পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক সকীয়নি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ

Story by  atv | Posted by  Munni Begum • 13 d ago
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ
 
ইছলামবাদ
 
পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ পত্নী বুছৰা বিবিক কাৰাগাৰত বন্দী কৰাৰ বাবে সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ পোনপটীয়াকৈ দায়ী।    
 
৪৯ বছৰীয়া বুছৰা বিবিক দুৰ্নীতিৰ গোচৰৰ লগতে ৭১ বছৰীয়া খানৰ সৈতে অবৈধ বিবাহৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল আৰু বৰ্তমান ইছলামবাদৰ উপকণ্ঠ অঞ্চলত থকা তেওঁলোকৰ বানি গালা বাসগৃহত আটক কৰি ৰখা হৈছে। 
 
বৰ্তমান কাৰাগাৰত থকা আদিয়ালা জেলত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত পিটিআইৰ নেতাগৰাকীয়ে সেনা প্ৰধানগৰাকীৰ ওপৰত অভিযোগ উত্থাপন কৰিছে বুলি খানৰ অফিচিয়েল এক্স একাউণ্টত আপলোড কৰা এটা দীঘলীয়া পোষ্টত প্ৰকাশ পাইছে।
 
পোষ্টত উল্লেখ কৰিছে যে, "মোৰ পত্নীক দিয়া শাস্তিৰ সৈতে জেনেৰেল অসীম মুনীৰ প্ৰত্যক্ষভাৱে জড়িত। তেওঁক দোষী সাব্যস্ত কৰা ন্যায়াধীশে কয় যে তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। মোৰ পত্নীৰ কিবা হ'লে মই অসীম মুনীৰক ৰেহাই নিদিও, মই জীয়াই থকালৈকে অসীম মুনিৰক ৰেহাই নিদিও। তেওঁৰ অসাংবিধানিক আৰু অবৈধ পদক্ষেপ মই উদঙাই দিম।" 
 
খানে কয় যে দেশত জংঘলৰ আইন অব্যহত আছে আৰু সকলো কাম কৰি আছে “জংঘলৰ ৰজাই”। জংঘলৰ ৰজাই ইচ্ছা কৰিলে নৱাজ শ্বৰীফৰ সকলো গোচৰ ক্ষমা কৰি দিয়ে, আৰু তেওঁ যেতিয়া বিচাৰে তেতিয়া পাঁচ দিনত তিনিটা গোচৰত আমাক শাস্তি বিহে। 
 
খানে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ঋণৰ জৰিয়তে নহয়, বিনিয়োগৰ জৰিয়তে অৰ্থনীতি সুস্থিৰ হ’ব। "জংঘলৰ আইনৰ বাবে দেশত বিনিয়োগ নহয়। চৌদি আৰব অহাটো ভাল কথা কিন্তু দেশত আইনৰ শাসন হ'লেহে বিনিয়োগ  কৰা হব।"
 
পঞ্জাৱৰ বাহাৱালনগৰ অঞ্চলত শেহতীয়াকৈ আৰক্ষী আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ কথাও উল্লেখ কৰি তেওঁ কয় যে আইন উলংঘা কৰি আৰক্ষীক প্ৰহাৰ কৰা হৈছিল। কিন্তু আমাৰ মানুহক অত্যাচাৰ কৰা আই জি (মহাপৰিদৰ্শক আৰক্ষী) আৰু ভাইচৰয়ে তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছিল।  
 
খানে কয় যে ভাইচৰয়ে এই কাণ্ডৰ পিছত কয় যে 'তেওঁলোক (পুলিচ) আমাৰ ভাই'। তেওঁ লগতে কয় যে "এনে ব্যৱহাৰ দাসৰ লগতহে কৰা হয় ভাই-ভনীৰ লগত নহয়" কাৰণ ক্ষমতা থকাসকলে আৰক্ষীক ঠেলি দিছিল আৰু লগতে ক্ষমা খুজিবলৈও বাধ্য হৈছিল।   
 
লগতে তেওঁ কয় যে উপ-নিৰ্বাচনত পিটিআইক প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "এই সময়ত অত্যাচাৰৰ সন্মুখত থিয় হোৱাটোৱেই হৈছে জেহাদ। আমাৰ কৰ্মীসকলে প্ৰতিটো ভোট ৰক্ষা কৰিব লাগিব, ভোটৰ পহৰা দিব লাগিব।"