নতুন দিল্লীত নূৰ আহমেদ নূৰক ৰাষ্ট্ৰদূত নিযুক্তি; তালিবানে ক্ষমতা দখলৰ পিছত ভাৰতত আফগানিস্তানৰ প্ৰথমটো কূটনৈতিক নিযুক্তি

Story by  atv | Posted by  Munni Begum • 10 h ago
নূৰ আহমেদ নূৰ
নূৰ আহমেদ নূৰ
 
আৱাজ -দ্য ভইচ অসম ব্যুৰো
 
আফগানিস্তানে নতুন দিল্লীত থকা দূতাবাসত কূটনীতিবিদ নূৰ আহমেদ নূৰক ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে। এয়া এক গুৰুত্বপূৰ্ণ ঘটনা, কিয়নো তালিবানে আফগানিস্তান দখল কৰাৰ পিছত ভাৰতত আফগানিস্তানৰ এয়া প্ৰথমটো কূটনৈতিক নিযুক্তি। নতুন দায়িত্ব গ্ৰহণৰ উদ্দেশ্যে নূৰ আহমেদ নূৰ ইতিমধ্যে ভাৰতৰ ৰাজধানীত উপস্থিত হৈছে। ইয়াৰ পূৰ্বে তেওঁ আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰথম ৰাজনৈতিক সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নূৰ আহমেদ নূৰ এগৰাকী অভিজ্ঞ বিষয়া, যিয়ে গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত কাম কৰি আহিছে।
 
বিশেষকৈ মানৱীয় আৰু স্বাস্থ্য খণ্ডত আফগানিস্তান আৰু ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ইয়াক নতুন প্ৰচেষ্টাৰ এক অংশ হিচাপে গণ্য কৰা হৈছে। আফগানিস্তানত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ পাছতো ভাৰতে মানৱীয় সহায় আগবঢ়াই আহিছে আৰু দুয়োপক্ষই এই সহযোগিতা অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
 
ভাৰত আফগান সীমান্ত
 
২০ ডিচেম্বৰত আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্ৰী মাওলৱী নূৰ জালাল জালালিয়ে কয় যে আফগানিস্তানৰ ঔষধ আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বাবে ভাৰত এক গুৰুত্বপূৰ্ণ বিকল্প অংশীদাৰ হৈ পৰিছে। তেওঁ কয় যে পাকিস্তানৰ সৈতে আফগানিস্তানৰ সম্পৰ্কৰ “অৱনতি” হোৱাৰ বাবে ভাৰত আফগানিস্তানৰ বাবে অধিক নিৰ্ভৰযোগ্য বিকল্প হিচাপে বিবেচিত হৈছে।
 
জালালিয়ে স্পষ্টভাৱে কয় যে আফগানিস্তানে ভাৰতৰ সৈতে সহযোগিতাৰ এক 'নতুন অধ্যায়’ আৰম্ভ কৰিব বিচাৰে। তেওঁ দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ প্ৰশংসা কৰে আৰু ভাৰতক স্বাস্থ্য খণ্ডৰ এক বিশ্বাসযোগ্য অংশীদাৰ বুলি অভিহিত কৰে। তেওঁ কয়, ''ভাৰতৰ সৈতে আমাৰ এক শক্তিশালী সম্পৰ্ক আছে আৰু আমি সহযোগিতাৰ নতুন অধ্যায় মুকলি কৰিবলৈ আহিছো। পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্কৰ অৱনতি ঘটিছে।’’
 
নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) পৰম্পৰাগত ঔষধৰ বিশ্ব সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত জালালিয়ে এই মন্তব্য কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতে আফগানিস্তানক ঔষধ আৰু স্বাস্থ্য সেৱাৰ দীৰ্ঘম্যাদী যোগানত বিশেষ গুৰুত্ব প্ৰদান কৰি মানৱীয় সহায় অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। এই স্বাস্থ্য সহযোগিতা দুয়োখন দেশৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
 
আঞ্চলিক পৰিস্থিতি পৰিৱৰ্তনৰ পিছতো আফগানিস্তানৰ প্ৰতি নতুন দিল্লীয়ে অব্যাহত ৰখা মানৱীয় সাহায্যৰ বিষয়টো দাঙি ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জালালিক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণত আদৰণি জনোৱাৰ পিছতেই এই ভ্ৰমণটো আৰম্ভ হয়। এই ভ্ৰমণ দুই দেশৰ মাজত চৰকাৰী আদান-প্ৰদানৰ এক বৃহৎ প্ৰক্ৰিয়াৰ অংশ আছিল।
 
নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) পৰম্পৰাগত ঔষধৰ বিশ্ব সন্মিলন
 
ইয়াৰ পূৰ্বে ২০২৫ চনৰ অক্টোবৰত আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত ANIৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উষ্ম আদৰণিৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে আতিথ্যৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছিল। মুত্তকীয়ে কৈছিল, ‘'এতিয়ালৈকে যাত্ৰাটো ভালেই হৈছে। কেৱল দাৰুল উলুমৰ ৰাইজেই নহয়, অঞ্চলটোৰ সকলো লোক ইয়ালৈ আহিছে। তেওঁলোকে মোক যি উষ্ম আদৰণি জনাইছে তাৰ বাবে মই কৃতজ্ঞ।”
 
ইয়াৰ পূৰ্বে ২৪ নৱেম্বৰত আফগানিস্তানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী আলহাজ নুৰুদ্দিন আজিজীয়ে এক বৃহৎ সাফল্যৰ কথা ঘোষণা কৰে। তেওঁ কৈছিল যে ভাৰত আৰু আফগানিস্তানৰ মাজত দীৰ্ঘদিনীয়া ভিছা সমস্যা সমাধান কৰা হৈছে। যাৰ ফলত এতিয়া আফগান নাগৰিকসকলকে চিকিৎসা আৰু ব্যৱসায়িক উদ্দেশ্যৰ বাবে ভাৰতীয় ভিছা লাভ কৰিব পাৰিব। পাঁচদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ অন্তত সংবাদমেল সম্বোধন কৰি তেওঁ কৈছিল যে এই সেৱাসমূহৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত আফগান দূতাবাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আনহাতে, কাবুলত থকা ভাৰতৰ দূতাবাসেও আফগান নাগৰিকসকলক সহায়ৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিব।
 
এনে প্ৰেক্ষাপটত নূৰ আহমেদ নূৰক ভাৰতৰ আফগানিস্তানৰ দূত হিচাপে নিযুক্তি দিয়াটোৱে স্পষ্টভাৱে কূটনৈতিক প্ৰচেষ্টাৰ এক নতুন ইংগিত বহন কৰিছে। কিয়নো দুয়োখন দেশে মানৱীয় সাহায্য, স্বাস্থ্যসেৱা সমৰ্থন, চৰকাৰী ভ্ৰমণ আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ জৰিয়তে নিৰন্তৰভাৱে জড়িত হৈ আছে।