বিশ্বৰ মহিলা, শিশু, কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্য আৰু কল্যাণৰ বাবে জি-২০-এ এতিয়া কাম কৰিব লাগিব

Story by  atv | Posted by  [email protected] • 2 Months ago
জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী
জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী

 

অমিতাভ কান্ত আৰু হেলেন ক্লাৰ্ক

সমগ্ৰ বিশ্বজুৰি বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ। প্ৰতি বছৰে জি-২০ৰ আটাইকেইখন দেশতে প্ৰায় ২০ লাখ মাতৃ, নৱজাতক, শিশু আৰু কিশোৰ-কিশোৰীৰ মৃত্যু ঘটে, যিবোৰ প্ৰতিৰোধযোগ্য মৃত্যু।

ইয়াৰ ভিতৰত প্ৰসৱকালীন মৃত্যুও অন্তৰ্ভুক্ত হৈ আছে। শেহতীয়া বছৰবোৰত এই নেতিবাচক ফলাফলৰ মূল কাৰকসমূহৰ ভিতৰত আছে “চাৰিটা মুখ্য দিশ” ক্ৰমে কভিড-১৯, সংঘাত, জলবায়ু পৰিৱৰ্তন, আৰু জীৱন-যাপনৰ খৰচৰ সংকট। এই আটাইকেইটা কাৰকে সন্মিলিত ৰূপত মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু কল্যাণ ক্ষেত্ৰত অপৰিসীম ক্ষতিসাধন কৰিছে।

ব্যৱস্থাগত বৈষম্য আৰু প্ৰতিকূল বতৰৰ ঘটনা বৃদ্ধি, খাদ্যৰ সুৰক্ষাহীনতা, আৰু দৰিদ্ৰতাই মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰদান প্ৰতিবন্ধক হিচাপে বিবেচিত হৈ আহিছে। ২০০০ চনত জলবায়ুৰ জৰুৰীকালীন অৱস্থাই ইতিমধ্যে বিশ্বজুৰি ১,৫০,০০০ তকৈ অধিক লোকৰ মৃত্যুৰ বাবে দায়ী আছিল আৰু ইয়েই বিশ্বজুৰি ৰোগাক্ৰান্তৰ বোজা বৃদ্ধি কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, ইয়াৰে ৮৮% ই আছিল শিশু। অনুমান কৰা হৈছে যে জলবায়ু জৰুৰীকালীন অৱস্থাত স্থানচ্যুত হোৱা ৮০% ই আছিল মহিলা। ইয়াৰ মূল কাৰণ হৈছে লিংগভিত্তিক অৰ্থনৈতিক আৰু সামাজিক বৈষম্য।

এনে বৈষম্য, পৰিৱেশজনিত ক্ষতি, জন-ধনৰ ক্ষতিআদি অতি দুখদায়ক।ইয়াৰফলত মহিলাসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে, যিয়ে “দৰিদ্ৰতাৰ নাৰীকৰণ”ক আৰু অধিক ভয়াৱহ কৰি তোলে। সমগ্ৰ বিশ্বতে মহিলাসকলে পুৰুষতকৈ কম উপাৰ্জন কৰিয়েই আছে, আনকি একে ধৰণৰ শিক্ষাগ্ৰহণ কৰিও তেওঁলোক এই ক্ষেত্ৰত কম উপাৰ্জন কৰিবলগীয়া পৰিস্থিতি চলি আছে।

জি-২০ দেশসমূহহ হৈছে বিশ্বৰ দুই তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান আৰু তেওঁলোকে সামূহিকভাৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ আছে বিশ্বব্যাপী পৰিসৰ। এনে এক পৰিপ্ৰেক্ষিততেই জি-২০এ এতিয়া মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰিব লাগিব আৰু প্ৰতিৰোধযোগ্য মৃত্যুৰ সৈতে মোকাবিলা কৰিব লাগিব। বৰ্তমান ভাৰতে জি-২০ৰ অধ্যক্ষ পদত অধিষ্ঠিত আৰু বিশ্বজুৰি সাৰ্বজনীন স্বাস্থ্যসুৰক্ষা লাভ আৰু স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ উন্নতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উদাহৰণস্বৰূপে, ভাৰতে ২০২১ চনত আৰম্ভ কৰা ডিজিটেল কৌশলৰ অংশ হিচাপে ডিজিটেল স্বাস্থ্য সমাধানৰ বাবে কেইবাটাও পদক্ষেপ প্ৰস্তাৱ হিচাপে উত্থাপন কৰিছে।

