পাৰস্পৰিক সন্মানে আমাক পথ প্ৰদৰ্শন কৰিবঃ তিক্ততাপূৰ্ণ সম্পৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ মহম্মদ ইউনুছৰ

Story by  atv | Posted by  [email protected] • 3 h ago
 প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ মহম্মদ ইউনুছৰ
প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ মহম্মদ ইউনুছৰ
 
নতুন দিল্লী

পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ দ্বাৰা পৰিচালিত হৈ ভাৰত আৰু বাংলাদেশে নিজৰ জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে কাম কৰি যাব বুলি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে।
 
বাংলাদেশৰ জনসাধাৰণ আৰু অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টাগৰাকীক মোদীয়ে ঈদ-উজ-জোহাৰ শুভেচ্ছা জনোৱাৰ উত্তৰত ইউনুছে তেওঁৰ পত্ৰখন লিখিছিল। দেওবাৰে এক্স পোষ্টত এই চিঠি শ্বেয়াৰ কৰে মহম্মদ ইউনুছে। 
 
৬ জুনত লিখা পত্ৰখনত ইউনুছে কয় যে মোদীৰ বাৰ্তাই দুয়োখন দেশৰ মাজত থকা উমৈহতীয়া মূল্যবোধক প্ৰতিফলিত কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতবাসীলৈও তেওঁ শুভেচ্ছা প্ৰেৰণ কৰে। ইউনুছে কয় যে মই নিশ্চিত যে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ মনোভাৱে আমাৰ দেশ দুখনক আমাৰ জনসাধাৰণৰ মংগলৰ বাবে একেলগে কাম কৰিবলৈ পথ প্ৰদৰ্শন কৰি যাব।
তেওঁ লগতে কয় যে ঈদ-উজ-জোহা হৈছে চিন্তাৰ সময়, যিয়ে উৎসৱ, ত্যাগৰ, উদাৰতা আৰু ঐক্যৰ মনোভাৱেৰে সম্প্ৰদায়সমূহক একত্ৰিত কৰে, আৰু সমগ্ৰ বিশ্বৰ জনগোষ্ঠীসমূহৰ বৃহত্তৰ সুবিধাৰ বাবে একেলগে কাম কৰিবলৈ আমাক সকলোকে অনুপ্ৰাণিত কৰে। ইফালে, ৪ জুনত লিখা পত্ৰখনত মোদীয়ে ঈদ-উজ-জোহাক ভাৰতৰ চহকী আৰু বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰিছে।
 
তেওঁ কয় যে এই উৎসৱে আমাক ত্যাগ, মমতা আৰু ভাতৃত্ববোধৰ কালজয়ী মূল্যবোধৰ কথা মনত পেলাই দিয়ে, যিবোৰ শান্তিপূৰ্ণ আৰু সৰ্বাংগীন পৃথিৱী গঢ়ি তোলাত অতি প্ৰয়োজনীয়।