প্রবল বৰষুণৰ ফলত বানৰ সৃষ্টি ছাহাৰা মৰুভূমিত

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৰাবাট
 
জলবায়ু পৰিবৰ্তনৰ ফলত প্ৰকৃতিৰ অভাৱনীয় আৰু অকল্পনীয় পৰিবৰ্তন ঘটিছে। পূর্বতে প্রবল বৰষুণ হোৱা অঞ্চলসমূহত বৰষুণৰ মাত্ৰা উদ্বেগজনকভাৱে হ্রাস পোৱাৰ বিপৰীতে মৰুভূমি অঞ্চলত বৃদ্ধি পাইছে বৰষুণৰ মাত্রা।  শেহতীয়াকৈ ছাহাৰা মৰুভূমিতো ইয়াৰ প্ৰভাৱ দেখা গৈছে।  
 
বিশ্বৰ আটাইতকৈ শুষ্ক আৰু কম বৰষুণ হোৱা অঞ্চলসমূহৰ অন্যতম ছাহাৰা মৰুভূমিত শেহতীয়াকৈ হৈছে প্রবল, ধাৰাসাৰ বৰষুণ। যাৰ ফলত মৰুভূমিত অভাৱনীয় বানৰ সৃষ্টি হৈছে। খেজুৰ, তাল আদি গছ আৰু বালিৰ স্তূপৰ মাজত দেখা গৈছে সৰোবৰসদৃশ জলভাগ। 
 
বিগত ৫০ বছৰ ধৰি শুকাই থকা ইৰিকুই নামৰ হ্ৰদটো বৰ্তমান পানীৰে উপচি পৰিছে। মৰক্কোৰ দক্ষিণ-পশ্চিমৰ এলেকাসমূহত সাধাৰণতে বৰষুণ নহয় যদিও এইবাৰ ছেপ্টেম্বৰত দুদিনতে মৰুভূমিত বান সৃষ্টি কৰিব পৰা বৃষ্টিপাত হয়। ফলত ছাহাৰা মৰুভূমিৰ বিস্তীর্ণ এলেকাত বানৰ সৃষ্টি হৈছে।
 
একেৰাহে ৬ বছৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱা মৰক্কোৰ বিভিন্ন স্থানত ছেপ্টেম্বৰৰ শেষৰফালে হোৱা বৰষুণত বহু অঞ্চলত শস্যৰো নষ্ট হৈছে। ছাহাৰাৰ কৃষিভূমি শেহতীয়া বানত নষ্ট হোৱাৰ লগতে মৰক্কো তথা আলজেৰিয়াত কমেও ২০ গৰাকী লোকে বানত প্রাণ হেৰুৱাইছে।