দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ বাবে কৰিবলগীয়া ভাৰত ভ্ৰমণ স্থগিত কৰিলে আমেৰিকাৰ এটি দলে

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ বাবে ২৫ আগষ্টত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছিল আমেৰিকাৰ এটা দলৰ৷ পিছে দলটোৰ এই বৈঠক পিছুৱাই দিয়াৰ সম্ভাৱনাই দেখা দিছে৷ ৱাশ্বিংটনে কৃষি আৰু দুগ্ধ খণ্ডৰ জৰিয়তে ভাৰতৰ আগশাৰীৰ বজাৰসমূহত প্ৰৱেশ কৰিব বিচাৰে বুলি দেশখনৰ বিষয়াসকলে কয়৷
 
২৫-২৯ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ষষ্ঠ পৰ্যায়ৰ আলোচনাৰ বাবে আমেৰিকাৰ দলটোৱে ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল। এগৰাকী বিষয়াৰ উদ্ধৃতিৰে এই ভ্ৰমণৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে।
 
আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশৰ বৃহৎ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ বাবে বৈঠক পিছুৱাই দিয়া বা পুনৰ নিৰ্ধাৰণ কৰাটোৱে তাৎপৰ্য লাভ কৰিছে। আমেৰিকাই কৃষি আৰু দুগ্ধ উৎপাদনৰ দৰে মূলখণ্ডত অধিক পৰিমাণে বজাৰ প্ৰৱেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, যিটো ভাৰতে মানি ল’ব নোৱাৰে কাৰণ ইয়াৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পৰিব। ভাৰতে কৃষক আৰু পশুপালকৰ স্বাৰ্থত আপোচ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে।
 
চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আমেৰিকা আৰু ভাৰতে। ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ১৯১ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৫০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা আমেৰিকাৰ এই সিদ্ধান্ত ৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে৷ বিপৰীতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু সামৰিক সঁজুলি ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। 
 
বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এপ্ৰিল-জুলাই মাহৰ ভিতৰত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ২১.৬৪ শতাংশ বৃদ্ধি পাই ৩৩.৫৩ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে৷ আনহাতে, আমদানি ১২.৩৩ শতাংশ বৃদ্ধি পাই ১৭.৪১ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। ২০২৫-২৬ চনৰ এপ্ৰিল-জুলাই সময়ছোৱাত (১২.৫৬ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য) ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল আমেৰিকা।