লণ্ডন
প্ৰথমবাৰৰ বাবে লণ্ডনত অনুষ্ঠিত হয় ‘গংগা আৰতি’ পোহৰ আৰু কৃতজ্ঞতাৰ এক বিশেষ আধ্যাত্মিক অনুষ্ঠান। দেওবাৰে লণ্ডনৰ থেমছ নদীৰ পাৰত হাজাৰ হাজাৰ লোকে আধ্যাত্মিক অনুষ্ঠান সমবেত হয়।
চিন্ময় মিছন ইউকেৰ উদ্যোগত আৰু বাৰ্ষিক ‘টোটেলি টেমছ’ উৎসৱৰ সহযোগত ‘গংগা আৰতি অন দ্য থেমছ: এ চেৰেমনি অৱ লাইট’ শীৰ্ষক অনুষ্ঠানটো আয়োজন কৰা হয়। সংস্থাটোৰ ৭৫ বছৰীয়া যাত্ৰা উপলক্ষে বিশ্বজুৰি চলি থকা উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠান অনুষ্ঠিত হয়।
ভাৰতৰ গংগা নদীৰ পাৰত অনুষ্ঠিত বিশ্ববিখ্যাত গংগা আৰতিৰ পৰম্পৰা আৰু আধ্যাত্মিক ভাবধাৰাক লণ্ডনলৈ লৈ অহাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আয়োজকসকলৰ মতে, অনুষ্ঠানটো প্ৰকৃতি, জ্ঞান আৰু চেতনাৰ জীৱনদায়ী প্ৰবাহৰ এক প্ৰতীক হিচাপে পৰিকল্পনা কৰা হৈছিল।
চিন্ময় মিছন ইউকেৰ আৱাসিক শিক্ষয়িত্ৰী ব্ৰহ্মচাৰিণী শ্ৰীপ্ৰিয়া চৈতন্যই কয়, “প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মানুহে গংগাৰ পাৰত সমবেত হৈ নদী, প্ৰকৃতি আৰু জীৱনক ধাৰণ কৰি ৰখা সকলো শক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি পোহৰ আগবঢ়াই আহিছে।”
তেওঁ কয়, "থেমছ নদীৰ পাৰত অনুষ্ঠিত গংগা আৰতিয়েও সেই একে কৃতজ্ঞতা, আশা আৰু ঐক্যৰ ভাবধাৰাক আগবঢ়াই লৈ গৈছে আৰু সকলোকে এক উমৈহতীয়া মুহূৰ্তত একত্ৰিত কৰিছে। চিন্ময় মিছনৰ বাবে গংগা কেৱল এখন নদী নহয়, ই জ্ঞানৰ প্ৰবাহৰো প্ৰতীক।
তেওঁ কয়, “আমাৰ প্ৰতিষ্ঠাপক স্বামী চিন্ময়ানন্দই তেওঁৰ জীৱন বেদান্তৰ চিৰন্তন জ্ঞান, 'হিন্দু ধৰ্মৰ অন্যতম মহান দাৰ্শনিক পৰম্পৰা' হিমালয়ৰ পৰা সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ লৈ অহাৰ বাবে উৎসৰ্গা কৰিছিল। চিন্ময় মিছনৰ ৭৫ বছৰীয়া যাত্ৰা উদযাপন কৰাৰ এই সময়ত এই অনুষ্ঠানটো আমাৰ সেই ঐতিহ্যৰো এক উদযাপন জ্ঞান, সেৱা আৰু কৃতজ্ঞতাৰ এনে এক প্ৰবাহ, যি কোনো সীমাৰ মাজত আবদ্ধ নহয়।"
গংগা আৰতি হৈছে হিন্দু ধৰ্মৰ এক পৰম্পৰাগত কৃতজ্ঞতা জ্ঞাপনৰ অনুষ্ঠান। এই অনুষ্ঠানত সাধাৰণতে বহুস্তৰীয় ডাঙৰ তেলৰ চাকি, প্ৰাৰ্থনা, সংগীত আৰু মন্ত্ৰোচ্চাৰণ কৰা হয়। নদী আৰু সামগ্ৰিকভাৱে প্ৰকৃতি মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য।
চিন্ময় মিছনৰ এগৰাকী মুখপাত্ৰই কয়, "প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা গংগা আৰতিৰ কেৱল এটা অতিৰিক্ত বিষয় নহয়। অনুষ্ঠানটোৱেই মা গংগাৰ প্ৰতি কৃতজ্ঞতাৰ এক প্ৰকাশ। হিন্দু পৰম্পৰাত গংগাক পৱিত্ৰ, জীৱনদায়ী আৰু জীৱন ধাৰণৰ আধাৰ হিচাপে সন্মান কৰা হয়।"
থেমছ নদীৰ পাৰত অনুষ্ঠিত এই আৰতিৰ সমগ্ৰ অনুষ্ঠান স্থলভাগত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ কোনো সামগ্ৰী থেমছ নদীত পেলোৱা, ঢালি দিয়া বা পানীত এৰি দিয়া হোৱা নাছিল।