এই ডিজিটেল সঁজুলিসমূহেইএক বিলিয়ন লোকৰ নাম পঞ্জীয়ন কৰি প্ৰতিষেধক কভাৰেজ নিৰীক্ষণ কৰা, আৰু কভিড-১৯ ভেকচিনৰ ১.৭৮ বিলিয়নতকৈ অধিক পালি প্ৰদান কৰাৰ কাম সফলভাৱে ৰূপায়নকৰি তুলিছিল। জলবায়ু সংকটেজনস্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, আৰু মহামাৰীৰমোকাবিলা কৰিবৰ বাবে উন্নত প্ৰস্তুতি আৰু সঁহাৰিৰ দিশত কৰা প্ৰচেষ্টাৰ ওপৰতো ভাৰতে জলবায়ু-স্বাস্থ্যৰ সংযোগৰ ওপৰত বিভিন্ন পদক্ষেপগ্ৰহণৰপ্ৰস্তাৱ আগবঢ়াইছে। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশটো হৈছে এইপদক্ষেপসমূহ লিংগ আৰু বয়সৰ প্ৰতি অতি সংবেদনশীল। উদাহৰণস্বৰূপে মহিলাকেন্দ্ৰিক ডিজিটেল স্বাস্থ্য সেৱাসমূহক এই প্ৰস্তাৱসমূহৰ জৰিয়তে অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে।

গুণগত মানৰপদ্ধতিসমূহৰ বিতৰণ-বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়াপ্ৰতিবন্ধকতাবোৰৰ মোকাবিলা কৰিবৰ বাবে দেশসমূহৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ। জলবায়ু পৰিৱৰ্তনৰ বাবে কাৰ্যকৰী অভিযোজনৰ বাবে প্ৰণালীবদ্ধ দৃষ্টিভংগীৰ প্ৰয়োজন আৰু দেশবোৰে দক্ষিণ-দক্ষিণ আৰু উত্তৰ-দক্ষিণ সহযোগিতাৰ জৰিয়তে বিত্তীয় সম্পদ বৃদ্ধি আৰু প্ৰযুক্তিগত ক্ষমতা গঢ়ি তোলাত ইজনে সিজনৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ প্ৰয়োজন।মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা স্বাস্থ্য আৰু সুস্থতাৰ প্ৰত্যাহ্বানবোৰ দূৰ কৰিবলৈ জি-২০ ৰদেশবোৰেও এলানিগুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলাগিব।

প্ৰথমতে, জি-২০দেশবোৰে স্বাস্থ্য প্ৰণালী শক্তিশালী কৰিবলৈ, অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ পাবলগীয়া সুবিধা বৃদ্ধি কৰিবলৈ, আৰু স্বাস্থ্যৰ সামাজিক নিৰ্ণায়কসমূহ, যেনে দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ সৈতে মোকাবিলা কৰিবলৈ ক্ৰছ-কাটিং বিত্তীয় সাহায্য বৃদ্ধিক অগ্ৰাধিকাৰ দিব লাগিব। লিংগভিত্তিক দৃষ্টিভঙ্গীৰজৰিয়তে ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনিত বিনিয়োগে অবৈতনিক কামৰ বোজা হ্ৰাস কৰিব পাৰে, কল্যাণকামী দিশবোৰউন্নত কৰিব পাৰে, নিয়োগসৃষ্টি কৰিব পাৰে, শ্ৰমিক শক্তিৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰে, ডিজিটেল লিংগ ব্যৱধান হ্ৰাস কৰিব পাৰে, উৎপাদনশীলতাকঅধিক ত্বৰান্বিতকৰিব পাৰে, আৰু অৰ্থনৈতিক বিকাশৰ ন ন দুৱাৰ মুকলি কৰিব পাৰে।

