চাহাবুদ্দিন আহমেদ
নাহিদ আবিদী। প্রথিতযশা লেখিকা আবিদীক ২০১৪ত কেন্দ্ৰীয় চৰকাৰে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সর্বোচ্চ অসামৰিক পুৰস্কাৰ 'পদ্মশ্ৰী'ৰে সম্মানিত কৰে। মন কৰিবলগীয়া যে মুছলমান লেখিকা আবিদীক সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থৰ বাবে 'পদ্মশ্রী' বঁটা আগবঢ়োৱা হৈছিল।
সোঁতৰ বিপৰীতে গৈ সংস্কৃত ভাষাত সাহিত্য চর্চা কৰা আবিদীৰ জন্ম উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত। ১৯৬১৩ জন্মলাভ কৰা আবিদীৰ পৰিয়াল আছিল এক সম্ভ্রান্ত জমিদাৰৰ পৰিয়াল। ছাত্ৰী জীৱনত সংস্কৃতক পাঠ্যক্ৰমৰূপে গ্ৰহণ কৰা আবিদীয়ে পৰৱৰ্তী সময়ত কমলা মহেশ্বৰী ডিগ্রী মহাবিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰে। সংস্কৃত ভাষাৰ প্ৰেমত পৰা ছাত্ৰীগৰাকীয়ে পাছত মির্জাপুৰৰ কে ভি ডিগ্ৰী মহাবিদ্যালয়ৰ পৰা এমএ ডিগ্ৰী লাভ কৰে।
পাছত চহৰখনৰ প্ৰতিষ্ঠিত আইনজীৱী এহতেছাম আবিদীৰ স'তে তেওঁ বিবাহপাশত আবদ্ধ হয়। সাংস্কৃতিক নগৰী তথা শিক্ষা-সংস্কৃতিত আগৰণুৱা মির্জাপুৰৰ ছিয়া মুছলমান পৰিয়ালৰ কন্যা আবিদীয়ে স্বামীৰ কৰ্মসূত্রে সংস্কৃত ভাষা চৰ্চাৰ প্ৰাণকেন্দ্ৰ বাৰানসীলৈ যায়। সংস্কৃত পণ্ডিতৰ আৱাসথলী বাৰানসীলৈ আহি আবিদীয়ে নতুন উদ্যমৰে সংস্কৃত ভাষাৰ বাবে তাতে মহাত্মা গান্ধী কাশী বিদ্যাপীঠ (এমজিকেডি) নামৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।
লেখিকা নাহিদ আবিদীক সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থৰ বাবে 'পদ্মশ্রী' বঁটা প্ৰদান কৰা হৈছে
'গৰুড় পুৰাণ'ত পৱিত্ৰ চহৰ বুলি উল্লেখ থকা বাৰানসীৰ পৰা সংস্কৃত ভাষাত তেওঁ পিএইছডি ডিগ্ৰী লাভ কৰে। পাছত তেওঁৰ গৱেষণাৰ বিষয় ১৯৯৩ত 'বৈদিক সাহিত্য যে আশভি নিয়নকা স্বৰূপ' নামেৰে গ্ৰন্থকাৰে প্ৰকাশ কৰে। ২০০৫ত সম্ভাৱনাপূর্ণ লেখিকাগৰাকীয়ে বিনা পাৰিশ্রমিকে বিখ্যাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত যোগদান কৰে। অৱশ্যে অংশকালীন প্রবক্তাৰূপে আবিদীয়ে বিশ্ববিদ্যালয়খনত নিয়মীয়া পদত চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল। ইয়াৰ মাজতে ২০০৮ত তেওঁৰ প্ৰথমখন গ্ৰন্থ 'সংস্কৃত সাহিত্য মে ৰহিম' প্রকাশ পায়। গ্ৰন্থখনত প্ৰখ্যাত কবি আব্দুল ৰহিম খান-ই-খানৰ সংস্কৃত শ্লোকৰ বিষয়ে প্রকাশ কৰা হৈছিল।
ইয়াৰ পাছত প্ৰসিদ্ধ উর্দু সাহিত্যিক মির্জা গালিবৰ 'চেৰাগ-ই-দাইৰে'ৰ অনুবাদ 'দেবালয়সা দীপা’ৰূপে অনুবাদ কৰে। তৃতীয়খন গ্ৰন্থ আছিল 'ছাৰ-ই-আকবৰ'। পৰৱৰ্তী সময়ত মোগল ৰাজপুত্ৰ যুৱৰাজ দাৰা ছিকোৰে ফাৰ্চী ভাষাত অনুবাদ কৰা ৫০খন উপনিষদৰ হিন্দীলৈ অনুবাদ কৰে। আনহাতে, ছুফী ৰাজপুত্ৰ দাৰা ছিকোৰ ছুফী গ্ৰন্থ আৰু বেদ হিন্দী ভাষালৈ তেওঁ অনুবাদ কৰে।
