ইৰাণত ভয়ংকৰ এচিড বৰষুণ

Story by  atv | Posted by  [email protected] • 2 h ago
ইৰাণত ভয়ংকৰ এচিড বৰষুণ
ইৰাণত ভয়ংকৰ এচিড বৰষুণ
 
নতুন দিল্লী
 
ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ বাবে ইতিমধ্যে বহু শ শ লোকে প্ৰাণ হেৰুৱাইছে। বহু সহস্ৰাধিক লোক আহত হৈছে আৰু অট্টালিকা, হাস্পতাল আদিও ক্ষতিগ্ৰস্ত হৈছে। কেৱল ইৰাণৰে নহয়, ইজৰাইল আৰু আমেৰিকাৰো নাগৰিক, সেনা জোৱান নিহত হৈছে এই যুদ্ধৰ ফলত। কিন্তু তাৰমাজতে আৰু ভয়াৱহ হ’বলৈ ধৰিছে ইৰাণৰ পৰিস্থিতি।
 
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইৰাণৰ তৈল খাদত ইজৰাইল-আমেৰিকাই আকাশমাৰ্গেৰে আক্ৰমণ চলোৱাৰ পাছত দেশখনৰ একাংশ এলেকাত ক’লা পানীৰ বৃষ্টিপাত হৈছে। এই বৃষ্টিপাতক ‘এচিড বৰষুণ’ বুলি সন্দেহ কৰা হৈছে। ইৰাণৰ নাগৰিকৰ মতে, এই বৰষুণৰ পানী অতিকৈ ক’লা ৰঙৰ আৰু পেট্ৰ'লিয়াম জাতীয় এটা তৰপ পৰিলক্ষিত হৈছে বুলিও খবৰ ওলাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত।
 
এই বৰষুণৰ পাছতে একাংশ লোকে মূৰৰ বিষ আৰু উশাহ লোৱাত সমস্যাৰ সমুখীন হৈছে। ইৰাণৰ ৰেড ক্ৰিচেন্ট ছচাইটীয়ে সতৰ্কবাণী জাৰি কৰিছে যে, ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পাছত হোৱা এই বৰষুণ বিপজ্জনক আৰু এচিডিক হোৱাৰ সম্ভাৱনা আছে।
 
ইফালে, বায়ুমণ্ডলীয় ৰসায়ন বিজ্ঞান আৰু বায়ু প্ৰদূৰ্ষণৰ ক্ষেত্ৰখনত গৱেষণা কৰি থকা একাংশ বিজ্ঞানীৰ মতে, এই বৰষুণ কেৱল এচিড বৰষুণৰ ফলত বহু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।  আনহাতে, তৈল খাদত আক্ৰমণৰ উপৰি আনবোৰ স্থানত কৰা মিছাইল-ড্ৰোণ আক্ৰমণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডৰ পৰা ওলোৱা ধোঁৱাৰ ফলতো ইৰাণৰ বায়ু ভয়াৱহভাৱে প্ৰদূষিত হ’বলৈ আৰম্ভ কৰিছে।
 
উল্লেখযোগ্য যে, এই এচিড বৰষুণত বহু বিপজ্জনক পদাৰ্শৰ অৱস্থিতি থকাৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। এই বিষাক্ত পদাৰ্থসমূহত থাকিব পাৰে হাইড্ৰ’কাৰ্বন, পলিছাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAHs) আদি। মন কৰিবলগীয়া যে, PAHs হৈছে এনে এক ৰাসায়নিক পদাৰ্থ যি অতিকৈ কাৰ্চিনোজেনিক।