৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া

Story by  atv | Posted by  [email protected] • 1 h ago
৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া
৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া
 
নতুন দিল্লী
 
ইণ্ডোনেছিয়াত অনুভূত হৈছে বৃহত্‍ ভূমিকম্পৰ জোকাৰণি। ইণ্ডোনেছিয়াৰ ⁠টাৰ্নেট চহৰৰ উপকূলৰ উত্তৰ মলুক্কা সাগৰত ৭.৪ প্ৰাৱল্যৰ ভূমিকম্প। আনহাতে সতৰ্কবাণী জাৰি কৰিছে বৰ্তমান প্ৰশাসনে। ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু ঘটিছে। বহুসংখ্যক লোক আৱদ্ধ হৈ আছে  ধ্বংসাৱশেষত। ৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল সাগৰীয় উপকূল অঞ্চলত এতিয়া অবৰ্ণণীয় পৰিস্থিতি।
 
সমান্তৰালভাৱে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে। উত্তৰ মলুক্কা সাগৰৰ উপকূলীয় অঞ্চলত ভূমিকম্পৰ জোকাৰণি। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭.৪৮ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ ফিলিপাইন উপকূলৰ পৰা ৫৮০ কিলোমিটাৰ দক্ষিণত বুলি তথ্য লাভ কৰা হৈছে। প্ৰায় ১০ৰ পৰা ২০ ছেকেণ্ড সময় অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
 
বিটাং আৰু টাৰ্ণেট মহানগৰত ভূমিকম্পৰ সৰ্বাধিক জোকাৰণি অনুভূত হয়। উত্তৰ চুলাৱেছি প্ৰদেশৰ মানাডো চহৰত এটা অট্টালিকা ভাঙি পৰে যাৰ ফলত এজন লোকৰ মৃত্যু হয় লগতে এজন লোকৰ আহত হয়। ইণ্ডোনেছিয়াৰ বি এম কেজি ভূতাত্ত্বিক সংস্থাই দিয়া তথ্য অনুসৰি,  আধা ঘণ্টাৰ ধৰি অহা ভূমিকম্পৰ সময়ত  উত্তৰ মিনাহাছাত ৭৫ চেণ্টিমিটাৰ পৰ্যন্ত আৰু চুলাৱেছি দ্বীপৰ উত্তৰত থকা বিটুঙত ২০ চেণ্টিমিটাৰ পৰ্যন্ত ঢৌৰ ৰেকৰ্ডিং দেখিবলৈ পোৱা গৈছে।
 
উল্লেখযোগ্য যে, পূৰ্বতে হাৱাইস্থিত পেচিফিক ছুনামী সতৰ্কতা কেন্দ্ৰই দিয়া জাননী অনুসৰি ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু মালয়েছিয়াৰ উপকূলীয় অঞ্চলত ভয়ংকৰ ছুনামীৰ ঢৌ অহাৰ কথা উল্লেখ কৰিছিল। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত। এগৰাকী সংবাদদাতাই দিয়া তথ্য অনুসৰি ভূমিকম্পৰ সময়ত অঞ্চলটোত মানুহৰ মাজত হুৱাদুৱা লাগিছিল, ডাঙৰ ডাঙৰ অট্তালিকা চকুৰ সন্মুখতে খহি পৰিছিল। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ  নিৰাপদ স্থানলৈ যোৱা দেখিছিল।