নতুন দিল্লী
মধ্য প্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজতো হৰমুজ জলপথৰ উত্তেজনাপূৰ্ণ জলপথ সফলতাৰে পাৰ হোৱাৰ পিছত ভাৰতৰ আন এখন গুৰুত্বপূৰ্ণ খাৰুৱা তেল টেংকাৰে নিৰাপদে গুজৰাট বন্দৰত উপস্থিত হৈছে। ভাৰতৰ পতাকা থকা জাগ লাডকীয়ে ইউ এ ইৰ ফুজাইৰা বন্দৰৰ পৰা প্ৰায় ৮০,৮০০ মেট্ৰিক টন খাৰুৱা তেল ভৰাই বুধবাৰে গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰৱেশ কৰে।
জাহাজখনে ফুজাইৰা চিংগল পইণ্ট মুৰিঙত খাৰুৱা তেল ভৰাই থকা অৱস্থাত শনিবাৰে ইৰাণে ফুজাইৰা অইল টাৰ্মিনেলত ড্ৰ’ন আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কিছু লোডিং অপাৰেচন সাময়িকভাৱে ক্ষতিগ্ৰস্ত হয় যদিও জগ লাডকী আৰু জাহাজত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত হৈ থাকে।
এই জাহাজখন হৈছে ভাৰতৰ পতাকা থকা চতুৰ্থখন জাহাজ যিয়ে যুদ্ধক্ষেত্ৰৰ পৰা কোনো ক্ষতি নোহোৱাকৈ ওলাই আহিছে। ইয়াৰ পূৰ্বে শনিবাৰে শিৱলিক আৰু নন্দ দেৱী নামৰ দুখন ভাৰতীয় এল পি জি কেৰিয়াৰে হৰমুজ জলদ্বীপ অতিক্ৰম কৰি মুঠ ৯২,৭১২ টন এল পি জি কঢ়িয়াই লৈ ভাৰতত উপস্থিত হৈছিল।
উল্লেখযোগ্য যে, ভাৰতীয় পতাকা থকা জাহাজৰ বাবে নিৰাপদ যাতায়তৰ নিশ্চয়তা দিয়া হৈছে ইৰাণৰ তৰফৰ পৰা। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে ঘোষণা কৰে যে হৰমুজ জলপথ আমেৰিকা আৰু ইজৰাইলৰ জাহাজৰ বাবে বন্ধ হৈ থাকিব। ভাৰত আৰু ইৰাণৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাই ভাৰতীয় জাহাজসমূহৰ বাবে নিৰাপদ যাতায়তৰ এই নিশ্চয়তা প্ৰদান কৰিছে।