নতুন দিল্লী
পশ্চিম এছিয়াৰ সংঘাতৰ বাবে হৰমুজ প্ৰণালী ব্যৱহাৰ কৰা ইন্ধন সৰবৰাহৰ পথত চাপ বৃদ্ধি পাইছে। সূত্ৰই জনোৱা মতে, ইৰানৰ বিষয়াসকলে ভাৰতীয় পতাকাযুক্ত জাহাজসমূহক এই প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হ’বলৈ দিয়াৰ সিদ্ধান্ত লৈছে। আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ পিছৰে পৰা এই পথটোত সাগৰীয় যাতায়ত প্ৰায় বন্ধ হৈ পৰিছিল। ইয়াৰ পূৰ্বে ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ (IRGC) নৌসেনাৰ কামাণ্ডাৰে কৈছিল যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰে পাৰ হ’বলৈ চেষ্টা কৰা জাহাজসমূহে ইৰাণৰ অনুমতি ল’ব লাগিব; অন্যথা সেইসমূহ ইৰাণৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব পাৰে।
ৰিয়াৰ এডমিৰেল আলিৰেজা তাংচিৰিয়ে কয় যে বুধবাৰে এই প্ৰণালীত দুখন জাহাজক লক্ষ্য কৰি লোৱা হৈছিল যিয়ে ইৰানৰ সতৰ্কবাাণীক আওকাণ কৰিছিল। ইৰাণৰ জেনেৰেলগৰাকীয়ে 'X'ত এটা পোষ্টত কয়, "জাহাজসমূহক হৰমুজ প্ৰণালীৰে নিৰাপদে পাৰ হোৱাৰ আশ্বাস দিয়া হৈছিল নেকি? এই প্ৰশ্নটো 'এক্সপ্ৰেছ ৰোম' আৰু 'ময়ুৰী নাৰী' জাহাজৰ ক্ৰু মেম্বৰসকলক সোধা উচিত, যিসকলে আজি ফোঁপোলা প্ৰতিশ্ৰুতিত বিশ্বাস কৰি সতৰ্কবাাণীক আওকাণ কৰিছিল আৰু প্ৰণালীটো পাৰ হ’বলৈ চেষ্টা কৰি ধৰা পৰিছিল। যি কোনো জাহাজে ইয়াৰে পাৰ হ’ব বিচাৰে, তেওঁলোকে ইৰাণৰ পৰা অনুমতি ল’বই লাগিব।"
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইৰাণে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ ওপৰত থকা নিষেধাজ্ঞা আৰু বৃদ্ধি কৰিছে। তেহৰানে জানিবলৈ দিছে যে যিবোৰ জাহাজে আমেৰিকা আৰু ইজৰাইলৰ স্বাৰ্থ ৰক্ষা নকৰে, সেইবোৰ জাহাজ এই পথেৰে নিৰাপদে পাৰ হ’ব পাৰিব।
ইৰানৰ উপকূলক ওমানৰ পৰা পৃথক কৰা এই ঠেক পথটোৰে দৈনিক ২০ নিযুত বেৰেলতকৈও অধিক কেঁচা তেল পৰিবহণ কৰা হয়। এই পৰিমাণ গোটেই বিশ্বৰ তেল ব্যৱহাৰৰ প্ৰায় এক-পঞ্চমাংশ আৰু সাগৰেৰে হোৱা তেল বাণিজ্যৰ প্ৰায় এক-চতুৰ্থাংশ। বিশ্বৰ তৰলীকৃত প্ৰাকৃতিক গেছৰ (LNG) এক বৃহৎ অংশও এই পথেৰেই সৰবৰাহ কৰা হয়। যদিহে এই যাতায়ত অলপ সময়ৰ বাবেও বন্ধ হয়, তেন্তে ইয়াৰ প্ৰভাৱ বিশ্বৰ বিত্তীয় বজাৰ, যোগান শৃংখল আৰু ঘৰুৱা বাজেটৰ ওপৰত পৰে। ইয়াৰ মাজতে ভাৰতৰ জাহাজ মন্ত্ৰালয়ে বুধবাৰে জনাইছে যে বৰ্তমান পাৰস্য উপসাগৰীয় অঞ্চলত ভাৰতীয় পতাকাযুক্ত ২৮ খন জাহাজ চলাচল কৰি আছে। ইয়াৰে ২৪ খন জাহাজ হৰমুজ প্ৰণালীৰ পশ্চিম দিশত আছে, য’ত ৬৭৭ জন ভাৰতীয় নাৱিক আছে। আনহাতে ৪ খন জাহাজ প্ৰণালীটোৰ পূব দিশত আছে আৰু তাত ১০১ জন ভাৰতীয় নাৱিক আছে। মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকৰ নিৰাপত্তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।
২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা মন্ত্ৰালয় আৰু জাহাজ সঞ্চালকালয়ত এটা ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ চলি আছে যাতে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব পৰা যায় আৰু সহায়ৰ বাবে সমন্বয় কৰিব পৰা যায়। বিষয়া, জাহাজৰ পৰিচালক আৰু নিযুক্তি সংস্থাসমূহে ভাৰতীয় দূতাবাস আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে মিলি কাম কৰি আছে যাতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায় আৰু য’তেই প্ৰয়োজন হয়, তাত সহায় আগবঢ়াব পৰা যায়।
মন্ত্ৰালয়ে কৈছে যে তেওঁলোকে পাৰস্য উপসাগৰীয় অঞ্চলৰ সলনি হোৱা সাগৰীয় পৰিস্থিতিৰ ওপৰত নিৰন্তৰ চকু ৰাখিছে আৰু ভাৰতীয় নাৱিক তথা ভাৰতীয় পতাকাযুক্ত জাহাজসমূহৰ নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব দিছে। মন্ত্ৰালয়ে লগতে কয় যে চৰকাৰে ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰিবলৈ তথা ভাৰতৰ সাগৰীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে।