হংকং
হংকঙত বুধবাৰে এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈ কমেও ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক সন্ধান হোৱাৰ বাতৰি পোৱা গৈছে। বিগত কেইবা দশকৰ ভিতৰত হংকঙত সংঘটিত এইটো আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা বুলি বাতৰিত কোৱা হৈছে। ঘটনাস্থলীৰ ভিডিঅ'ত ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত জুইৰ লেলিহান শিখা এটা অট্টালিকাৰ পৰা আনটো অট্টালিকালৈ বিয়পি পৰা দেখিবলৈ পোৱা যায়। এই ঘটনাই সমগ্ৰ চহৰখনতে আতংকৰ সৃষ্টি কৰে।
বুধবাৰে দুপৰীয়া এটা ঘন জনবসতিপূৰ্ণ অঞ্চল তাই পোৰ ৱাং ফুক কোৰ্ট আবাসিক চৌহদত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ড দ্ৰুতগতিত ভৱনসমূহলৈ বিয়পি পৰে। হংকঙৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এটা ৩২ মহলীয়া আৱাসগৃহত মেৰামতিৰ কাম চলি আছিল। মেৰামতিৰ কামত ব্যৱহৃত বাঁহৰ দ'মটো হঠাৎ জ্বলি উঠে। তাৰ পৰা গোটেই আবাসগৃহলৈ জুই বিয়পি পৰে। বিধ্বংসী জুয়ে গোটেই চৌহদটো ছাইত পৰিণত কৰে।
উল্লেখ্য যে, ১৯৮০ চনত ৮টা আৱাসগৃহৰ এই চৌহদটো নিৰ্মাণ কৰা হৈছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত ১৪০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। প্ৰায় ৯০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে জানিবলৈ দিয়ে।
হংকংৰ মুখ্য কাৰ্যবাহী বিষয়া জন লিয়ে কয় যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ শীঘ্ৰেই জানিব পৰা যাব। অগ্নিকাণ্ডটো এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই যদিও মাজনিশাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বুলি লিয়ে দাবী কৰে।
অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে প্ৰচণ্ড তাপমাত্ৰাৰ বাবে উদ্ধাৰ অভিযানত বাধা আহি পৰিছে। হংকং অগ্নিনিৰ্বাপক বিভাগৰ উপ-পৰিচালক ডেৰেক আৰ্মষ্ট্ৰং চেঙে কয়, "এই এপাৰ্টমেণ্টসমূহ ধ্বংসস্তুপত পৰিণত হৈছে। ভিতৰৰ তাপমাত্ৰা অতি বেছি। যাৰ ফলত কৰ্মচাৰীসকল ওপৰলৈ যাব পৰা নাই।’’