু তেওঁৰ মনটো বিভিন্ন ধাৰণাই ঘেৰি ৰাখিছিল।   
 
তেহমীনাই কয়, "১০ বছৰ বয়সতে মই ফেশ্বনৰ ক্ষেত্ৰখনত কাম আৰম্ভ কৰিছিলো। মই ফেশ্বনৰ বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিলো। কিন্তু মোৰ পৰিয়ালৰ লোকে মোক গুৰুত্বসহকাৰে লোৱা নাছিল। আনহাতে সেই সময়ত মোৰ ভাতৃক বিজনেছ মেনেজমেণ্টৰ পাঠ্যক্ৰমৰ বাবে পুনেলৈ পঠিওৱাকে ধৰি অধ্যয়নৰ কেইবাটাও বিকল্পৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু মই অধ্যয়ন কৰাৰ বাবে ঘৰৰ বাহিৰলৈ যোৱাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল"    
 
নতুন দিল্লীৰ পলিচি পাৰ্চপেক্টিভছ ফাউণ্ডেশ্যনৰ সহযোগী গৱেষক তেহমীনাই আৱাজ-দ্য ভইচ'ক কয় যে, মোক কোৱা হৈছিল যে পুত্ৰসকল সদায় ঘূৰি আহে। কিন্তু ছোৱালীবোৰ এবাৰ ঘৰৰ পৰা ওলাই গ’লে পুনৰ ঘূৰি নাহে। বিখ্যাত গুলমাৰ্গ ৰিজ’ৰ্টৰ সমীপৰ চিত্ৰময় চহৰ মাগামত ডাঙৰ দীঘল হোৱা তেহমীনাই শৈশৱ কথা মনত পেলাই কয় যে তেওঁৰ সকলো কথাৰ প্ৰতি কৌতুহলী হোৱাৰ এক জন্মগত গুণ আছিল। তেওঁ নীতি-নিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।  
 
যেতিয়াই তেওঁ পৰিয়ালৰ কোনো লোকক কিবা প্ৰশ্ন কৰিছিল, প্ৰতিবাৰেই তেওঁক অতি কঠোৰভাৱে কোৱা হৈছিল যে 'তুমি এগৰাকী ছোৱালী হয় আৰু ছোৱালীয়ে নিজৰ সীমাত থাকিব লাগিব।' তেহমীনাই কয় যে, তথাপিও তেওঁ হিজাব লোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু যাৰ বাবে তেওঁক বিদ্ৰোহী বুলিও কোৱা হৈছিল। তেওঁৰ মাতৃয়ে তেওঁক কৈছিল যে ভাল ছোৱালীবোৰে সমাজে নিৰ্ধাৰণ কৰা নীতি-নিয়মৰ লগত খাপ খায় চলে আৰু সেইবোৰক লৈ প্ৰশ্ন উত্থপন নকৰে। 
 
চৈয়দা তেহমীনা ৰিজৱী
 
তেহমীনাই কয়, "মোৰ মায়ে মোক কৈছিল যে ছোৱালীয়ে মনোযোগ আকৰ্ষণ কৰা উচিত নহয় কাৰণ এইয়া ছোৱালীৰ ক্ষেত্ৰত সদায় ইতিবাচক নহয় আৰু ইয়াৰ বাবে ছোৱালীৰ বাবে সৰ্বোত্তম উপায় হ'ল তেওঁলোকৰ শৰীৰৰ যিমান অংশ পাৰি সিমান ঢাকি ৰখাৰ চেষ্টা কৰা। ঘৰত ওৰণিৰে মূৰ ঢাকি নথকাৰ বাবে তেওঁৰ পিতৃয়ে তেওঁৰ ওপৰত খং কৰিছিল।" 
 
ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে কোচিং ক্লাছত যোগদান কৰাৰ বাবে অৱশেষত তেহমীনাই বহু সংগ্ৰাম কৰি মাক দেউতাকক বুজাই দিল্লীলৈ যোৱাৰ বাবে সক্ষম হয়। তেওঁলোকে প্ৰথমে এই সন্দৰ্ভত অনিচ্ছা প্ৰকাশ কৰিছিল যদিও এগৰাকী বন্ধুৰ পৰামৰ্শ অনুসৰি তেহমীনাক তেওঁৰ সপোন পুৰণ কৰিবলৈ সন্মতি জনাইছিল।   
 
