Mon May 26 2025 4:16:30 AM
  • Follow us on
  • Subcribe

উত্তেজনা বৃদ্ধিৰ লগে লগে কানাডাই ভাৰতলৈ বাণিজ্য অভিযান পিছুৱাই দিলে

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Years ago
ভাৰত-কানাডাৰ প্ৰধানমন্ত্ৰী
ভাৰত-কানাডাৰ প্ৰধানমন্ত্ৰী
অট’ৱা

নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে ক্ৰমান্বয়ে উত্তেজিত হৈ পৰিছে উভয় দেশৰ কূটনৈতিক সম্পৰ্ক। ইয়াৰ প্ৰতিফলন ঘটাই শুকুৰবাৰে এগৰাকী বিষয়াই কয় যে অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পৰিকল্পিত বাণিজ্যিক অভিযান পিছুৱাই দিছে কানাডাৰ বাণিজ্য মন্ত্ৰী মেৰী এনগে।

কাৰণ উল্লেখ নকৰাকৈ মন্ত্ৰীগৰাকীৰ মুখপাত্ৰ শান্তি কোচেন্টিনোৱে কয় যে এই সময়ত আমি ভাৰতলৈ আগন্তুক বাণিজ্যিক অভিযান পিছুৱাই দিছো।

জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বিশ্বৰ বহু নেতাৰ সৈতে আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠকত মিলিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক তুচ্ছজ্ঞান কৰি মাত্ৰ এক চুটি, অনানুষ্ঠানিক বৈঠকৰ অনুমতি দিছিল। বৈঠকৰ অন্তত ভাৰত চৰকাৰে কয় যে তেওঁলোকে বিচ্ছিন্নতাবাদৰ প্ৰচাৰ আৰু ভাৰতীয় কূটনীতিবিদৰ বিৰুদ্ধে হিংসাৰ উচটনি দি কূটনৈতিক চৌহদ ক্ষতিগ্ৰস্ত কৰাৰ লগতে কানাডাত থকা ভাৰতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ পূজাস্থলীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতে কানাডাৰ সৈতে বাণিজ্যিক আলোচনা স্থগিত ৰখা বুলি কয়। কানাডাই চলিত মাহৰ আৰম্ভণিতে একেধৰণৰ ঘোষণা কৰিছিল আৰু কৈছিল যে “ষ্টক ল’বলৈ” এনে বিৰতিৰ প্ৰয়োজন।

মাত্ৰ প্ৰায় চাৰি মাহৰ আগতে দুয়োখন ৰাষ্ট্ৰই কৈছিল যে এই বছৰ প্ৰাৰম্ভিক বাণিজ্যিক চুক্তিত ছীল কৰাৰ লক্ষ্য লোৱা হৈছে।