যুদ্ধ-শংকাৰ বীমাৰ বৰ্ধিত খৰচৰ ফলত সমস্যাত পৰিছে বিমান সংস্থাসমূহ

Story by  atv | Posted by  [email protected] • 3 h ago
যুদ্ধ-শংকাৰ বীমাৰ বৰ্ধিত খৰচৰ ফলত সমস্যাত পৰিছে বিমান সংস্থাসমূহ
যুদ্ধ-শংকাৰ বীমাৰ বৰ্ধিত খৰচৰ ফলত সমস্যাত পৰিছে বিমান সংস্থাসমূহ
 
নতুন দিল্লী
 
অব্যাহত থকা পশ্চিম এছিয়াৰ সংকটে এতিয়া বিমান পৰিবহণৰ অৰ্থনীতিত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। বিমান সংস্থাসমূহে এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা 'যুদ্ধ-শংকা বীমা' (war-risk insurance) ৰ খৰচৰ সন্মুখীন হৈছে। এই সংঘৰ্ষই কেৱল বিশ্বৰ শক্তি বজাৰতে ব্যাঘাত জন্মোৱা নাই, বৰঞ্চ সংবেদনশীল আকাশী পথত বিমান চলোৱাৰ খৰচো বৃদ্ধি কৰিছে; কাৰণ বীমা কোম্পানীসমূহে বৰ্ধিত ভূ-ৰাজনৈতিক বিপদাশংকাক লক্ষ্য কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ লৈছে।
 
পশ্চিম এছিয়াৰ সংকটৰ পাছত যুদ্ধ-শংকা বীমাৰ খৰচ বৃদ্ধি পাইছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিমান উদ্যোগৰ এক সূত্ৰই সংবাদ সংস্থা ANI-ক কয় যে, "পূৰ্বতে ভাৰতীয় বিমান সংস্থাসমূহৰ বিশেষ কোনো যুদ্ধ-শংকা বীমাৰ আৱৰণ (coverage) নাছিল। কিন্তু বৰ্তমানৰ ইৰাণ-ইজৰাইল সংঘাতৰ বাবে, বীমা কোম্পানীসমূহে প্ৰভাৱিত অঞ্চলসমূহত চলি থকা বিমানসমূহৰ বাবে 'ৱাৰ ৰিস্ক প্ৰিমিয়াম' (war risk premium) আৰম্ভ কৰিছে।"
 
সূত্ৰটোৱে লগতে উল্লেখ কৰে যে, "বৰ্তমান এই অতিৰিক্ত যুদ্ধ-শংকা প্ৰিমিয়ামৰ পৰিমাণ এটা 'নেৰ'-বডী' (narrow-body) বিমানৰ বাবে প্ৰতিটো ৰাউণ্ড ট্ৰিপত (অহা-যোৱা মিলি) প্ৰায় ৩০,০০,০০০ টকা আৰু এটা 'ৱাইড-বডী' (wide-body) বিমানৰ বাবে প্ৰতিটো ৰাউণ্ড ট্ৰিপত প্ৰায় ৯০,০০,০০০ টকা।"
 
বীমাৰ এই অতিৰিক্ত বোজা এনে এক সময়ত আহিছে যি সময়ত বিমান সংস্থাসমূহে ইতিমধ্যে ইন্ধনৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ সৈতে যুঁজি আছে। ইয়াৰ প্ৰভাৱ সমতুল্য কৰিবলৈ ভাৰতীয় বিমান সংস্থাসমূহে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পথতে ইন্ধনৰ চাৰ্চাৰ্জ (fuel surcharge) সংশোধন কৰিবলৈ আৰম্ভ কৰিছে।
 
ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা বিমান সংস্থা ইণ্ডিগোৱে (IndiGo) ২০২৬ চনৰ ২ এপ্ৰিলৰ মাজনিশাৰ পৰা কৰা সকলো নতুন বুকিঙৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পথতে ইন্ধনৰ মাচুল সংশোধন কৰিছে। বিমান সংস্থাটোৱে জনাইছে যে বিমানৰ ইন্ধনৰ (ATF) মূল্যত হোৱা অত্যধিক বৃদ্ধিয়ে তেওঁলোকৰ সমগ্ৰ নেটৱৰ্কতে পৰিচালনা ব্যয় যথেষ্ট বৃদ্ধি কৰিছে, যাৰ বাবে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে।
 