কোচিং ক্লাছতেই তেহমীনাই তেওঁৰ ভাবি স্বামীক লগ পাইছিল। যিগৰাকী কম্পিউটাৰ বিজ্ঞানৰ অভিযন্তা আছিল আৰু তিনিবছৰ পূৰ্বে দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। যেতিয়া তেহমীনাই নিজৰ অসামৰিক সেৱাৰ সপোন পূৰণ কৰাৰ ধাৰণাটোৰ বিষয়ে প্ৰকাশ কৰিছিল, তেতিয়া  তেওঁৰ পৰিয়ালৰ লোকে পুনৰ তেওঁৰ ওপৰত খং কৰিছিল। তেহমীনাই কয়, "মোৰ দেউতাই মোক সুধিছিল যে মই কি চাকৰি কৰিম। যদি মই ঘৰতে থাকো তেন্তে তেওঁলোকে মোক মোৰ প্ৰথম দৰমহাৰ সমান মাহিলী ধন দিয়াৰ প্ৰস্তাৱ দিছিল।" 
 
চৈয়দা তেহমীনা ৰিজৱী তেওঁৰ বন্ধুৰ সৈতে
 
তেহমীনাই যেতিয়া সহ-শিক্ষা বিদ্যালয়ৰ পৰা সম্পূৰ্ণ ছোৱালীৰ বিদ্যালয়লৈ স্থানান্তৰিত হৈছিল তেতিয়া অন্যসকলৰ দৃষ্টিত তেওঁ ব্যতিক্ৰম আছিল। আনকি মানুহে তেওঁক লৈ মন্তব্য কৰিছিল যে মই কিয় চেলৱাৰ তথা পালাজ’ পিন্ধা নাছিলো। তেহমীনাই আজি নিজৰ মূল্যবোধেৰে জীয়াই আছে আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰি আহিছে আৰু আন্তঃধৰ্মীয় যোগাযোগক সমৰ্থন কৰে। তেওঁ কয়, "মই এনে এটা পৰ্যায় উপনীত হৈছিলো, য'ত মোক আনৰ মন্তব্যই আমনি কৰিব পৰা নাছিল।
 
শ্বৰীকা মালিক
 
দিল্লীৰ কবি, পেছাদাৰী বিপণন আৰু প্ৰশিক্ষিত শিক্ষয়িত্ৰী শ্বৰীকা মালিক (২৮)য়ে নিজকে আৰ্থিকভাৱে স্বাধীন মহিলা বুলি কবলৈ ভাল পায়। উত্তৰ প্ৰদেশৰ বাৰেলীত ডাঙৰ-দীঘল হোৱা এগৰাকী কণমানি ছোৱালীৰ জীৱনলৈ উভতি চালে এই ২৮ বছৰীয়া যুৱতীগৰাকী সংখ্যাগৰিষ্ঠ হিন্দু শিক্ষাৰ্থীৰ বিদ্যালয়ৰ কেইগৰাকীমান মুছলমান শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী আছিল। শ্বৰীকাই কয়, “মই পূৰ্বতে মোৰ স্কুলৰ ইউনিফৰ্মৰ অংশ হিচাপে টিউনিক আৰু স্কাৰ্ট পিন্ধিছিলো আৰু মোক মোৰ মায়ে সদায় ইয়াৰ বাবে চিন্তিত আছিল। তেওঁ প্ৰায়ে মোক কৈছিল যে এনে কাপোৰ পৰিধান কৰা দেখাৰ পিছত মোক কোনে বিয়া কৰাব।"
 
শ্বৰীকা মালিক
 
সমাজ নিৰ্ধাৰিত ধাৰাবাহিক নীতি-নিয়ম আৰু ভাল ছোৱালী হোৱাৰ বোজাৰ পৰা  শ্বৰীকাক তেওঁৰ পিতৃয়ে উদ্ধাৰ কৰিছিল। শ্বৰীকাৰ পিতৃ এগৰাকী প্ৰগতিশীল ব্যক্তি আছিল। তেওঁ কৃষি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ সৈতে কাম কৰি আছিল। 
 
