ক্ৰমান্বয়ে চন্দ্ৰৰ কাষ চাপিছে আৰ্টেমিছ-২; ভংগ কৰিব এপ’ল’ ১৩ৰ অভিলেখ

Story by  atv | Posted by  [email protected] • 8 h ago
ক্ৰমান্বয়ে চন্দ্ৰৰ কাষ চাপিছে আৰ্টেমিছ-২
ক্ৰমান্বয়ে চন্দ্ৰৰ কাষ চাপিছে আৰ্টেমিছ-২
 
নতুন দিল্লী
 
চন্দ্ৰৰ ফালে আগবাঢ়ি যোৱা দ্বিতীয় আৰ্টেমিছ অভিযান এতিয়া ইতিহাস সৃষ্টিৰ ওচৰ চাপিছে। এই অভিযানে ৫৩ বছৰৰ পাছত মানুহক চন্দ্ৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰা বহু বেছি আশা কৰা হৈছে। এই অভিযানত তিনিজন আমেৰিকান আৰু এজন কানাডাৰ মহাকাশচাৰী আছে, যিসকলে সোমবাৰৰ ভিতৰত চন্দ্ৰৰ নিচেই কাষত উপস্থিত হ’ব।
 
তেওঁলোকে চন্দ্ৰৰ সেই অংশৰ ফটো তুলিব যিটো পৃথিৱীৰ পৰা দেখা নাযায়। এই অভিযান নাছাৰ পুৰণি এপ’ল’ প্ৰগ্ৰেমৰ পিছত পৰৱৰ্তী ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে। মহাকাশচাৰী ভিক্টৰ গ্লভাৰে কয় যে তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে পৃথিৱীখন সৰু আৰু চন্দ্ৰ ডাঙৰ যেন দেখা যায়। এই অভিজ্ঞতা তেওঁৰ বাবে অতি বিশেষ।
 
কিন্তু মিছনৰ সময়ত এটা সৰু সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ পাইছে। অৰিয়ান মহাকাশযানৰ শৌচাগাৰত বিজুতি ঘটিছে। উক্ষেপণৰ পিছৰে পৰাই ই বাৰে বাৰে সমস্যাৰ সন্মুখীন হৈ আহিছে। পাইপত বৰফ জমা হোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযন্তাসকলে সন্দেহ কৰিছে। বৰ্তমান মহাকাশচাৰীসকলে বেকআপ পদ্ধতি ব্যৱহাৰ কৰিবলগীয়া হৈছে। নাছাৰ বিষয়াসকলে কয় যে মহাকাশত শৌচাগাৰ ব্যৱস্থা পৰিচালনা কৰাটো সদায় প্ৰত্যাহ্বানজনক যদিও দলটোৱে পৰিস্থিতি ভালদৰে চম্ভালিছে।
 
এই মিছনে নতুন অভিলেখো গঢ়িবলৈ সাজু হৈছে। আৰ্টেমিছ-২ অভিযানে প্ৰায় ৪ লাখ কিলোমিটাৰ যাত্ৰা কৰিব, যিটো আজিলৈকে মানুহে অতিক্ৰম কৰা আটাইতকৈ দীঘলীয়া দূৰত্ব। ইয়াৰ পূৰ্বে এই অভিলেখ এপ’ল’ ১৩ মিছনৰ হাতত আছিল। এই অভিযানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াত কানাডাৰ জেৰেমি হান্সেনকো অন্তৰ্ভুক্ত কৰা হৈছে, যিজন চন্দ্ৰলৈ যাত্ৰা কৰা প্ৰথমজন অনা আমেৰিকান মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। ক্ৰীষ্টিনা কোচ প্ৰথম মহিলা আৰু ভিক্টৰ গ্লভাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহাকাশচাৰী, যি এই অভিযানৰ অংশ।
 
উল্লেখযোগ্য যে, প্ৰায় ১০ দিনীয়া এই অভিযানৰ পিছত ১০ এপ্ৰিলত মহাকাশযানখন পৃথিৱীলৈ উভতি আহি প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব । এই অভিযান ভৱিষ্যতে স্থায়ী চন্দ্ৰ ঘাটি স্থাপনৰ দিশত নাছাৰ প্ৰথমটো ডাঙৰ পদক্ষেপ। ২০২৮ চনৰ ভিতৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মানৱ অৱতৰণৰ লক্ষ্য লৈছে সংস্থাটোৱে।