বিমান সংস্থাটোৱে উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (IATA) ৰ জেট ফুৱেল মনিটৰৰ তথ্য অনুসৰি, এই অঞ্চলটোত ইন্ধনৰ মূল্য মাহেকীয়া হিচাপত ১৩০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।
 
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমান সেৱাৰ বাবে ATF-ৰ মূল্য মাত্ৰ ২৫ শতাংশহে আংশিক আৰু পৰ্যায়ক্ৰমে বৃদ্ধি কৰিবলৈ অনুমতি দিছে। ইয়াৰ ফলত যাত্ৰীসকলৰ ওপৰত পৰিবলগীয়া তাৎক্ষণিক বোজা সীমিত কৰাত সহায় হৈছে।
 
বিমান সংস্থাটোৱে এক বিবৃতিত কয়, "চৰকাৰৰ সময়োপযোগী হস্তক্ষেপৰ বাবে ইণ্ডিগো কৃতজ্ঞ। এই হস্তক্ষেপ নোহোৱা হ’লে ২০২৬ চনৰ এপ্ৰিল মাহত ইন্ধনৰ মূল্য বৃদ্ধিয়ে ঘৰুৱা বিমান ভ্ৰমণৰ সামৰ্থৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলালেহেঁতেন।"
 
সংশোধিত ঘৰুৱা গাঁথনি অনুসৰি, ইন্ধনৰ মাচুল ভ্ৰমণৰ দূৰত্বৰ সৈতে জড়িত কৰা হৈছে। ০ ৰ পৰা ৫০০ কিলোমিটাৰ দূৰত্বৰ বিমানৰ বাবে এতিয়া মাচুল ২৭৫ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ৫০১ ৰ পৰা ১,০০০ কিলোমিটাৰৰ পথৰ বাবে ৪০০ টকা ধাৰ্য কৰা হৈছে। ১০০১ ৰ পৰা ১,৫০০ কিলোমিটাৰৰ বাবে মাচুল ৬০০ টকালৈ বৃদ্ধি পাইছে, ১,৫০১ ৰ পৰা ২,০০০ কিলোমিটাৰৰ বাবে ৮০০ টকা আৰু ২,০০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বিমানৰ বাবে ৯৫০ টকা কৰা হৈছে।
 
ইণ্ডিগোৱে কয়, "আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত যোৱা মাহত ATF-ৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত এই পথসমূহত বিমান সংস্থাটোৰ পৰিচালনা ব্যয়ত এক ডাঙৰ প্ৰভাৱ পৰিছে।"
 
এয়াৰ ইণ্ডিয়াও (Air India) একে দিশতে আগবাঢ়িছে। ১০ মাৰ্চত বিমান সংস্থাটোৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পথসমূহত পৰ্যায়ক্ৰমে ইন্ধনৰ চাৰ্চাৰ্জ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবে তেওঁলোকে উপসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ সৈতে জড়িত জেট ইন্ধনৰ তীব্ৰ মূল্য বৃদ্ধিক কাৰণ হিচাপে দৰ্শাইছে।
 
এক বিবৃতিত বিমান সংস্থাটোৱে কয় যে বিমানৰ ইন্ধন (ATF), যিটো বিমান সংস্থাৰ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০ শতাংশ, যোগানত বাধা অহাৰ বাবে ২০২৬ চনৰ মাৰ্চ মাহৰ আৰম্ভণিৰ পৰাই ইয়াৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।
 
ইন্ধনৰ অধিক মূল্যৰ লগতে বিমান সংস্থাসমূহে এতিয়া নতুনকৈ খৰচৰ চাপৰ সন্মুখীন হৈছে, যিয়ে তেওঁলোকৰ উপাৰ্জনত প্ৰভাৱ পেলাব পাৰে।