শ্বাৰীকাই কয় যে তেওঁ এগৰাকী মুছলমান ছোৱালী হিচাপে অন্য ছোৱালীৰ দৰে স্বাভাৱিক কামবোৰ কৰিব নোৱাৰাৰ বাবে দুখ লাগিছিল। তেওঁ সেই দিনটোলৈ মনত পেলাইছিল যেতিয়া তেওঁৰ ঘৰলৈ কোনোবা আলহী আহিবলগীয়া আছিল। তেওঁ নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল আৰু তেওঁৰ মাকে তেওঁক ওৰণি লৈ আহিবলৈ কৈছিল। এনে ধৰনৰ নিষেধাজ্ঞা এগৰাকী কিশোৰীৰ মন আৰু মগজুৰ বাবে ক্ষতিকাৰক হয়, যদিও ইয়াৰ কিছু উপকাৰীতাও আছে। 
 
অন্য যুৱক-যুৱতীৰ দৰে শ্বৰীকাইও সপোন দেখিছিল আৰু এনে নিষেধাজ্ঞাই তেওঁৰ সপোন বিঘ্নিত কৰিছিল। "এতিয়া অনুভৱ হৈছে, কেতিয়াবা অভিভাৱকসকল যুৱক-যুৱতীসকলৰ অনুভৱৰ প্ৰতি ইমান  সংবেদনশীল নহয়।" অৱশ্যে সেইদিনা আলহীৰ বাবে ব্যৱস্থা কৰা চাহ আৰু জলপান অনাৰ পূৰ্বে মূৰত ওৰণি ব্যৱহাৰ কৰি বাহিৰলৈ অহাৰ বাবে অন্য বিকল্প নাছিল। 
 
শ্বৰীকা মালিক
 
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্বৰীকাই শিক্ষকতাৰ পাঠ্যক্ৰমত যোগদান কৰিছিল। শ্বৰীকাই তেওঁৰ পাঠ পৰিবেশন কৰিবলৈ শাৰী পৰিধান কৰাৰ লগতে মেক আপও কৰিব লাগিছিল। যাৰ বাবে সকলোৱে বিৰোধিতা কৰিব। কিয়নো তেতিয়া তেওঁৰ মাকৰ মৃত্যু হৈছিল। তেওঁ কয় যে, "মই মানুহে কোৱা শুনিছো যে এই ছোৱালীজনী চাওঁকচোন, তাইৰ মাকৰ মৃত্যু হৈছে আৰু তাই ইফালে সিফালে ঘূৰি ফুৰিছে।"
 
অৱশ্যে শ্বৰীকাই তেওঁৰ দেউতাকৰ সমৰ্থনৰ বাবে আত্মবিশ্বাস অটুট ৰাখিছিল। শ্বৰীকা আৰু তেওঁৰ পিতৃৰ মাজৰ সম্বন্ধটো ইমানেই দৃঢ় আছিল যে ২০১৯ চনত মাকৰ মৃত্যুৰ পিছত মাষ্টৰ পাঠ্যক্ৰমটো আধাতে এৰি দেউতাকৰ যত্ন লোৱা ব্যক্তিজনৰ লগত থাকিবলগীয়া হৈছিল। শ্বৰীকাই বিশ্বাস কৰে যে দেউতাকৰ সমৰ্থন আৰু উৎসাহৰ বাবেই আজি তেওঁ এগৰাকী স্বতন্ত্ৰ মহিলা। আনহাতে তেওঁৰ মাকে বিচাৰিছিল যে তেওঁ নিষেধাজ্ঞাৰ মাজত থাকি শিক্ষা লাভ কৰক। বৰ্তমান শ্বৰীকাই ভাতৃ আৰু তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীত থাকে আৰু মাৰ্কেটিং প্ৰফেচনেল হিচাপে কাম কৰি আছে।