আবিদীয়ে দেৱভাষা সংস্কৃত সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত কেবাটাও বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত ২০১৪ত 'পদ্মশ্রী' অন্যতম। তদুপৰি লক্ষ্ণৌ বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' ডিগ্রী প্রদান কৰে। ২০১৬ত উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক 'যশ ভাৰতী' বঁটা প্ৰদান কৰে। ২০১৪ত তেওঁ পদ্মশ্ৰী গ্ৰহণ কৰি কৈছিল, "মোক পদ্মশ্রী সম্মান প্ৰদানৰে সংস্কৃত ভাষাক সন্মান দিয়া হ'ল৷ ইয়াৰ জৰিয়তে সংস্কৃত ভাষাৰ প্ৰতি মুছলমানসকলৰ আগ্ৰহ বৃদ্ধি পাব। মই সংস্কৃত আৰু পাৰস্যৰ পণ্ডিত তথা বিদ্বানসকলৰ ওচৰত কৃতজ্ঞ, কাৰণ তেওঁলোকৰ জৰিয়তে উভয় ধর্মৰ বিষয়ে জনাত সহায় হৈছিল। সংস্কৃত এটা সমৃদ্ধিশালী ভাষা, য'ত সমাজৰ সম্প্ৰীতি আৰু শাস্তিৰ বাণী প্ৰচাৰ কৰিব পৰা ক্ষমতা আছে।"
হিন্দু ধৰ্মালম্বী লোকসকলৰ চাৰি বেদ
উল্লেখ্য যে ২০১৪ৰ ৯ ছেপ্টেম্বৰত সংস্কৃত ভাষাৰ লেখিকাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে তেওঁক সাক্ষাৎ কৰি স্বৰচিত দুখন গ্ৰন্থ প্ৰদান কৰে। পাছত প্রধানমন্ত্রীয়ে নিজে সামাজিক মাধ্যমত ফটোসহ এই সাক্ষাতৰ বিষয়ে প্ৰকাশ কৰিছিল। সংস্কৃত সাহিত্যিকগৰাকীৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰিছিল। দুই পুত্ৰ-কন্যাৰ মাতৃ আবিদীৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে দেখুওৱা এই আগ্রহ নিশ্চয় প্রশংসনীয়।
সাম্প্রতিক সময়ত সমাজত ধৰ্ম-ভাষাৰ নামত অসূয়া-সাম্প্রদায়িক মনোভাব, বিদ্বেষ, ঘৃণা আদি বিয়পি পৰাৰ সময়তে দুটা বিপৰীত মেৰুৰ সংমিশ্রণ আবিদীয়ে বৈচিত্র্যময় ভাৰতত দেখুওৱা আদর্শ। সম্পূর্ণ মুছলিম আদব-কায়দাত ডাঙৰ-দীঘল হোৱা আবিদীয়ে আৰবী ভাষাৰ মূল গ্ৰন্থসমূহৰ বিপৰীতে হিন্দু ধৰ্মৰ দেৱভাষা সংস্কৃত ভাষাৰ প্ৰতি দেখুওৱা এই আগ্ৰহ আৰু কৃতিত্ব নিশ্চয় অনুকৰণীয় তথা আদর্শনীয়। কিয়নো একেশ্বৰবাদী নিৰাকাৰ সৃষ্টিকৰ্তাত বিশ্বাসী মুছলমান পৰিয়ালৰ সন্তান আবিদীয়ে বহু ঈশ্বৰবানী দেৱ-দেৱীৰ গুণ-গৰিমা সম্বলিত সংস্কৃত ভাষাৰ গ্ৰন্থ অধ্যয়ন কৰি সংস্কৃতৰ প্ৰেমত পৰি সংস্কৃত ভাষাৰে নিদৰ্শন দাঙি ধৰিছে। পূজা-পাতলৰ বিৰোধী মুছলমান পৰিয়ালৰ সন্তান আবিদীয়ে যাগ-যজ্ঞ আহুতিৰ প্ৰতি অধ্যয়নৰে দেখুওৱা এই আদর্শৰ-প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।