ইৰানে নিয়মীয়াকৈ হৰমুজ প্ৰণালী খুলি নিদিলে তেলৰ সংকটত ভূগিব বিশ্ব

Story by  atv | Posted by  [email protected] • 1 h ago
হৰমুজ প্ৰণালী
হৰমুজ প্ৰণালী
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যৰ মহাযুদ্ধক লৈ  বিশ্বজুৰি তেলৰ সংকট চলি থকাৰ মাজতে এক উদ্বেগজনক খবৰ প্ৰকাশ পাইছে।ইৰাণে হৰমুজ প্ৰণালী খুললি নিদিলেই বিশ্বজুৰি হয়তো ইন্ধনকে ধৰি খাৰুৱা তেলৰ আকাশলংঘী মূল্যবৃদ্ধি হ’ব।আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মুৰব্বী ফাতিহ বিৰোলে বুধবাৰে এই আশংকা প্ৰকাশ কৰি কয় যে,ইৰাণে হৰমুজ প্ৰণালী অৱৰোধ কৰি ৰখাৰ বাবে এপ্ৰিল মাহত তেলৰ যোগান দুগুণব্যাঘাত হোৱাৰ সম্ভাৱনা আছে।আৰু ইয়াৰ প্ৰত্যক্ষ বিৰোপ প্ৰভাৱপৰিব ইউৰোপত। ফাতিহে কয় যে, “তেলৰ যোগান হ্ৰাস পোৱাৰ লগে লগে ইউৰোপে এতিয়া ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব।”
 
যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই কৈছিল যে ইৰাণ যুদ্ধই ইতিহাসৰ আটাইতকৈ বেছি তেল যোগানত বাধা দিছে । নাটনি আৰু বৃদ্ধি পোৱা মূল্যৰ সমাধানৰ বাবে তেওঁলোকে নিজৰ কৌশলগত মজুতৰ পৰা বহু পৰিমাণৰ তেল মুকলি কৰাৰ সিদ্ধান্ত লয়। কিন্তু বিৰোলে ফলপ্ৰসূভাৱে স্বীকাৰ কৰিছে যে এই লক্ষ্যত উপনীত হ’ব পৰা নাছিল। এপ্ৰিল মাহত তেলৰ  নাটনিৰ যি সমস্যা সেইয়া মাৰ্চৰ তুলনাত দুগুণ বেছি হ'ব, আৰু ইয়াৰ ফলত এল এন জিৰো যথেষ্ট ক্ষতি হ'ব। আজিৰ আটাইতকৈ জৰুৰী বিষয়টো হ'ল জেট ইন্ধন আৰু ডিজেলৰ নাটনি। ইতিমধ্যে এছিয়াই এই সমস্যাৰসাক্ষী হৈ আছে,  কিন্তু অতি সোনকালে, এপ্ৰিল বা মে' মাহত এই সমস্যা ইউৰোপতো দেখা দিব বুলি মন্তব্য কৰে ফাতিহ বিৰোলে।
 
জেট ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধিৰ বাবে এছিয়াত বিশেষকৈ বিমানৰ ভাৰা যথেষ্ট বৃদ্ধি পাইছে যাৰ বাবে সমস্যাত পৰিছে বিমান যাত্ৰীসকল।
 
আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মুৰব্বী জনে জনোৱা মতে, মহাযুদ্ধৰ বাবে এতিয়ালৈকে প্ৰায় দৈনিক তেলৰ যোগান ১ কোটি ২০ লাখ বেৰেল হ্ৰাস পাইছে। তেওঁ কোৱা মতে,  সমগ্ৰ মধ্যপ্ৰাচ্যত প্ৰায় ৪০টা তেল কূপ আৰু শোধনাগাৰ ক্ষতিগ্ৰস্ত হৈছে। ২৮ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা যুদ্ধৰ পিছতেই  ইৰাণে ২ মাৰ্চৰ পৰা হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখিছে।এই পথেৰেই বিশ্বৰ বহু ঠাইলৈ বৃহৎ পৰিমাণৰ তেলৰ ব্যৱসায় হয়।
 
হৰমুজ প্ৰণালী খুলি নিদিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তৈলক্ষেত্ৰ, খাৰ্গ দ্বীপ ধ্বংস কৰাৰ ভাবুকি দিছে যদিও তেহৰানে এই ভাবুকিৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। এই পৰিস্থিতিৰ মাজতে উপসাগৰীয় তেল ৰপ্তানিকাৰক কুৱেইট আৰু ইৰাকৰ  দৰে দেশসমূহে উৎপাদন হ্ৰাস কৰিছে, কিয়নো হৰমুজ প্ৰণালী পুনৰ মুকলি নকৰালৈকে তেওঁলোকৰ তেল জাহাজত পঠোৱাৰ কোনো উপায় নাই। আই ই এয়ে আশংকা কৰিছে যে, এই পৰিস্থিতিত দৰিদ্ৰ ৰাষ্ট্ৰসমূহে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব আৰু তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হ’ব, কিয়নো তেল আৰু প্ৰাকৃতিক গেছৰ  বাকী থকা যোগানৰ বাবে বিশ্বব্যাপী প্ৰতিযোগিতাত তেওঁলোক  পিছ পৰি থাকিব।
 
দক্ষিণ-পূব এছিয়াৰ বেছিভাগ দেশেই তেল আমদানি কৰে হৰমুজ প্ৰণালীৰে, যাৰ বাবে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত তেলৰ মূল্যৰ তীব্ৰ বৃদ্ধিৰ সন্মুখীন হ’বলগীয়া হৈছে এই দেশসমূহে।