কুৱেইটৰ তেল শোধনাগাৰত ড্ৰোন আক্ৰমণ

Story by  atv | Posted by  [email protected] • 1 h ago
কুৱেইটৰ তেল শোধনাগাৰত ড্ৰোন আক্ৰমণ
কুৱেইটৰ তেল শোধনাগাৰত ড্ৰোন আক্ৰমণ
 
ডুবাই
 
কুৱেইটৰ চৰকাৰী সংবাদ সংস্থা 'কুনা' (KUNA)-ৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে দেশখনৰ অন্যতম প্রধান তেল প্ৰতিষ্ঠানত এটা ড্ৰোন আক্ৰমণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়।
 
কুৱেইট পেট্ৰ’লিয়াম কৰ্পৰেশ্যনৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে জনাইছে যে, 'মিনা অল-আহমদী' (Mina Al-Ahmadi) নামৰ তেল শোধনাগাৰটোক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল, যাৰ ফলত সেই স্থানত জুই লাগে।
 
উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে। উল্লেখ্য যে, এই শোধনাগাৰটো মধ্যপ্ৰাচ্যৰ ভিতৰতে অন্যতম বৃহৎ শোধনাগাৰ, য’ত দৈনিক প্ৰায় ৭,৩০,০০০ বেৰেল তেল উৎপাদন কৰাৰ ক্ষমতা আছে।