পাকিস্তান-আফগানিস্তানৰ মাজত যুদ্ধ

Story by  atv | Posted by  [email protected] • 19 h ago
পাকিস্তান-আফগানিস্তানৰ মাজত যুদ্ধ
পাকিস্তান-আফগানিস্তানৰ মাজত যুদ্ধ
 
নতুন দিল্লী
 
আফগানৰ তালিবানে সীমান্তত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধমূলক অভিযান আৰম্ভ কৰি পাকিস্তানে ১৩০ জনতকৈ অধিক তালিবান যোদ্ধাক হত্যা কৰা বুলি দাবী কৰিছে ৷ বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানে তালিবানৰ বিৰুদ্ধে আৰম্ভ কৰে "অপাৰেচন গাজাব লিল হক।"
 
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এই অভিযান চলি থকা বুলি নিশ্চিত কৰি কয় যে বৰ্তমান আফগান তালিবানৰ আগ্ৰাসনৰ ওপৰত পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে তীব্ৰ আক্তমণ চলাইছে।
 
এই অভিযানৰ শেহতীয়া তথ্য প্ৰদান কৰি পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে কয় যে কমেও ১৩৩ জন আফগান তালিবান বিদ্ৰোহী নিহত হোৱাৰ লগতে ২০০ ৰো অধিক আহত হৈছে। আফগান তালিবান শাসনৰ কমেও ২৭ টা পোষ্ট ধ্বংস কৰা হৈছে আৰু আন ৯ টা পোষ্ট দখল কৰা হৈছে বুলিও তেওঁ কয়।
 
মন্ত্ৰীগৰাকীয়ে আৰু জনাই যে দুটা ক'ৰ্পছৰ মুখ্য কাৰ্যালয়, তিনিটা ব্ৰিগেড মুখ্য কাৰ্যালয়, দুটা গোলা-বাৰুদৰ ভাণ্ডাৰ , এটা লজিষ্টিক ঘাটি, তিনিটা বেটেলিয়ন মুখ্য কাৰ্যালয়, দুটা ছেক্টৰ মুখ্য কাৰ্যালয় আৰু ৮০ খনতকৈও অধিক টেংক, আৰ্টিলাৰী গান আৰু বাহন ধ্বংস কৰা হৈছে।
 
পি টিভি নিউজে প্ৰকাশ কৰা অনুসৰি পাকিস্তান বায়ুসেনাই কাবুল, কান্দাহাৰ আৰু পাকতিয়াত থকা আফগান তালিবানৰ গুৰুত্বপূৰ্ণ সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণৰ ফলত কাবুলৰ দুটা ব্ৰিগেড মুখ্য কাৰ্যালয়ৰ লগতে কান্দাহাৰত এটা ক'ৰ্পছৰ মুখ্য কাৰ্যালয় আৰু এটা ব্ৰিগেড মুখ্য কাৰ্যালয় ধ্বংস হয়।
 
পাকিস্তানৰ আভ্যন্তৰীণ বিভাগৰ মন্ত্ৰী মহছিন নাকভিয়ে এক বিবৃতিত আফগান তালিবানক সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ বাবে গৰিহণা দিয়ে।তেওঁ কয় যে কাপুৰুষ শত্ৰুৱে ৰাতিৰ আন্ধাৰত আঘাত কৰিছিল । আফগান তালিবানে নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ ঘৃণনীয় প্ৰচেষ্টা চলাইছিল
 
নাকভিয়ে লগতে কয়, "জাতিটোৱে সশস্ত্ৰ বাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে। আফগান তালিবানে আক্ৰমণ কৰি ভয়ংকৰ ভুল কৰিলে । তেওঁলোকে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। আমি আমাৰ নিৰাপত্তাৰ লগত আপোচ হ'বলৈ নিদিওঁ।"
 
ইফালে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে পাকিস্তানে শান্তি আৰু ভূখণ্ডৰ অখণ্ডতাৰ ক্ষেত্ৰত আপোচ নকৰে বুলিও স্পষ্ট কৰি দি দৃঢ়তাৰে কয়- "আমাৰ সশস্ত্ৰ বাহিনীৰ সঁহাৰি ব্যাপক আৰু নিৰ্ণায়ক । যিসকলে আমাৰ শান্তিক দুৰ্বলতা বুলি ভুল কৰে তেওঁলোকে শক্তিশালী সঁহাৰিৰ সন্মুখীন হ'ব।" প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কয় যে পাকিস্তানৰ জনসাধাৰণ আৰু সশস্ত্ৰ বাহিনী জাতিটোৰ সুৰক্ষা, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা সুৰক্ষিত কৰিবলৈ সদায় সাজু।
 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ নিৰাপত্তা আৰু শান্তিৰ কোনো ধৰণৰ ক্ষতি ৰোধ কৰাৰ বাবে সশস্ত্ৰ বাহিনীৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ লগতে কয় যে প্ৰিয় গৃহভূমিৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব আৰু প্ৰতিটো আগ্ৰাসনক উপযুক্ত উত্তৰ দিয়া হ’ব।
 
ইপিনে প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে মন্তব্য কৰে যে নাটো বাহিনী প্ৰত্যাহাৰৰ পিছত আফগানিস্তানত শান্তিৰ আশা কৰা হৈছে, তালিবানে আফগান জনসাধাৰণৰ উন্নয়ন আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
 
তেওঁ কয়- "কিন্তু তালিবানে আফগানিস্তানক ভাৰতৰ উপনিবেশ কৰি তুলিলে। আফগানিস্তানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ত্ৰাসবাদীক গোটাই লৈ সন্ত্ৰাসবাদ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিলে।"
 
তেওঁ কয় যে পাকিস্তানে প্ৰত্যক্ষ আৰু বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ জৰিয়তে স্বাভাৱিক অৱস্থা বজাই ৰখাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। কিন্তু আফগান তালিবানৰ আগ্ৰাসনৰ প্ৰতি পাকিস্তানৰ বাহিনীয়ে নিৰ্ণায়ক সঁহাৰি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে অৱশ্যে তালিবান ভাৰতৰ প্ৰক্সি হৈ পৰিল।
 
তেওঁ কয়- "পাকিস্তানৰ পূৰ্বৰ ভূমিকা “ইতিবাচক” আছিল, দেশখনে আফগান শৰণাৰ্থীক আতিথ্য দিয়াৰ ওপৰত আলোকপাত কৰিছিল, কিন্তু এতিয়া আমাৰ ধৈৰ্য শেষ হৈ গৈছে। এতিয়া মুকলি যুদ্ধ চলি আছে।" আনহাতে, আফগান তালিবানে দাবী কৰিছে যে এই পৰ্যন্ত কমেও ৫৫ জন পাকিস্তানী সেনাক তালিবানে নিধন কৰিছে ৷