থাইলেণ্ডত ৰে’লৰ ওপৰত বাগৰিল প্ৰকাণ্ড ক্ৰেন, নিহত ২২ গৰাকী

Story by  atv | Posted by  [email protected] • 1 Months ago
থাইলেণ্ডত ৰে’লৰ ওপৰত বাগৰিল প্ৰকাণ্ড ক্ৰেন
থাইলেণ্ডত ৰে’লৰ ওপৰত বাগৰিল প্ৰকাণ্ড ক্ৰেন
 
নতুন দিল্লী
 
থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী ৰে’ল। এই দুৰ্ঘটনাত দুৰ্ঘটনাত নিহত হয় ২২গৰাকীকৈ লোক আৰু আহত ৩০ গৰাকী লোকক ভৰ্তি কৰা হৈছে হাস্পতালত। দৰাচলতে থাইলেণ্ডৰ উত্তৰ-পশ্চিম প্ৰান্তলৈ যাত্ৰা কৰি থকা সময়তে সংঘটিত হৈছে এই দুৰ্ঘটনা।
 
বুধবাৰে পুৱা প্ৰায় ৯ বজাত সিখিয়ো জিলাত ৰে’লপথৰ সমীপতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা এখন ক্ৰেন বাগৰি পৰে ৰে’লখনৰ ওপৰত। তাৰপিছত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন।
 
ইফালে, লাইনচ্যুত হোৱাৰ পিছতে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰিছে জুই। আনহাতে, ৰে’লখনৰ ডবা কাটি উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰিবলগীয়া হয়।
 
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, উক্ত ৰে’লখনত প্ৰায় ১৯৫গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল। থাইলেণ্ড চৰকাৰে এই সমগ্ৰ দুৰ্ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।