গ্ৰেপ্তাৰ হ'ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শর্মা অলী

Story by  atv | Posted by  [email protected] • 1 Months ago
গ্ৰেপ্তাৰ হ'ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শর্মা অলী
গ্ৰেপ্তাৰ হ'ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শর্মা অলী
 
নতুন দিল্লী
 
নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শর্মা অলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই দেশখনৰ ৰাজনীতিত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অলীৰ সৈতে প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
 
কাঠমাণ্ডু ভেলী আৰক্ষীয়ে জনোৱা অনুসৰি, দুয়োজনক আজি পুৱা গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে আইনগত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে এই পদক্ষেপ কোনো ধৰণৰ প্ৰতিশোধমূলক নহয়, বৰং আইনৰ বিধান অনুসৰি গ্ৰহণ কৰা হৈছে।ইফালে, কে.পি. শর্মা অলীয়ে নিজৰ গ্ৰেপ্তাৰক ৰাজনৈতিক প্ৰতিহিংসাৰ ফল বুলি অভিহিত কৰি আইনীভাৱে যুঁজ আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।
 
উল্লেখযোগ্য যে, বিগত বছৰৰ ছেপ্টেম্বৰ মাহত নেপালত বৃহৎ পৰিসৰত দুর্নীতি বিৰোধী প্ৰতিবাদ হৈছিল। এই প্ৰতিবাদ হঠাৎ হিংসাত্মক ৰূপ লৈছিল আৰু দুদিনৰ ভিতৰত ৭০জনতকৈ অধিক লোকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাই তেতিয়াৰ অলীৰ চৰকাৰৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে আৰু অৱশেষত চৰকাৰখনৰ পতন ঘটে।
 
শেহতীয়া উচ্চস্তৰীয় তদন্ত আয়োগে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে, সেই সময়ত উচ্চ পদত থকা ব্যক্তিসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত অৱহেলা কৰিছিল। আয়োগে অলী আৰু ৰমেশ লেখকৰ লগতে আন কেইবাজনো বিষয়াক দায়ী কৰি কঠোৰ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছে। যাৰবাবে দেশখনৰ নতুন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি গ্ৰেপ্তাৰ কৰা হল নেতা দুগৰাকীক।


শেহতীয়া খবৰ