প্ৰতিবাদকাৰীক দমনৰ বাবে শ্বেখ হাছিনাই দিয়া "শ্বুট-অন-চাইট" নিৰ্দেশৰ অডিঅ' ফাদিল

Story by  atv | Posted by  Munni Begum • 12 h ago
শ্বেইখ হাছিনা
শ্বেইখ হাছিনা
 
নতুন দিল্লী 
 
যোৱা বছৰ বাংলাদেশত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম দমন চলোৱাৰ নিৰ্দেশ দিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰদান কৰিছিল। বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি, এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ সৈতে হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এক কথোপকথনৰ অডিঅ' পোহৰলৈ আহিছে। 
 
বিবিচিয়ে পৰীক্ষা কৰা এই অডিঅ'টোত হাচিনাই কোৱা শুনা গৈছে যে, তেওঁ নিৰাপত্তা বাহিনীক "মাৰাত্মক অস্ত্ৰ" ব্যৱহাৰ কৰিবলৈ আৰু "প্ৰতিবাদকাৰীক য'তেই পায় তাতেই গুলীচালনা কৰিবলৈ" নিৰ্দেশ দিছিল। 
 
যোৱা ১৮ জুলাইত হাছিনাই এই ফোন কৰা সময়ত গণভৱন নামেৰে জনাজাত ঢাকাৰ বাসগৃহত আছিল। ফোনৰ কেইঘণ্টামান পিছতে ঢাকাত নিৰাপত্তা বাহিনীয়ে সামৰিক গ্ৰেডৰ ৰাইফল ব্যৱহাৰ কৰিছিল বুলি বিবিচিয়ে আৰক্ষীৰ নথি-পত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।
 
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০২৪ চনৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত বাংলাদেশ চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তেজিত হৈ পৰাৰ সময়তে কমেও ১৪০০ লোকৰ মৃত্যু হৈছিল।
 
প্ৰতিবাদৰ ফলত ২০২৪ চনৰ ৫ আগষ্টত হাছিনাই ভাৰতলৈ পলায়ন কৰাৰ বাবে তেওঁৰ আৱামী লীগ চৰকাৰৰ পতন ঘটে। বাংলাদেশে তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ ভাৰতলৈ আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছিল যদিও তেতিয়াৰ পৰাই তেওঁ ভাৰততে আছে।
 
বিদ্ৰোহৰ সময়ত গণহত্যাৰ অভিযোগত অভিযুক্ত হাছিনাই বাংলাদেশৰ বিশেষ ন্যায়াধিকৰণত বিচাৰৰ সন্মুখীন হোৱাৰ লগে লগে অভিযুক্তসকলে তেওঁৰ বিৰুদ্ধে অডিঅ' টেপটোক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।
 
বাংলাদেশ পলায়নৰ পিছত প্ৰথমটো বক্তব্যত হাচিনাই এই হত্যাৰ নিৰ্দেশনাক অস্বীকাৰ কৰিছিল। কিন্তু অডিঅ' টেপটোৱে এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য প্ৰমাণ দিছে যে  তেওঁৱে "শ্বুট-অন-চাইট" আদেশক প্ৰত্যক্ষভাৱে অনুমোদন জনাইছিল। 
 
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণক পৰামৰ্শ দি থকা ব্ৰিটেইনৰ এগৰাকী মানৱ অধিকাৰ অধিবক্তাই কয় যে হাছিনাৰ ভূমিকা প্ৰতিষ্ঠা কৰাৰ বাবে এই অডিঅ' টেপটো অতি গুৰুত্বপূৰ্ণ।