তিনিদিনীয়া কাৰ্যসূচীৰে কৃষ্ণ জন্মাষ্টমী উদযাপন বাংলাদেশত

Story by  atv | Posted by  Munni Begum • 1 d ago
কৃষ্ণ জন্মাষ্টমী উদযাপন বাংলাদেশত
কৃষ্ণ জন্মাষ্টমী উদযাপন বাংলাদেশত
 
ঢাকা 
 
ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা চমুকৈ ইস্কক’নে বাংলাদেশত তিনিদিনীয়া উৎসৱমুখৰ পৰিৱেশেৰে কৃষ্ণ জন্মাষ্টমী উদযাপন আৰম্ভ কৰিছে বুলি শনিবাৰে পুৰোহিতসকলে প্ৰকাশ কৰে। 
 
এই উপলক্ষে ভাষণ দি ইস্কন বাংলাদেশৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰীয়ে কয় যে, কাইলৈ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। গোটেই দিনটো কৃষ্ণ জন্মাষ্টমী উপলক্ষে কীৰ্ত্তনকে ধৰি কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া গা ধোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছে আৰু বহুতে ইয়াত উপস্থিত থাকিব। চৰকাৰে সৰ্বোত্তম নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ পুলিচৰ লগত আলোচনা হৈছিল। এইবাৰ যাতে কতো একোৱে অপ্ৰিতিকৰ কাৰ্যসূচী অনুষ্ঠিত নহয় সেয়া নিশ্চিত কৰিছে। 
 
বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৃষ্ণ জন্মাষ্টমীৰ দিনা হিন্দু সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক অৱতাৰৰ জন্ম বাৰ্ষিকী শুভ জন্মাষ্টমী হিন্দু সমাজৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ। ভগৱান কৃষ্ণই সমাজত সমতা আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ গোটেই জীৱন ন্যায় মানৱতা আৰু শান্তিৰ বাৰ্তা প্ৰচাৰ কৰিছিল বুলি এক বাৰ্তা যোগে ইউনুছে মন্তব্য কৰে। 
 
উপদেষ্টাগৰাকীয়ে লগতে কয়, "সাম্প্ৰদায়িক সম্প্ৰীতি আমাৰ সংস্কৃতিৰ এক অনন্য বৈশিষ্ট্য। অতীজৰে পৰা এই দেশৰ জনসাধাৰণে সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নিজ নিজ ধৰ্ম পালন কৰি আহিছে। আঁহক আমি সকলোৰে সামূহিক প্ৰচেষ্টাৰে সাম্প্ৰদায়িক সম্প্ৰীতিৰে ভৰা বৈষম্যমুক্ত এখন নতুন বাংলাদেশ গঢ়ি তোলোঁ।" 
 
ঢাকাৰ স্বামীবাগস্থিত ইস্কনৰ কেন্দ্ৰীয় মন্দিৰত এই উৎসৱৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণৰ বাবে ভক্তৰ ভিৰ। তেওঁলোকে পূজা কৰি কীৰ্তন আৰু আৰতিত অংশ লৈছিল। অনুষ্ঠানসমূহৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ মহাভিষেক (আবিৰ্ভাৱ দিৱস) অনুষ্ঠান, আলোচনা সভা, সাংস্কৃতিক অনুষ্ঠান, কীৰ্তন মেলা, ধৰ্মীয় নাটক আদিও অন্যতম। জন্মাষ্টমী উপলক্ষে ভক্তসকলে মেলাৰ পৰা মিঠাই আৰু উপহাৰ ক্ৰয় কৰিছে। 
 
ইস্কন বাংলাদেশৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰীয়ে এক সাক্ষাৎকাৰত কয় যে, ভগৱান শ্ৰীকৃষ্ণই যিসকল সৎ লোকক আশীৰ্বাদ কৰে আৰু যিসকল দুষ্ট লোকৰ মানসিকতা সলনি কৰি তেওঁলোকক ভাল মানুহলৈ ৰূপান্তৰিত কৰে। মই প্ৰাৰ্থনা কৰোঁ যে, পৃথিৱীত যিমান মানুহ আছে, সকলোৱে সুখী হওঁক। 
 
নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত তেওঁ কয়, "চৰকাৰে সৰ্বোত্তম নিৰাপত্তা গ্ৰহণ কৰিছে। আৰক্ষীৰ লগত আমাৰ বৈঠক হৈছিল। আৰক্ষী, সামৰিক বাহিনী আৰু পৰামৰ্শদাতা পৰিষদে নিৰাপত্তাৰ আশ্বাস দিছে। কেতিয়াবা, বাংলাদেশৰ হিন্দু লোক আৰু হিন্দু মন্দিৰত আক্ৰমণো হৈছিল। আমি ভুক্তভোগী পৰিয়ালক সহায় কৰিছো। আমি বাংলাদেশ এৰি নাযাওঁ। বাংলাদেশ আমাৰ জন্মভূমি।"