দ্বিতীয়তে, যথেষ্ট সংখ্যকদেশে মহামাৰীৰ পূৰ্বৰ স্বাস্থ্যসংক্ৰান্তীয়ব্যয়ৰ স্তৰ বজাই ৰাখিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। সেইটোৱে বিশ্বজুৰি মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যতবিৰূপপ্ৰভাৱ পেলাইছে। স্বাস্থ্যৰ বাবে অধিক উন্নয়নমূলক সাহায্য আকৰ্ষণ কৰি দেশসমূহক তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিবলৈ, আৰু ঋণৰ বোজা কমোৱাৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা আছে, আৰু এই ক্ষেত্ৰত জি-২০-এ অধিনায়কত্ব প্ৰদৰ্শন কৰিব লাগিব।

তৃতীয়তে, নীতি আৰু কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে নিৰীক্ষণ আৰু ৰূপায়ণ কৰিবলৈ আমাক শক্তিশালী তথ্য ব্যৱস্থাৰ প্ৰয়োজন। জি-২০ দেশসমূহে বিশ্বৰ জিডিপিৰ প্ৰায় ৮৫%বহন কৰে, বিশ্ব জনসংখ্যাৰ দুই তৃতীয়াংশও বহন কৰে জি-২০ ৰ দেশবোৰেআৰু উল্লেখযোগ্য ৰাজনৈতিক প্ৰভাৱ কঢ়িয়াই অনা বুলি ধৰি ল’লে, গৱেষণা আৰু নতুন তথা উন্নত স্বাস্থ্য প্ৰযুক্তি আৰু ভেকচিনৰ উদ্ভাৱনৰ ক্ষেত্ৰত জি২০ ৰ দেশবোৰসুস্থিৰ অৱস্থাত আছে। এই ক্ষেত্ৰসমূহত বিনিয়োগ কৰাৰ সময়ত আৰু সিদ্ধান্ত লোৱাৰ সময়ত মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বিষয়টো অৰ্থপূৰ্ণভাৱে জড়িত কৰাটো অতি প্ৰয়োজনীয়।

চতুৰ্থতে, পৰিয়াল অনুকূল নীতি আৰু সাৰ্বজনীন সামাজিক সুৰক্ষাকে ধৰি শৈশৱৰ প্ৰথম বছৰকেইটাত বিনিয়োগ কৰাটো অতি গুৰুত্বপূৰ্ণ। এনে বিনিয়োগে জ্ঞানমূলক পুঁজি বৃদ্ধি কৰিব পাৰে, প্ৰধানকৈ প্ৰসৱৰ পূৰ্বে আৰু কেঁচুৱা অৱস্থাত লালন-পালন কৰা মানৱ সামৰ্থ্য নিৰ্ধাৰণ কৰা বৌদ্ধিক দক্ষতাৰ সম্পূৰ্ণ বিকাশৰ দিশটো, যিয়ে সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ ভেটি স্থাপন কৰে। সমগ্ৰ জি-২০ত যুৱ নিবনুৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কিশোৰ-কিশোৰীসকলৰ দক্ষতা বিকাশ কৰা, যেনে ডিজিটেল সাক্ষৰতা, আৰু প্ৰযুক্তি-চালিত আৰু পৰিৱেশ সচেতন বৃদ্ধি গঢ়ি তোলাৰ প্ৰয়োজন।

জি-২০এ মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু সুস্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগিব।ইয়াক কাৰ্য্যকৰী কৰিবৰবাবে নিজৰ কাৰ্যসূচীত স্থায়ীভাৱেলিপিবদ্ধ কৰি ল’ব লাগিব। তাৰ বাবে নিষ্ঠাবান, বৰ্ধিত আৰু স্থায়ী বিত্তীয় সাহায্যৰ লগতে অধিক বিশ্বব্যাপী সমন্বয় আৰু সংহতিৰ প্ৰয়োজন,যাতে কোনো মহিলা, শিশু, কিশোৰী বা দেশ পিছ পৰি থাকিবলগীয়া নহয়।

বিশ্বজুৰি বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰুতেওঁলোকৰ কল্যাণ অতিপ্ৰয়োজনীয়। শক্তিশালী জি-২০ নেতৃত্ব অবিহনে ইয়াক কাৰ্যকৰীকৰিব নোৱাৰি।

(অমিতাভ কান্ত ভাৰতৰ জি-২০ শ্বেৰপা, জি-২০ত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ পূৰ্বে তেওঁ নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হেলেন ক্লাৰ্ক হৈছে পিএমএনচিএইচ ব’ৰ্ডৰ অধ্যক্ষ আৰু নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী)