নতুন দিল্লী
আজি অৰ্থাৎ ১০ জুনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো আৰু আমেৰিকাৰ মহাকাশ সংস্থা নাছায়ে একেলগে এক ঐতিহাসিক অভিযান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল, যাৰ নাম আছিল এক্সিয়াম-৪ অভিযান (Axiom 4 Mission)। অৱশ্যে শেহতীয়াকৈ এই অভিযানৰ সময় বৃদ্ধি কৰি সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ইছৰোৱে নিজৰ অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে এই সন্দৰ্ভত তথ্য আগবঢ়াইছে৷
ইছৰোৱে নিজৰ পোষ্টৰ জৰিয়তে উল্লেখ কৰিছে, "ভাৰতীয় গগণযানক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে এক্সিয়াম-৪ অভিযান প্ৰতিকূল বতৰৰ বাবে পিছুৱাই দিয়া হৈছে। এই অভিযান পূৰ্বে চলিত বৰ্ষ ১০ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল, যদিও এতিয়া চলিত বৰ্ষৰ ১১ জুনত অনুষ্ঠিত হ’ব।"
উল্লেখ্য যে, এই অভিযানৰ বাবে কেইবাবাৰো দিন নিৰ্ধাৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত সলনি কৰা হৈছে। প্ৰথমবাৰ এই অভিযানৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছিল চলিত বৰ্ষৰ ২৯ মে'৷ ইয়াৰ পিছত ৮ জুনলৈ পিছুৱাই দিয়া হয় এই অভিযানৰ সময়। এই পৰিৱৰ্তনৰ কাৰণ আছিল লজিষ্টিক আৰু মহাকাশযানৰ যাতায়ত ব্যৱস্থাপনা।
ইয়াৰ পিছতে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ শুভাংশু শুক্লাকে ধৰি ৪ জন লোকক লৈ যাবলগীয়া Axiom-4 মিছনৰ উৎক্ষেপণৰ তাৰিখ পুনৰ এবাৰ পিছুৱাই দিয়া হ’ল। প্ৰতিকূল বতৰৰ বাবে ৮ জুনৰ পৰা ১০ জুনৰ পুৱা ৮:২২ বজাত (EDT) (ভাৰতীয় সময় অনুসৰি ৫:৫২ বজাত) নিৰ্ধাৰণ কৰা হৈছিল এই অভিযান।
অৱশ্যে আজিৰ নিৰ্ধাৰিত উৎক্ষেপণৰ সময়ৰ প্ৰায় ২০ ঘণ্টা পূৰ্বে ইছৰোৱে পুনৰবাৰ এই অভিযান পিছুৱাই দিয়া বুলি জনাইছে। প্ৰতিকূল বতৰৰ বাবে এই অভিযান ১০ জুনৰ পৰিৱৰ্তে ১১ জুনৰ সন্ধিয়া ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত এই অভিযান আৰম্ভ কৰা হ’ব।
এই অভিযান আৰম্ভ কৰাৰ নতুন তাৰিখ ঘোষণা কৰা হৈছে এক্সিয়াম স্পেচ-৪ অভিযানৰ ক্ৰু সদস্যসকলে অংশগ্ৰহণ কৰা ভাৰ্চুৱেল সংবাদমেলত। এই সকলো ক্ৰু সদস্য কোৱাৰেণ্টাইনত আছে, যাতে এই অভিযানত যোগদান কৰাৰ পূৰ্বে তেওঁলোক সম্পূৰ্ণ সুস্থ হৈ থাকে। এই অভিযান ১৪ দিনৰ বাবে হ’ব।
এই অভিযানৰ সৈতে জড়িত ক্ৰু সদস্যসকল হ’ল- মিছন কমাণ্ডাৰ: পেগি হুইটছন, মিছন পাইলট: শুভাংশু শুক্লা (ভাৰত), মিছন বিশেষজ্ঞ: ছোৱাবছ উজনাইচকি উইচনাইচকি Slavoj Uznański-Wisniewski (পোলেণ্ড) আৰু মিছন বিশেষজ্ঞ: টিবৰ কাপু (হাংগেৰী)।
এই অভিযান ১৪ দিনলৈ চলিব। এই সময়ছোৱাত মহাকাশচাৰীসকলে মাধ্যাকৰ্ষণত শস্যৰ বীজ আৰু অণুজীৱৰ বিকাশৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিব, যাতে মহাকাশত কৃষি আদিৰ সম্ভাৱনাৰ সন্ধান কৰিব পৰা যায়। ইয়াৰ উপৰিও এই অভিযানৰ সময়ত মাইক্ৰ'গ্ৰেভিটিত পেশীৰ কাৰ্যসমূহো অধ্যয়ন কৰা হ’ব, যাতে মহাকাশত মানুহৰ দীৰ্ঘস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিব পৰা যায়। ইয়াৰ উপৰিও এই অভিযানৰ সময়ত কিছু নতুন প্ৰযুক্তিও আৱিষ্কাৰ কৰা হ’ব।