নতুন দিল্লী
আমেৰিকাৰ কঠোৰ ভিজা নীতি আৰু বৰ্ধিত ব্যায়ৰ ফলত গুগল, এপল আৰু এমাজনৰ দৰে আমেৰিকাৰ বহুজাতিক প্রতিষ্ঠানসমূহে চলিত বর্ষত যথেষ্টসংখ্যক চাকৰি ভাৰতলৈ স্থানান্তৰ কৰাৰ সম্ভাবনা আছে।
গুগলৰ মূল পৰিচালন প্রতিষ্ঠান এলফাবেটে ভাৰতত ২০ হেজাৰপর্যন্ত নতুন চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে এলফাবেটে বেংগালুৰুৰ হোৱাইট ফিল্ডত এটা অফিচ টাৱাৰ ভাড়াত লৈছে। এপলে যোগান শৃংখল শাখাৰ কর্মচাৰীসকলক প্রশিক্ষণ দিয়াৰ বাবে বেংগালুৰুত এডুকেচন হাব নির্মাণ কৰি আছে।
প্রফেছনেল নেটৱর্কিং এপ ব্লাইণ্ডৰ এক সমীক্ষা অনুসৰি ৫২% প্রযুক্তি আৰু বেংকিং খণ্ডৰ সৈতে জড়িত পেছাদাৰীৰ মতে চলিত বর্ষত বিভিন্ন প্রতিষ্ঠানে ভাৰতত চাকৰি সৃষ্টি কৰিব। একেদৰে ২৫% প্রতিষ্ঠানে বৰ্তমানৰ পেছাদাৰী দলৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছে। ষ্টাফিং প্রতিষ্ঠান এক্সফেনোৰ প্রতিবেদন মতে মেটা, এমাজন, এপল, মাইক্র'ছফট, নেটফ্লিক্স আৰু এলফাবেটে ২০২৫ ত ভাৰতত ৩২ হেজাৰ প্ৰাৰ্থীক নিযুক্তি দিছিল।
টিমলীজ ডিজিটেলৰ চি ই অ' নীতি শৰ্মাৰ মতে চলিত বর্ষত এনে প্রতিষ্ঠানসমূহে বিগত বৰ্ষৰ তুলনাত ১৬-২০% পর্যন্ত অধিক চাকৰি সৃষ্টি কৰিব। বিশেষজ্ঞসকলৰ মতে আমেৰিকাৰ প্রতিষ্ঠানসমূহৰ বাবে ভাৰতীয় প্রতিভাক আমেৰিকালৈ আমন্ত্রণ জনোৱাৰ বিপৰীতে ভাৰততে কামত নিয়োগ কৰাটো অধিক লাভজনক হিচাপে বিবেচিত হৈছে।