নুশুনিলে হ’ব মহাবিপৰ্যয়; হৰমুজক লৈ পুনৰ ইৰানক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

Story by  atv | Posted by  [email protected] • 11 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
আমেৰিকা আৰু ইৰান যুদ্ধৰ ৩৬ দিন অতিক্ৰম কৰিলে যদিও কোনো পক্ষই পিছুৱাই যাবলৈ সাজু নহয়। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি ইৰানে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। তেওঁ ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি লিখিছে যে সময় শেষ হৈ গৈ আছে। আমেৰিকাই ইৰানক চুক্তিত উপনীত হ’বলৈ আৰু হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে।
 
ট্ৰাম্পে কয়, “মনত আছেনে যেতিয়া মই ইৰাণক চুক্তিত উপনীত হ’বলৈ বা হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো ?  সময় শেষ হৈ গৈ আছে। ৪৮ ঘণ্টাৰ পিছত আমেৰিকাই তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ।” ২৬ মাৰ্চত ট্ৰাম্পে আমেৰিকা আৰু ইৰানৰ মাজত হোৱা চুক্তিৰ সময়সীমা বৃদ্ধি কৰা বুলি দাবী কৰিছিল। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱাত আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি নলয়। কিন্তু ইৰাণে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱক একপক্ষীয় আৰু অন্যায় বুলি অভিহিত কৰি নাকচ কৰে।
 
ট্ৰাম্পে কয় যে ইৰানে নিজৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণৰ ক্ষেত্ৰত সাত দিনৰ বাবে স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল যদিও তেওঁ এই সময়সীমা ১০ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়, যিটো ৬ এপ্ৰিলত শেষ হ’ব। ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে তেহৰাণৰ বিষয়াসকলে তেওঁৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি কূটনৈতিক আলোচনাৰ অংশ হিচাপে অধিক সময়ৰ অনুৰোধ জনাইছে । ট্ৰাম্পে কয়, “তেওঁলোকে মোক অতি ভদ্ৰভাৱে মোৰ মানুহৰ জৰিয়তে সুধিছিল, ‘আমি অলপ বেছি সময় পাব পাৰোনে ? যদি তেওঁলোকে মোৰ কথা নুশুনে, তেন্তে মই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰি দিম।’
 
ট্ৰাম্পে বাৰে বাৰে হৰমুজ প্ৰণালী সন্দৰ্ভত নিজৰ বক্তব্য সলনি কৰি আহিছে। শনিবাৰে দহ দিনৰ সময়সীমাৰ পূৰ্বে ট্ৰাম্পে বিদ্যুৎ কেন্দ্ৰটো ৪৮ ঘণ্টাৰ ভিতৰত আক্ৰমণ কৰাৰ হুংকাৰ দিয়ে। ইয়াৰ পিছত তেওঁ এই সময়সীমা আৰু দহ দিন বৃদ্ধি কৰে আৰু ইয়াৰ মাজতে নাটোক লক্ষ্য কৰি আন এক বিবৃতি প্ৰকাশ কৰি কয় যে হৰমুজ মুকলি কৰাৰ দায়িত্ব এতিয়া তেওঁলোকৰ ওপৰত। তেওঁ লগতে কয় যে এই পথৰ পৰা আমেৰিকাক তেলৰ প্ৰয়োজন নাই আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে এই দায়িত্ব বহন কৰিব লাগে।