ৰাফা (মিশৰ)
হামাছে সোমবাৰে কয় যে, তেওঁলোকে আৰব মধ্যস্থসকলৰ এটি নতুন যুদ্ধবিৰতি প্ৰস্তাৱ গ্ৰহণ কৰিছে, যদিও ইজৰাইলে কয় যে তেওঁলোকৰ স্থিতিত কোনো পৰিৱর্তন হোৱা নাই। এনে সময়তে গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে, ২২ মাহ ধৰি চলি থকা যুদ্ধত মৃত্যুবৰণ কৰা পেলেষ্টাইনীসকল সংখ্যা ৬২,০০০ অতিক্ৰম কৰিছে।
ৱাশ্বিংটনেও মধ্যস্থতা কৰা দীৰ্ঘদিনীয়া আলোচনাৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সন্দেহ প্ৰকাশ কৰি কয়, বাকী থকা পণবন্দী সকলৰ উভতি অহা আমি তেতিয়াহে দেখিম যেতিয়া হামাছক মুখামুখি কৰা হ'ব আৰু ধ্বংস কৰা হ’ব। যিমান সোনকালে এইটো কৰা হ’ব সিমানেই সফলতাৰ সম্ভাৱনা বেছি হ’ব বুলি তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।
ইজৰাইলে যোৱা মাহত আলোচনা ভংগ হোৱাৰ পিছত গাজা চহৰ আৰু অন্যান্য জনবহুল এলাকা পুনৰ অধিকাৰ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল। এই পদক্ষেপে গাজাত মানৱীয় বিপৰ্যয় অধিক বেয়া হোৱাৰ আশংকা জন্মাইছে, বিশেষজ্ঞসকলে কয় অঞ্চলটো ক্ষুধাৰ সংকটলৈ আগবাঢ়িছে।
এই আগ্ৰাসন বৃদ্ধি কৰাৰ লক্ষ্য এটাও হৈছে হামাচৰ ওপৰত চাপ সৃষ্টি কৰা, যদিও ইয়াৰ ফলত আন্তর্জাতিক ক্ষোভ বৃদ্ধি পাইছে আৰু ইজৰাইলৰ ভিতৰতো বহু লোক ক্ষুব্ধ হৈছে, কিয়নো তেওঁলোকে ৭ অক্টোবৰৰ আক্ৰমণত পণবন্দী কৰা লোকসকলৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। দেখা গৈছিল যে, সোমবাৰে হাজাৰ হাজাৰ ইজৰাইলীয়ে এই পণবন্দীসকলৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছিল।
ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বাদৰ আব্দেলাট্টিয়ে কয়, মধ্যস্থসকলে যুক্তৰাষ্ট্ৰৰ ৬০ দিনীয়া যুদ্ধবিৰতি প্ৰস্তাৱ পুনৰুজ্জীৱিত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সময়ছোৱাৰ ভিতৰত কিছু পণবন্দীক মুক্তি দিয়া হ’ব আৰু দুয়ো পক্ষৰ মাজত স্থায়ী যুদ্ধবিৰতি আৰু অন্য পণ বন্দীসকলৰ মুক্তিৰ বাবে আলোচনা চলি থাকিব।
আব্দেলাট্টিয়ে কয়, কাটাৰৰ প্ৰধানমন্ত্ৰী শেখ মোহাম্মদ বিন আব্দুৰ ৰহমান আল থানিও এই আলোচনাত অংশ লৈছে, লগতে হামাচৰ জ্যেষ্ঠ নেতা খালিল আল-হাইয়াও কায়ৰো পালেগৈ। তেওঁ কয় যে, একেলগে সকলো পণবন্দী মুক্তি দিয়া সংহত চুক্তিকো আলোচনাৰ বিষয়ত ৰাখিব পাৰি।
হামাচৰ জ্যেষ্ঠ নেতা বাছেম নাইমে কয় যে, তেওঁলোকে মধ্যস্থসকলে আগবঢ়োৱা প্ৰস্তাৱটো গ্ৰহণ কৰিছে, যদিও তেওঁ বিস্তাৰিতভাৱে একো মন্তব্য কৰা নাই।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সকলো পণবন্দীক ঘূৰাই নিদিয়ালৈকে আৰু হামাছক নিৰস্ত্ৰ নকৰালৈকে যুদ্ধ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে, আৰু গাজাৰ ওপৰত স্থায়ী নিৰাপত্তা নিয়ন্ত্ৰণ বজাই ৰাখিব। হামাছে কয় যে স্থায়ী যুদ্ধবিৰতি আৰু ইজৰাইলী প্ৰত্যাহাৰৰ বিনিময়তহে বাকী থকা পণবন্দীসকলক মুকলি কৰি দিব।
হামাছৰ নেতৃত্বত উগ্ৰপন্থীয়ে ২৫১ জন লোকক অপহৰণ কৰি প্ৰায় ১২০০ জন লোকক হত্যা কৰে, ইয়াৰ বেছিভাগেই সাধাৰণ নাগৰিক। যুদ্ধবিৰতি বা অন্যান্য চুক্তিত মুকলি কৰি দিয়াৰ পিছত এতিয়াও গাজাত থকা পণবন্দীসকলৰ ভিতৰত প্ৰায় ২০ জন লোকক ইজৰাইলে জীৱিত বুলি বিশ্বাস কৰে।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যুদ্ধৰ ফলত পেলেষ্টাইনীসকলৰ মৃত্যুৰ সংখ্যা ৬২,০০৪ লৈ বৃদ্ধি পাইছে আৰু আন ১৫৬,২৩০ জন লোক আহত হৈছে। ইয়াত কোৱা হোৱা নাই যে, কিমানজন সাধাৰণ নাগৰিক বা যুঁজাৰু আছিল, কিন্তু কোৱা হৈছে যে, ইয়াৰ অধিককাংশ আছিল মহিলা আৰু শিশু।