'তেজ দিম কিন্তু মাটি নিদিওঁ'; আমেৰিকাক সকীয়াই দিছে ইৰানে

Story by  atv | Posted by  [email protected] • 13 h ago
'তেজ দিম কিন্তু মাটি নিদিওঁ'; আমেৰিকাক সকীয়াই দিছে ইৰানে
'তেজ দিম কিন্তু মাটি নিদিওঁ'; আমেৰিকাক সকীয়াই দিছে ইৰানে
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যৰ যুদ্ধ শান্ত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ বিপৰীতে আৰু বৃদ্ধিহে পাব পাৰে। ইৰানৰ নেতাৰ নতুন বাৰ্তাৰ পিছত যেন এই আশংকা বাঢ়িছে। পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতে ইৰানে এতিয়া স্পষ্ট কৰি দিছে যে বৰ্তমান আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাৰ বাবে সাজু নহয়।
 
ভাৰতত ইৰানৰ সৰ্বোচ্চ নেতাৰ প্ৰতিনিধি আব্দুল মজিদ হাকিম ইলাহীয়ে শেহতীয়াকৈ কয় যে বৰ্তমানৰ পৰিস্থিতিত আলোচনাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই। যদি পৰিস্থিতি একেই থাকে তেন্তে ইৰান দীৰ্ঘম্যাদী যুদ্ধৰ সন্মুখীন হ’বলৈ সাজু।
 
এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ইলাহীয়ে কয় যে, “আজিও ইৰানৰ ৰাজপথত জনসাধাৰণৰ মাজত ক্ষোভ আৰু প্ৰতিৰোধ দেখা গৈছে। মানুহে মুকলিকৈ কৈছে যে তেওঁলোকে দেশখনক ৰক্ষা কৰিবলৈ যিকোনো ত্যাগ কৰিবলৈ সাজু। মানুহে কৈছে যে আমি তেজ দিবলৈ সাজু, কিন্তু তেওঁলোকে নিজৰ মাটি এৰি নিদিয়ে।”
 
এই সংঘাত কিমান দিনলৈ চলিব সেয়া ভৱিষ্যদ্বাণী কৰাটো কঠিন, কিন্তু ইৰানে শেষলৈকে যুঁজিবলৈ বদ্ধপৰিকৰ। এই যুদ্ধ বহু বছৰ ধৰি চলিলেও ইৰান সাজু। তেওঁ সোঁৱৰাই দিয়ে যে ইৰানে ইৰাকৰ সৈতে আঠ বছৰ যুদ্ধ কৰিছিল। গতিকে আমাৰ ডাঙৰ যুদ্ধ চলোৱাৰ অভিজ্ঞতা আছে।”
 
শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে তেহৰানে আলোচনা বিচাৰে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই দাবী কাৰ্যতঃ খাৰিজ কৰিলে ইলাহীয়ে। তেওঁ কয় যে ইৰান এই মুহূৰ্তত কোনো আলোচনাৰ প্ৰতি আগ্ৰহী নহয়, কাৰণ যুদ্ধ আৰম্ভ হৈছিল আমেৰিকাৰ পদক্ষেপৰ পিছত। গতিকে এই পৰিস্থিতিৰ বাবে আমেৰিকা দায়ী।
 
ইলাহীয়ে কয়, “আমি আমাৰ প্ৰতিপক্ষৰ ওচৰত শিৰণত নকৰো। ইৰান এনে এখন দেশ নহয় যিয়ে নিজৰ প্ৰতিপক্ষৰ চাপত নতি স্বীকাৰ কৰিব।”
 
তেওঁ কয়, “বৰ্তমানৰ সংকট কেৱল ইৰানতে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে। ইন্ধনৰ মূল্যৰ উঠা-নমা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা ইয়াৰ উদাহৰণ। এই সংঘাতে গেছ, পেট্ৰল আৰু তেলৰ যোগানতো প্ৰভাৱ পেলাইছে।”