মুখপাত্ৰগৰাকীয়ে কয়, “অনুষ্ঠানৰ সময়ত ব্যৱহাৰ কৰা চাকি নদীৰ পানীত উটুৱাই দিয়াৰ পৰিৱৰ্তে নদীৰ পাৰতেই ৰখা হয়। ইয়াৰ জৰিয়তে আমি পৰম্পৰাটোৰ মূল ভাবধাৰাক সন্মান জনোৱাৰ লগতে থেমছ নদীকো কোনো ধৰণে বিঘ্নিত নকৰাৰ চেষ্টা কৰিছোঁ। একেদৰে, সমগ্ৰ অনুষ্ঠানত আৱৰ্জনা হ্ৰাস কৰা, একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু অনুষ্ঠানস্থল তথা ইয়াৰ আশে-পাশে থকা পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণ নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।"
গ্ৰীণউইচস্থিত ঐতিহাসিক ‘অল্ড ৰয়েল নেভেল কলেজ’ৰ মনোমোহা পটভূমিত সংগীত আৰু মন্ত্ৰোচ্চাৰণৰ মাজেৰে অনুষ্ঠিত এই কাৰ্যসূচীত ব্ৰিটেইনৰ বিভিন্ন হিন্দু সংগঠন আৰু সম্প্ৰদায়ৰ জ্যেষ্ঠ আধ্যাত্মিক নেতা তথা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ জৰিয়তে ব্ৰিটিছ হিন্দু আৰু দক্ষিণ এছিয়াৰ সম্প্ৰদায়ৰ বাবে এক বৃহৎ উদযাপনৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিভিন্ন পটভূমিৰ লোকসকলক একত্ৰিত হৈ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।
চিন্ময় মিছন ইউকেৰ মতে, “গংগা আৰতিয়ে আমাক সোঁৱৰাই দিয়ে যে, আমি প্ৰাকৃতিক পৃথিৱীখনক কেতিয়াও সহজভাৱে লোৱা উচিত নহয়। প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা কেৱল প্ৰাৰ্থনাৰ জৰিয়তে নহয়, বৰঞ্চ আমাৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি যত্ন আৰু দায়িত্বশীল আচৰণৰ জৰিয়তেও প্ৰকাশ কৰিব লাগে।"
১৯৫১ চনত প্ৰতিষ্ঠা হোৱা চিন্ময় মিছন হৈছে বেদান্তৰ চিৰন্তন জ্ঞানৰ আধাৰত আভ্যন্তৰীণ পৰিৱৰ্তন আৰু আধ্যাত্মিক জাগৰণৰ বাবে কাম কৰা এক বিশ্বব্যাপী আন্দোলন। পূজ্য গুৰুদেৱ স্বামী চিন্ময়ানন্দৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত এই সংস্থাটোৰ বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত ৩৫০ৰো অধিক কেন্দ্ৰ আছে।
এই কেন্দ্ৰসমূহৰ জৰিয়তে আধ্যাত্মিক শিক্ষা, সাংস্কৃতিক কাৰ্যসূচী, শিক্ষানুষ্ঠান আৰু বিভিন্ন সেৱামূলক কাম-কাজৰ জৰিয়তে সমাজক সহায় আগবঢ়োৱা হয়। ব্ৰিটেইনত চিন্ময় মিছন ইউকে-ই শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী, পৰিয়াল আৰু জ্যেষ্ঠ নাগৰিক সকলো বয়সৰ লোকৰ বাবে বিভিন্ন কাৰ্যসূচী আগবঢ়াই আহিছে।
‘ট’টেলি থেমছ’ হৈছে এটা ট্ৰাষ্টৰ দ্বাৰা আয়োজিত বাৰ্ষিক উৎসৱ। ১৯৯৭ চনৰ পৰা কলা-সংস্কৃতিৰ অনুষ্ঠান, পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচী, ঐতিহ্য আৰু শিক্ষামূলক কাৰ্যসূচীৰ জৰিয়তে থেমছ নদীক উদযাপন কৰি অহা হৈছে। এইবাৰৰ উৎসৱৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গংগা আৰতিৰ অনুষ্ঠানটোৰ সকলো টিকট বিক্ৰী হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে এই অনুষ্ঠানটো প্ৰতি বছৰে নিয়মীয়াকৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।